ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত চিনেমা “ছিৰাজে” তাহানিৰ দিনৰ পৰা বৰ্তমান পৰ্যন্ত দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে। ৰমন.বি.মেহতাৰ দ্বাৰা প্ৰযোজিত চিনেমাখনৰ গীতত বলীউড অথবা সমগ্ৰ বিশ্বতে জনপ্ৰিয় লতা মংগেশকাৰে নিজ কণ্ঠ নিগৰাইছিল। উক্ত চিনেমাখনৰ “ব্লেক এন ৱাইট” সংস্কৰণ ১৯৪৮ চনতে মুক্তি পাইছিল যাক পৰিচালনা কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফনি শর্মাই।

“ছিৰাজ” ত এটা নিষ্পাপ প্ৰেমকাহিনীৰ দ্বাৰা তথাকথিত সমাজব্যৱস্থাৰ নিৰ্দয়তাৰ প্ৰকাশ কৰা হৈছে। সমাজখনে প্ৰত্যেকটো সময়তে কৰা জাতিভেদ নাইবা উচ্চ-নীচৰ সমীকৰণে প্ৰেমৰ নিষ্ঠুৰ অৱসান ঘটোৱা দেখুওৱা হৈছে চিনেমাখনত। “ছিৰাজ” ত “সাৱিত্ৰী” ৰ চৰিত্ৰটোৱে নিজ প্ৰেমক শ্ৰদ্ধা-ভক্তি কৰি অৱশেষত যেনেদৰে বিদায় ল’বলগীয়া হ’ল; তাতেই প্ৰতিফলিত কৰা হৈছে সমাজৰ কঠোৰতম নিয়মক। অৱশ্যে চিনেমাখনৰ শেষভাগ ঋণাত্মক নাছিল; সমাজ লগতে দৰ্শকক এটা ধনাত্মক বাৰ্তা প্ৰদান কৰিছিল।

“ছিৰাজ” ৰ প্ৰত্যেকটা চৰিত্ৰত অভিনীত অভিনেতা অভিনেত্ৰীৰ অভিনয় নিঁপুণ। নিপন গোস্বামীকে আদি কৰি মৃদুলা বৰুৱা, পূৰৱী শৰ্মা আৰু ৰূপক বৰুৱাৰ অভিনয়ে চৰিত্ৰকেইটি আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে।
পুৰণি দিনৰ কলকতাৰ এক সুন্দৰ দৃশ্য চিনেমাখনত উপস্থাপন কৰা হৈছে। তেতিয়াৰ দিনত উচ্চ শিক্ষাৰ বাবে একমাত্ৰ উপযোগী ঠাই কলকাতা যে আছিল তাকো দেখুওৱা হৈছে চিনেমাখনত।
এক কথাত ক’বলৈ,সেই সময়ত এনে বিষয়বস্তুৰে মুক্তিপ্ৰাপ্ত চিনেমাখন দৰ্শকৰ বাবে উপভোগ্য।
Image Source: Saavn Box Office Assam Hungama
Add comment