অসমীয়া চলচিত্ৰৰ জন্মদাতা ৰূপকোঁৱৰ জ্যেতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত “জয়মতী” উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সবাক ছবি। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তি লাভ কৰা এই চিনেমাখন “চিত্ৰলেখা মুভিটোন” ৰ বেনাৰত নিৰ্মিত। ইয়াৰ পাছৰে পৰা অসমীয়া চলচিত্ৰৰ ভঁৰাল চহকী কৰিছিল বহুতো ধৰ্মীয় অথবা পৌৰাণিক কথাছবিয়ে। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ কথাছবিও নিৰ্মাণ হৈছে অসমত। উল্লেখ্য যে, ৬০-৭০ দশকৰ পৰা অসমীয়া বোলছবিয়ে যি উত্থানৰ সোৱাদ লৈ আহিছে সেয়া ক্ৰমশঃ হ্ৰাস পাই আহিছে। যাৰ ফলত ইয়াৰ নিৰ্মাণ আৰু অসমীয়া ৰাইজৰ মাজত ইয়াৰ প্ৰভাৱ সাংঘাতিকভাৱে কমি গৈছে বুলি ক’লেও অতিৰঞ্জিত নহ’ব। অৱশ্যে, “জয়মতী” ৰ পৰা আজিলৈ মুক্তি পোৱা চিনেমাৰ মাজত তেতিয়াও ফ্লপ চিনেমা হৈছিল, আজিও হৈছে। কিন্তু বিগত প্ৰায় তিনিটা দশকতকৈও ইয়াৰ পূৰ্বৰ সময়ছোৱাৰ ফ্লপ চিনেমাৰ তালিকাখন চুটি।
এইখিনিতে মনকৰিবলগীয়া যে, অসমীয়া চিনেমাৰ আজিকোপতি যি অভাৱ,অসুবিধা নাইবা চিনেমাৰ কাহিনী কোৱাৰ কৌশল আৰু কাৰিকৰী সীমাবদ্ধতাৰ ওপৰত বিভিন্ন দিশ ফঁহিয়াই বহুতো গণ্য-মান্য ব্যক্তিয়ে বাৰম্বাৰ আলোচনা কৰি আহিছে যদিও কোনো বিশেষ সাল-সলনি আজিৰ চিনেমাবোৰৰ দেখা পোৱা যোৱা নাই। ইয়াৰ মাজতে, আমাৰ আৱেগবিহ্বল কেইগৰাকীমান অসমীয়াই “অসমীয়া মানুহে অসমীয়া চিনেমা চাবই লাগিব” সদৃশ জাতীয় কৰ্তব্যৰ পাঠ চিঞৰি চিঞৰি সোঁৱৰাই থাকিলেও লাভ পোৱা নাযায় কিয়নো এই কৰ্তব্য অসমীয়াৰ অন্তৰত স্বতঃস্ফূৰ্তভাৱে জাগৃত এক অনুভূতিহে; ইয়াত কোনো ব্যক্তিয়ে আন কোনো ব্যক্তিক দিয়াৰ মুঠেও প্ৰয়োজন নাই। প্ৰথম অসমীয়া বোলছবি “জয়মতী” য়ে জনগণৰ সঁহাৰি নোপোৱাত ইয়াৰ দোষ পৰিচালক জ্যেতিপ্ৰসাদ আগৰৱালাই নিজেই মূৰ পাতি লোৱা বুলি শুনিবলৈ পোৱা গৈছিল; দৰ্শক বা অসমৰ ৰাইজক তেওঁ তিলমানো দোষ দিয়া নাছিল। ইয়াৰ পিছতেই ছুপাৰহিট হোৱা বহুকেইখন বোলছবি যেনে- ছিৰাজ, ডাঃ বেজবৰুৱা, মেঘমুক্তি, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, যৌৱনে আমনি কৰে আদি ছুপাৰহিট কৰিছিল কিন্তু অসমীয়া দৰ্শকেই। ইয়াত তেওঁলোকৰ তথাকথিত “জাতিয় কৰ্তব্য নাছিল,আছিল সেই সময়ৰ উপযুক্ত কাহিনী বা প্লট আৰু দৰ্শকৰ ৰুচি নিৰ্ভৰশীল বিষয়বস্তু।
এতিয়া আহো, অসমীয়া চলচিত্ৰৰ বাণিজ্যিক দিশৰ কথা। অসমত আজিও শিল্প-কলা-সংস্কৃতিক “ব্যৱসায়” বুলি শিল্পী বা সাধাৰণজনে বোলাটো লাজৰ বিষয় বুলি কয় যদিও এয়া একমাত্ৰ হীনমান্যতাসূচক মানসিকতা। মুম্বাইৰ চিনেমা জগতৰ মেগাষ্টাৰ অমিতাভ বচ্চন কিম্বা শ্বাহৰুখ খানৰ দৰে অভিনেতাই আজিও নিজকে গ্ৰাহকৰ সমুখত নিজকে পণ্য সামগ্ৰী বুলি কৈ গৌৰৱবোধ কৰে। গতিকে বৰ্তমানৰ প্ৰযোজকে ব্যৱসায়ৰ ফৰ্মূলা যদি কম পৰিমাণেও অধ্যয়ন কৰে তেতিয়াহ’লে আজিৰ দিনত অসমীয়া চিনেমাই আন ভাষাৰ চিনেমাৰ সৈতে প্ৰতিযোগিতা কৰি সুফল নোপোৱাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে!
