Rupaliparda.com
Remembering Zubeen Garg

মঞ্চতে জুবিনে দলিয়ালে গামোছা

বহিঃৰাজ্যৰ পৰা অামদানিকৃত গামোচাক লৈ ক্ষুদ্ধ জুবিন গাৰ্গ। মঞ্চতে জুবিনে দলিয়াই দিলে তেওঁক সম্বোধন কৰা গামোচা। পলাশবাৰীস্থিত ঝাৰোবড়ীত অনুস্থিত এখন বিহু ফাঞ্চনত জাতীয় স্বাৰ্থত সৰৱ হৈ পৰিল জুবিন।

মঞ্চতে জুবিনে দলিয়ালে গামোছা 1


যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আকৌ এবাৰ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। বিহু মঞ্চতে দক্ষিণ-ভাৰতৰ পৰা অহা গামোচা দলিয়াই দি বাহিৰৰ পৰা অহা গামোচাক কোনোপধ্যেই গ্ৰহণ নকৰো বুলি হুংকাৰ দিয়ে শিল্পী গৰাকীয়ে। অসমৰ শিপিনীতকৈ ভাল গামোছা অইন দেশে কেনেকৈ বনাব পাৰে বুলি মঞ্চতে প্ৰশ্ন কৰে জুবিন গাৰ্গে। শিল্পীগৰাকী স্ব-জাতিক লৈ এনেদৰে বিভিন্ন সময়ত সৰৱ হৈ পৰা দেখা যায়। জুবিনৰ এনে পদক্ষেপে ভৱিষ্যতলৈ অসমীয়া শিপিনীক কেনেদৰে লাভান্বিত সেয়া হ’ব লক্ষণীয়।

Image Source: zeenews.india.com Time8

Add comment

Leave a Reply

Most popular