Rupaliparda.com
বাতিল কৰা প্ৰাঞ্জনাৰ চুক্তিপত্ৰঃ ভ্ৰাম্যমাণত ছিণ্ডিকেটৰাজ 1

বাতিল কৰা প্ৰাঞ্জনাৰ চুক্তিপত্ৰঃ ভ্ৰাম্যমাণত ছিণ্ডিকেটৰাজ

কেউদিশে থিয়েটাৰ প্ৰস্তুতিৰ বাবে হৈ-চৈ। থিয়েটাৰ এখন মঞ্চস্থ কৰাৰ স্বাৰ্থত নাট্যকাৰ-প্ৰযোজকৰে আদি কৰি থিয়েটাৰৰ সৈতে জড়িত কলা-কুশলী ব্যস্ত হৈ পৰিছে আখৰাত। তেনে সময়তে ভ্ৰাম্যমাণ থিয়েটাৰত চলিছে চূড়ান্ত ছিণ্ডিকেটৰাজ। নাট্যকাৰ-প্ৰযোজকৰ মইমতালিৰ বাবে নাটক নহয় এইবাৰ বাস্তৱ জীৱনত উচুপি পৰিছে এগৰাকী শিল্পী; প্ৰাঞ্জনা দত্ত। হঠাতে তেওঁক বঞ্চিত কৰা হ’ল বৰদৈছিলা থিয়েটাৰৰ পৰা। বাতিল কৰা হ’ল ২০১৯-২০ চনৰ তেওঁৰ চুক্তি পত্ৰ। কিন্তু কিয়??

বাতিল কৰা প্ৰাঞ্জনাৰ চুক্তিপত্ৰঃ ভ্ৰাম্যমাণত ছিণ্ডিকেটৰাজ 2


এজন তথাকথিত নাট্যকাৰৰ বলি হ’ল অভিনেত্ৰীগৰাকী। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ এইবৰ্ষৰ নাটক “মহীয়সীৰ” সৈতে প্ৰায় ২৯ টা দৃশ্যৰ সাদৃশ্য আছে বিগত বৰ্ষতেই প্ৰাঞ্জনা দত্তই অভিনয় কৰা হিমাংশু প্ৰসাদ দাসৰ “মীৰাবাই” নাটক খনৰ লগত। “মহীয়সী” নাট খনৰ বাবে ফটো শ্বুট কৰাৰ সময়ত অভিনেত্ৰী গৰাকীয়ে নাটক দুখনৰ মাজত সাদৃশ্যতা থকাৰ কথা গম পোৱাত দৰ্শকক একেটা বিষয়ক লৈ নাট দেখুৱাৰ বিৰোধিতা কৰি তেওঁ নাট সলনি কৰাৰ বাবে অনুৰোধ কৰিছিল নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক। কিন্তু উক্ত কথাতে ক্ষোভিত হৈ নাট্যকাৰে চুক্তিপত্ৰ বাতিল কৰিলে অভিনেত্ৰীগৰাকীৰ। নিজ অভিনয়েৰে দৰ্শকক বিভিন্ন সময়ত মন্ত্ৰমুগ্ধ কৰা অভিনেত্ৰী গৰাকী এতিয়া হতাশাত ভুগিছে। প্ৰাঞ্জনা দত্তই নাট্যকাৰৰ আঁসোৱাহ সমূহ আঙুলিয়াই দিয়াত নাট্যকাৰে এনে ভিত্তিহীন ভাৱে চুক্তি বাতিল কৰা বিষয়টোৱে এতিয়া চৰ্চিত হৈ পৰিছে সমগ্ৰ দেশত।

Image Source: Pranjana Dutta’s Facebook

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.