বস্ক অফিচত আজি পৰ্যন্ত ৯৩ কোটি অৰ্জনেৰে সফলতা অৰ্জন কৰা “কবীৰ সিং” -এ অতিশীঘ্ৰেই পাৰ কৰিব ১০০ কোটিৰ দেওঁনা। চলিত মাহৰ ২১ জুনত মুক্তিপ্ৰাপ্ত “কবীৰ সিঙে” নন-হলীডেত ছবিগৃহলৈ আহিও লাভ কৰিবলৈ সক্ষম হয় ২০কোটি টকা। কিছু সংখ্যক লোকৰ ঋণাত্মক সমালোচনাইও যেন প্ৰভাৱ পেলাব নোৱাৰিলে দৰ্শকৰ ওপৰত।

ছাহিদ কাপুৰৰ নিঁখুট অভিনয়ৰ অনুৰাগী হৈ পৰা দৰ্শকৰ বাবে “কবীৰ সিং” আছিল এখন ব্লকব্লাষ্টাৰ মুভি। ২০১৭ চনত মুক্তিপ্ৰাপ্ত তামিল ছবি “অৰ্জুন ৰেড্ডী” ৰ ৰিমেক “কবীৰ সিঙ” নন-হলীডেত মুক্তিলাভ কৰাৰ উপৰিও এটা ব্যস্ত দিন ৰূপে পৰিগণিত সোমবাৰেও লাভ কৰিছিল এক বৃহৎ পৰিমাণ ধন; যিটো আছিল ১৭ কোটি টকা। উল্লেখ্য যে, কিছুদিন পূৰ্বে ছলমান খান অভিনীত “ভাৰতে” লাভ কৰা ধনতকৈও কবীৰ সিঙৰ আছিল বেছি।
Image Source: The Indian Express Hindi Rush
Add comment