কিমান হাৰত নিষ্ঠাবান হ’লে একোজন ব্যক্তিয়ে ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ এটি সামগ্ৰীৰ সৈতে নিজ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে বাৰু? আমাৰ বাবে ইয়াক ভাবিবলৈও হয়টো অকণমান সময়ৰ প্ৰয়োজন হ’ব কিন্তু এই বিষয়টোক সফলকাম কৰি চৰ্চা লাভ কৰিছে একাংশ নৱপ্ৰজন্মৰ প্ৰতিভাই। বিনীতা ডেকা; নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান শিল্পী। যিগৰাকীৰ চচিয়েল মিডিয়া প্ৰত্যক্ষ কৰিলেই আপুনি দেখিবলৈ পাব এনে কিছু চিত্ৰ যিয়ে আপোনাক অকণমান সময়ৰ বাবে হ’লেও চকু থৰ খোৱাবলৈ সক্ষম হ’ব। তেওঁ লতা মংগেশকাৰ, অংগৰাগ পাপন মহন্তকে আৰম্ভ কৰি আন বহুকেইগৰাকী জনপ্ৰিয় তথা খ্যাতনামা তাৰকাক লৈ সামান্য কেপচুল এটাত তেওঁলোকৰ প্ৰতিচ্ছবি অংকন কৰিছে। তেওঁৰ এই প্ৰতিভাক শেহতীয়াকৈ সমাদৰো জনাইছে বহু জনসাধাৰণে; বিনীতাই কেপচুল বুলিয়ে নহয় তেওঁৰ চিত্ৰ অংকনৰ প্ৰতিভাক সকলো দিশেৰেই জনসাধাৰণৰ মাজলৈ উলিয়াই লৈ আনিছে। অসম তথা একোগৰাকী অসমীয়া প্ৰতিটো দিশতেই আগৰণুৱা; সেয়া মনোৰঞ্জনেই হওঁক অথবা অইন কোনো দিশতেই হওঁক। এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা। তেওঁৰ ফালৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁৰ আৰম্ভণি তথা লক্ষ্য আৰু উদ্দেশ্যসমূহক লৈ।


আৰ্ট কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “চিত্রকলাৰ প্ৰতি মোৰ সৰুৰে পৰাই এক বিশেষ ধৰণৰ নিচা আছে। যেতিয়াৰ পৰাই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ ঠিক তেতিয়াৰ পৰাই ছবি আঁকি আহিছোঁ।” এগৰাকী নৱপ্ৰজন্মই চিত্ৰশিল্পক আঁকোৱালি ল’বলৈ কিমান দৃঢ় হোৱাটো জৰুৰী বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “চিত্রকলা হয়তো কাৰোবাৰ বাবে নিচা নতুবা আন একাংশৰ বাবে ই পেচা। চিত্রকলাক জীয়াই ৰাখিবলৈ প্ৰথমে সেই কলাক ভাল পাব লাগিব। প্ৰত্যেকটো শিল্পৰ লগত সাধনা এৰাব নোৱাৰাকৈ বান্ধ খাই থাকে। গতিকে, মই এগৰাকী নৱ প্ৰজন্ম হিচাপে এই কলাক সন্মান জনাই অনাগত দিনত এই শিল্পটিক জীয়াই ৰাখিবলৈ আন চিত্রপ্ৰেমী সকলকো অনুৰোধ জনাইছোঁ।” বিনীতা ডেকাৰ পৰা তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মানুহে যিকোনো কাম যেতিয়া অন্তৰৰ পৰা কৰে, তেতিয়া সেই কামটোৰ প্ৰতি আন দহজন ব্যক্তিও অনুপ্ৰাণিত হয়। শিল্প এটাক জীয়াই ৰাখিবলৈ সেই শিল্পটিৰ প্ৰতি মানুহৰ নিচা আৰু সন্মান সমানভাৱে থাকিব লাগিব আৰু তাৰ পিছত পৰিশ্ৰমৰ যোগেদি আৰু অলপমান গভীৰলৈ সোমাই যাব পাৰিব লাগিব। চিত্রকলা যিহেতু মোৰ বাবে এক নিচা গতিকে সাধনাৰ জৰিয়তে এই শিল্পক আগবঢ়াই লৈ যাবলৈ মই চেষ্টা কৰিম। ভৱিষ্যৎ প্ৰজন্মকো চিত্রকলাৰ প্ৰতি অাকৰ্ষিত কৰি এই কলাক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিম।”

বিনীতা ডেকাৰ দৃঢ়তা আৰু কৰ্মনিষ্ঠাই শেহতীয়াকৈ সকলোকে তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছে। আহিবলগীয়া সময়ত তেওঁ আৰু কেনেধৰণৰ সামগ্ৰীক লৈ নিজ পৰিকল্পনা অব্যাহত ৰাখি সেয়াহে হৈছে উল্লেখনীয়। তেওঁৰ এই প্ৰকল্পসমূহক লৈ জনাইছো অশেষ শুভকামনা।
Add comment