অসমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলোৱা ৰীমা দাসলৈ অসম চলচিত্ৰ বিত্ত নিগমৰ দ্বাৰা ৫০ লাখ টকাৰ ৰাজ সাহাৰ্য্য। তেওঁৰ আহিবলগীয়া নতুন ছবি “পূৰ্ণা চন্দ্ৰা” ক লৈ চৰকাৰে আগবঢ়োৱা
উক্ত সাহাৰ্য্যটোৰ পৰা তেওঁৰ প্ৰয়োজনত ব্যৱহৃত টকাৰ বাদে থকা উপৰঞ্চিখিনি আকৌ চৰকাৰক ঘূৰাই দিব লাগিব। এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই।
অসমত নিৰ্মিত চুটি ছবি অথবা এনিমেছন ছবিৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে ১০০ কোটি টকা। চুটি ছবিৰ সময় অনুযায়ী ৰাজ সাহায্য দিয়া হ’ব ৫ লাখৰ পৰা ২৫ লাখ টকালৈ লগতে পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ বাবে মোকলাই দিয়া হৈছে প্ৰায় ২৫ লাখ টকা।
ইয়াৰ উপৰিও, ৰাজ্যত বৰ্তমানেও বন্ধ হৈ থকা চিত্ৰগৃহ সমূহ মুকলিৰ বাবেও চৰকাৰে সাহায্য আগবঢ়ায়।
Image Source: Social News XYZ
Add comment