পৃথিৱীৰ আন দেশৰ তুলনাত বৰ্তমানৰ আমাৰ অসমীয়া চিনেমাবোৰ একপ্ৰকাৰ এখন অচল জাহাজ। কিন্তু ইয়াৰ মাজতে এই অচল জাহাজখনক মেৰামতি কৰি চলাই নিয়াত সহায় কৰিছিল ৰীমা দাসৰ দ্বাৰা পৰিচালিত “ভিলেজ ৰকষ্টাৰ” নামৰ কথাছবিখনে। যাৰ মুক্তি লাভৰ পিছত প্ৰায় চিনেমাগৃহ “হাউচফুল” হোৱাৰ কথা সংবাদ মাধ্যম তথা ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল। কামৰূপীয়া ভাষাত নিৰ্মিত এখন পিছপৰা গাঁৱৰ সৰল জীৱন যাপন সন্নিৱিষ্ট কাহিনীয়ে এই কথাছবিখন দৰ্শকৰ বাবে মনোগ্ৰাহী কৰি তুলিছিল। ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰা এই কথাছবিখনৰ বক্স অফিচ কালেকছন আছিল প্ৰায় ৮০ লাখ (উইকিপিডিয়া অনুসৰি)। গতিকে অসমীয়া চিনেমাৰ সুদিন আনিবলৈ হ’লে প্ৰধান আৰু একমাত্ৰ পথ হৈছে অসমীয়া চিনেমাই। অসমীয়া চিনেমাই কাৰো অনুকৰণ কৰি লাভ নাই।
শেষত, যিসকল দৰ্শকে অসমীয়া চিনেমা চাই ভালপোৱা স্বত্বেও নোচোৱা হ’ল,সেইসকল দৰ্শকক অধ্যয়ন নকৰাকৈ অসমীয়া চিনেমাৰ সুদিন অনাটো অসম্ভৱ। গতিকে, ব্যৱসায় তথা এটা হৃদয়স্পৰ্শী বিষয়বস্তুক লগত লৈ যদি এজন প্ৰযোজকে চিনেমা কৰিব পাৰে, তেতিয়া তাহানিৰ নিচিনা জাউৰিয়ে জাউৰিয়ে অসমীয়া চিনেমা চাবলৈ মানুহ ওলাই অহাটো ডাঙৰ কথা নহয় অথচ ইয়াৰ পিছত কোনো সদাশয় ব্যক্তিয়ে কোনোধৰণৰ জাতীয় কৰ্তব্যও সোঁৱৰাই থকাৰ দৰকাৰ নপৰিব। ভাল চিনেমা অসমত নিৰ্মিত হোৱাই নাই বুলি একাষাৰে কৈ শেষ কৰি দিব পৰা নাযায়। মাত্ৰ দৰ্শকৰ মনত ক’ৰবাত এটা ভয়ে স্থান কৰিছে যেনেঃ “আগৰ চিনেমাখনৰ দৰেই এইখনো হ’ব; গতিকে টকা খৰচ নকৰো।” একমাত্ৰ তেনে ভাৱৰ বশৰ্ৱতী হোৱাৰ ফলতেই অসমীয়া “ভাল” চিনেমাইও দৰ্শকৰ সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। চিনেমা এখনৰ পিছপিনে “ভাল” শব্দটো ব্যৱহাৰ কৰিবলৈ হ’লে চিনেমাখনৰ পৰিচালক গৰাকীৰ “বিষয়বস্তু” ৰ ওপৰত সম্যক জ্ঞান থকাটো প্ৰয়োজনীয়। চিনেমাখনৰ “নাম” টোৰ লগত খাপ খোৱা কাহিনী অথবা বিষয়বস্তু হ’লেহে চিনেমাখন চাবলৈ দৰ্শকৰ উৎস্যুকতা বাঢ়িব। এতিয়া প্ৰশ্ন হয়-
১ঃ অসমীয়া পৰিচালকে সমূহ “ব্যৱসায়িক” নীতিসমূহ আৰু অধিক হৃদয়ংগম কৰি বুজিব লাগে নেকি?
২ঃ ইখনৰ পিছত সিখন অসমীয়া চিনেমাৰ তালিকা ভৰ্তি কৰাৰ পিছতো অসমীয়া চিনেমাৰ উদ্যোগটোৱে এতিয়াও প্ৰাণ পাই উঠা নাই কিয়?
৩ঃ চিনেমাখনৰ লগত জড়িত “বিষয়বস্তু” টোৰ সম্যক জ্ঞান নথকাৰ ফলত অসমীয়া চিনেমা পিছুৱাই আছে নেকি??
এই উক্ত প্ৰশ্ন কিটাৰ উত্তৰৰ মাজতেই হয়টো লুকাই আছে অসমীয়া চলচিত্ৰ জগতৰ ভৱিষ্যত।
Image Source Northeast Now
Add comment