Rupaliparda.com
ইতি তোমাৰ: ২৯ মাৰ্চত --উৎপল মেনা 1

ইতি তোমাৰ: ২৯ মাৰ্চত –উৎপল মেনা

“ইতি তোমাৰ” –চুই যোৱা নাম। এখন অসমীয়া চিনেমাৰ। নতুন চিনেমা। নতুন পৰিচালক। নতুন চিনেচিন্তাৰ ইংগিত। পৰিচালক: পাৰ্ভেজ আহমেদ। ৰেড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্তৰ বেনাৰত নিৰ্মাণৰত চিনেমা খনৰ কাৰ্য্যবাহী প্ৰযোজক অনুপম হাজৰিকা। চিত্ৰগৃহলৈ আহিব অহা ২৯ মাৰ্চত।

ইতি তোমাৰ: ২৯ মাৰ্চত --উৎপল মেনা 2–চিনেমা কেন্দ্ৰীক এটা লেখাত পঢ়িছিলোঁ– “soft romantic…”।
লেখাটোত নাম উল্লেখ কৰা চিনেমা কেইখন মান চাইছিলোঁ। “শব্দ” (পৰিচালক: লীনা যাদব), “কৰিব” (পৰিচালক: বিধু বিনোদ চোপ্ৰা) “ইন দ্য মুড ফৰ লাভ” (পৰিচালক: ৱং কাৰ-ৱাই / “In the Mood for Love”, Directed by Wong Kar-wai), “টাইটানিক” (পৰিচালক: জেমছ কেমেৰন/ “Titanic”,
Directed by James Cameron)।
–কিয় জানো, “soft romantic…” বুলিলে মোৰ মনলৈ উল্লেখ কৰা চিনেমা কেইখনৰ কেইটামান ছিকুৱেন্সহে মনলৈ আহে।
–চিনেমা কেন্দ্ৰীক লেখাটোত পোৱা আন এক বাক্য, অসমীয়াত এনেদৰে লিখিব পাৰি, “কেমেৰত কবিতাৰ ছন্দ”। এই বাক্যটোৰ পাছত লিখা চিনেমাৰ নাম– “শব্দ”, ঐশ্বৰ্য ৰায়-সঞ্জয় দত্তক ফ্ৰেমত লৈ নিৰ্মাণ কৰা কেইটামান ছিকুৱেন্স।
–চিনেমা কেইখনৰ সৈতে “ইতি তোমাৰ”ৰ দূৰ দূৰলৈ সম্পৰ্ক নাই।

ইতি তোমাৰ: ২৯ মাৰ্চত --উৎপল মেনা 3— এনে লাগে, “ইতি তোমাৰ” যেন পৰ্দালৈ আহিব “soft romantic…” হৈ, “কেমেৰত কবিতাৰ ছন্দ”হৈ!
কাৰ্য্যবাহী প্ৰযোজক অনুপম হাজৰিকাৰ পৰা জানিলোঁ– “দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জন্ম গ্ৰহণ কৰা এটা শিশুৱে নিজৰ পৰিয়ালক হেৰুৱাই কেনেদৰে জীৱন সংগ্ৰাম অব্যাহত ৰাখি আমেৰিকাত প্ৰতিস্থিত হৈছিল আৰু শেষত শৈশৱৰ স্মৃতি ৰোমন্থন কৰি ,কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ ঘূৰি অহাৰ এটা দীঘলীয়া পৰিক্ৰমা চিনেমা খনৰ মূল কাহিনী।” মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুন নাথক লৈ। ৰূপালী গল্পটোৰ মূল প্ৰটাগণিষ্ট। গুৱাহাটী খনৰ পৰিবৰ্তন দেখি আবেগিক হ’ব। কাহিনীৰ গতিত যৌৱনৰ প্ৰেমাস্পদৰ সন্ধানো আহিব যেন লাগে!
–অৰুন নাথৰ লগতে চিনেমা খনত অভিনয় কৰিব মলয়া গোস্বামী, অনুপম কৌশিক, লিপিকা বৰা মেধি, দৰথী ভৰদ্বাজ, মণীষা হাজৰিকা আদিয়ে।

ইতি তোমাৰ: ২৯ মাৰ্চত --উৎপল মেনা 4–এই খিনিতে এটা তথ্য: মণিষা হাজৰিকাই ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত “লটিঘটি”ত অভিনয় কৰিছিল। চিনেমা গীত “জীৱনটো যদি অভিনয় হয়…” জয়ন্ত হাজৰিকা আৰু মণিষা হাজৰিকাক (সেই সময়ৰ সেনগুপ্তা) লৈ চিত্ৰায়ণ কৰা হৈছিল।
–অৰুন নাথৰ লগতে মলয়া গোস্বামীক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটা “ভাল লগা” হ’ব পাৰে। তেনেদৰে অনুপম, দৰথীক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটা ৰূপালী গল্পটোৰ সৌন্দৰ্য হ’ব বুলি আশা কৰাৰ বুনিয়াদ আছে।
–অভিনয় সৌন্দৰ্যৰ লগতে চিনে সৌন্দৰ্য অনুভৱৰ অপেক্ষাত, ২৯ মাৰ্চলৈ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform