অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ।
শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…” (কণ্ঠ: মালবিকা বৰা, কথা: হীৰেন গোস্বামী), “শদিয়াত ঢুলীয়াই ঢোলত চাপৰ মাৰি ধুবুৰী ৰজন জনাই…” (কণ্ঠ: মনোৰঞ্জন গগৈ, কথা: তফজ্জুল আলি), “কণ্ঠ নিগৰি নিগৰি বোৱালা কতনো সুৰৰে ধাৰ…” (কণ্ঠ: জুবিন গাৰ্গ, কথা: জ্যোতিৰ্ময় কলিতা)। আৰু ভালে মান “সুৰ” আছে।
২০০২ -ত চিত্ৰগৃহলৈ আহিছিল “প্ৰেম ভৰা চকুলো”। প্ৰবীন বৰাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা। সংগীত: অৱনী-ভবেন। এই যুটীৰ শ্ৰব্য সংকলন (শ্ৰব্য গ্ৰামোফোন ৰেকৰ্ড, কেচেট, চিডি)– “নিৰিবিলি জোনাক ৰাতি” “চিনাকি সুহুৰী, “ঢুলীয়া নাচনী”, “মহানগৰী”,”হিটচ অফ অৱনী- ভবেন” “নাচনী”, “মনে মনে মৰমেৰে”, “মনালিচা” আদি। এই যুটীৰ অৱনী– অৱনী ৰঞ্জন পাঠক।
অৱনী ৰঞ্জন পাঠকৰ এটি সাংগীতিক চিনে খোজ– এনিমেটেড চিনেমা “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” (পৰিচালনা: ডালিম পাঠক)। সংগীত পৰিচালনাৰ লগতে চিনেকৰ্মটো ব্যস্ত হয়। লিখে, পৰিচালনা কৰে দুখন তথ্যচিত্ৰ– “ফাগুনৰ ৰং” (বিষয়:বৰপেটাৰ হোলী উৎসৱ), “জাপি”। আৰু এখোজ– লিখে, পৰিচালনা কৰে চিনেমা (feature cinema) — “অন্তিম নিৰ্ণয়”। কুশান চৌধুৰীৰ প্ৰযোজনা। প্ৰযোজক গৰাকীয়ে অৱনী ৰঞ্জন পাঠকৰ পৰিচালনাৰে আৰু এখন চিনেমা নিৰ্মাণ কৰিব। ঘোষণা কৰা চিনেমা খনৰ নাম– “নীলা চাদৰ”। যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে নতুন চিনেমা খনৰ নাম ঘোষণা কৰাৰ পাছতে প্ৰদৰ্শন কৰে “অন্তিম নিৰ্ণয়”।
–আহিছোঁ চিনেমা খনলৈ। বিষয়বস্তু দুৰ্বল নাছিল। কাহিনীৰ গতিত দুটি কিশোৰ পৰ্দালৈ আহে। পঢ়া-শুনাত মন দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে। টকা উপাৰ্জনৰ সপোন দেখে, বাট বিছাৰে। আৰু এদিন বাট বিছাৰি পায়– ড্ৰাগছৰ ব্যৱসায় কৰি টকা উপাৰ্জনৰ বাট। বাটত পিছল খালে, দুই কিশোৰ পুলিছৰ চকুত পৰে, কাৰাগাৰত বন্দী হয়। ড্ৰাগছ কি বুজি নোপোৱা সৰল মনৰ দুই কিশোৰক কাৰাগাৰৰ পৰা মুকলি কৰি আনি বিদ্যালয়ৰ বাট দেখুৱাই এন জি অ’ এটাৰ কৰ্মীয়ে।
–চিনেমা খনৰ “নায়িকা” এজিঅ’ কৰ্মী। (ৰং-তুলিকাৰে দুই কিশোৰক কেনভাচত আকাৰ দিয়ে “নায়িকা”ই। দুই কিশোৰ বিন্দু আৰু “নায়িকা” বিন্দুৰ সংযোগ স্থাপন কৰে। পৰিচালকৰ চিন্তা ইমানলৈ পৰিপাটি আছিল। কিন্তু দুই বিন্দুক সৰল ৰৈখিক গতি দিয়াত ব্যৰ্থ। আমাৰ মনলৈ অহা ধাৰণা– গল্প লেখকৰ লগত যেন কৰোবাত সম্পৰ্ক স্থাপনত ব্যৰ্থ চিত্ৰনাটকাৰ-পৰিচালক। কাহিনীকাৰৰ ‘অনুভৱ’ যেন কেমেৰাত বন্দি কৰাত ব্যৰ্থ। কেমেৰাৰ ভাষা প্ৰয়োগেৰে কাহিনীক গতি দিয়েৰ ধেৰ সুযোগ আছিল।) পৰিচালক-লেখকে “নায়িকা” গৰাকীক লৈ এটা প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে, গুঠিছে। গুঠিছে এটা আৰ্থিক হেচাত জীৱন পাৰ কৰা পৰিয়ালৰ কাহিনী। সংযোগ কৰিছে কেইবাটাও “চৰিত্ৰ”। এনে চৰিত্ৰও গুঠিছে, যি কেইটা চৰিত্ৰ কাহিনীৰ গতিত সমস্যা হৈছে।
চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত আমাৰ অনুভৱ– লেখক ৰেডিঅ’ নাটকৰ ওচৰত থাকিল, পৰিচালক “চিনেমা”ৰ আঁতৰত থাকিল। (লেখক-পৰিচালক গৰাকীৰ আন এক পৰিচয়– অল ইণ্ডিয়া ৰেডিঅ’ৰ বিষয়া। হয়তো চিত্ৰনাট্য, সংলাপ ৰচনাৰ সময়ত ৰেডিঅ’ৰ নাটকৰ শৈলীৰ মাজৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে।) কেমেৰাৰ ভাষা প্ৰয়োগ, সংলাপ, চৰিত্ৰ নিৰ্মাণত পৰিচালক-লেখকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল।
আমি নিশ্চয় আশা কৰিব পাৰোঁ– “নীলা চাদৰ”ত পৰিপাটি চিনেসুখ অনুভৱৰ সুযোগ দিব পৰিচালক অৱনী ৰঞ্জন পাঠকে।
আমি এনেদৰেও আশাৰ বাট দেখিছোঁ– অৱনী ৰঞ্জন পাঠক মূলত সংগীতৰ মানুহ। গতিকে “নীলা চাদৰ” মাজত অনুভৱৰ সুযোগ দিব নিৰ্মল সাংগীতিক চিনেচিন্তাৰ।
Add comment