Rupaliparda.com
সংগীত মহাৰথী পঞ্চম দাৰ ৮০সংখ্যক উপজা দিন 1

সংগীত মহাৰথী পঞ্চম দাৰ ৮০সংখ্যক উপজা দিন

সমগ্ৰ বিশ্বৰ সংগীতক্ষেত্ৰত বৰ্তমানেও জিকমিকাই থকা নক্ষত্ৰ আৰ.ডি.বৰ্মন ওৰফে পঞ্চম দাৰ আজি ৮০সংখ্যক জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা এইজনা বিখ্যাত সংগীত শিল্পীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো।

সংগীত মহাৰথী পঞ্চম দাৰ ৮০সংখ্যক উপজা দিন 2


১৯৩৯ চনৰ ২৭ জুনত ব্ৰিটিছ শাষিত কেলকেটা (বৰ্তমানৰ কলকাতা) ত জন্মগ্ৰহণ কৰা আৰ.ডি.বৰ্মনে সৰুৰ পৰাই লাভ কৰিছিল এক সংগীতমুখৰ পৰিৱেশ। ফলত তেওঁ ৯ বছৰ বয়সতে প্ৰস্তুত কৰি উলিয়াইছিল “য়ে মেৰী টপী পলট কে আ” শীৰ্ষক গীতটি ; যিটো গীত তেওঁৰ পিতৃয়ে ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ছবি “ফাণ্টুস” ত প্ৰয়োগ কৰে। ইয়াৰ উপৰিও, তেওঁ সৰুতেই “চৰ য’ তেৰা চকৰায়ে য়া দিল ডুবা যায়ে” গীতটিৰ “টিউন” প্ৰস্তুত কৰিছিল; যাক দৰ্শকে “প্যাসা” চিনেমাখনত দেখিবলৈ পাইছিল।
ভাৰতীয় সংগীতক বিশ্ব দৰবাৰত থিয় কৰোৱাত পঞ্চম দাৰ নাম অন্যতম। তিনিটা দশক জুৰি হিন্দী চিনেমাত নিজ ৰাজত্ব চলোৱা লগতে প্ৰায় ৩৩১ খন চিনেমা নিজ গীতেৰে সুন্দৰ কৰি তুলিছিল পঞ্চম দাই।

সংগীত মহাৰথী পঞ্চম দাৰ ৮০সংখ্যক উপজা দিন 3


ওস্তাদ আলি আকবৰ খান তথা আশিষ খানৰ পৰা সংগীত বিষয়ে জ্ঞান লাভ কৰা পঞ্চম দাই জনসাধাৰণক সংগীতৰ ন-ন সুৰৰ সোৱাদ দিছিল। উল্লেখ্য যে, শৈশৱত আৰ.ডি বৰ্মনে কান্দিলে; তেওঁৰ কান্দোন শাস্ত্ৰীয় সংগীতৰ পাঁচটা স্বৰগম “প” সদৃশ প্ৰতি প্ৰতিফলিত হৈছিল আৰু সেইবাবেই আইতাকে তেওঁৰ নাম “পঞ্চম” দিছিল।
১৯৮৮ চনত মৃত্যুক সাৱতি লোৱা পঞ্চম দাই হাস্পাতালৰ বিচনাত শুইয়ে সৃষ্ট কৰি পেলাইছিল সংগীতৰ কেইবাটাও সুৰ। যাক পিছলৈ বহুকেইখন ছবি দৰ্শকে উপভোগ কৰিছিল। মৃত্যুৰ শেষ ক্ষণটোলৈ সংগীতক শ্ৰদ্ধা কৰা এইজনা মহান সংগীত শিল্পীক জন্মদিনৰ অশেষ শুভকামনা।

Image Source: HuffPost India The Better India rdfaan.blogspot.com

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.