Rupaliparda.com
দিলীপ কুমাৰৰ মৃত্যত শোকাহত ভগ্নী লতা মংগেশকাৰঃ 1

দিলীপ কুমাৰৰ মৃত্যত শোকাহত ভগ্নী লতা মংগেশকাৰঃ

ভাৰতীয় ছবি জগতৰ মহীৰূহ অভিনেতা দিলীপ কুমাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতেই চাৰিওফালে শোকৰ বন্যা বৈছে। তেওঁৰ স্মৃতি ৰোমন্থনৰ দ্বাৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ছবি জগতৰ প্ৰায় প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। শেহতীয়াকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগীত জগতৰ কুকীল কণ্ঠী গায়িকা লতা মংগেশকাৰে। দিলীপ কুমাৰক মনত পেলাই আৱেগিক হৈ পৰে কণ্ঠশিল্পী গৰাকী। তেওঁ অভিনেতা দিলীপ কুমাৰ ভাতৃজ্ঞান কৰি ৰাখী বান্ধিছিল; দিলীপ কুমাৰৰ কেইবাখনো ছবিৰ নায়িকাক কণ্ঠ দিছিল লতা মংগেশকাৰে। তেওঁ টুইট যোগে কয় যে, “য়ুসূফ ভাই নিজৰ সৰু ভগ্নীক এৰি আঁতৰি গ’ল। তেওঁ কি গ’ল, এটা যুগৰ অন্ত হৈ পৰিল। মই একো ভাবিব পৰা নাই। মই দুঃখিত। মই কি ক’ম ভাবিব পৰা নাই। বহু কথা, বহু স্মৃতি তেওঁ আমাক দি এৰি গ’ল।” দিলীপ কুমাৰৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ৷ বুধবাৰে পুৱা ৭.৩০ বজাত মুম্বাইৰ হস্পিটেলত তেওঁৰ ইহলীলা সম্বৰণ কৰে। শ্বাসজনিত কাৰণত হাস্পাতালত ভর্তি হৈ আছিল তেওঁ। বুধবাৰে অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। টুইটাৰত শোক বার্তাত মোদীয়ে লিখে যে, ‘দিলীপ কুমাৰ জীৰ অসামান্য প্রতিভাৰ অধিকাৰী আছিল। তেওঁৰ কামে বহু প্রজন্মক উৎসাহিত কৰিছে। তেওঁক এজন চিনেমেটিক কিংবদন্তি হিচাবে স্মৰণ কৰিব দেশে। তেওঁৰ প্ৰস্থানত আমাৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি হ’ল। তেওঁৰ পৰিয়াল, পৰিজন আৰু অনুৰাগী সকলৰ প্রতি মোৰ সমবেদনা জনালো।’

উল্লেখ্য, দীর্ঘ দিন ধৰি বয়সজনিত অসুস্থতাত ভুগি আছিল দিলীপ কুমাৰ। মুম্বাইৰ হিন্দুজা হস্পিটেলৰ আইচিইউত ভর্তি হৈ আছিল তেওঁ। যোৱা ৩০ জুনত তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। মৃত্যুৰ সময়ত তেওঁৰ কাষত আছিল পত্নী চায়েৰা বানু।
ছয়টা দশকৰ অভিনয় জীৱন দিলীপ কুমাৰৰ। বলিউডত তেওঁ পৰিচিত আছিল ‘ট্ৰেজেডি কিং’ নামেৰে। ৬৫খনৰো অধিক ছবিত তেওঁ অভিনয় কৰিছে। তেওঁৰ অভিনীত আইকনিক ছবিবোৰৰ ভিতৰত উল্লেখযোগ্য ‘দেৱদাস’, ‘নয়া দৌৰ’, ‘মোগল-এ-আজম’, ‘গঙ্গা যমুনা’, ‘ক্রান্তি’ আৰু ‘কর্মা’। তেওঁক শেষবাৰ পর্দাত দেখা গৈছিল ১৯৯৮ চনত ‘কিলা’ ছবিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform