Rupaliparda.com
ইটো-সিটো অমৃতাৰ সৈতে 1

ইটো-সিটো অমৃতাৰ সৈতে

অসমীয়া চলচিত্ৰ জগতত এক জনপ্ৰিয় নাম হৈছে অমৃতা গগৈ। শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া শিল্পী। ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট। “ছয়গাঁৱৰ চম্পা” চিনেমাখন তেওঁৰ চিনেমাৰ প্ৰথমটো প্ৰজেক্ট আছিল যদিও “অহেতুক” খন প্ৰথমে মুক্তি লাভ কৰাৰ বাবে অমৃতা গগৈৰ জীৱনৰ প্ৰথমখন চিনেমা বুলি ধৰা হয় “অহেতুক” ক।

ইটো-সিটো অমৃতাৰ সৈতে 2

এখোজ-দুখোজকৈ আগবাঢ়ি চলচিত্ৰ জগতখনত নিজৰ চিনাকী দিয়া এইগৰাকী শিল্পীৰ লগত ৰূপালী পৰ্দাৰ ফালৰ পৰা পতা হৈছিল কিছু কথা। আহকচোন চাওঁ-

প্ৰশ্নঃ অহেতুক আপোনাৰ প্ৰথম চিনেমা। গতিকে অহেতুক ৰ পৰা বৰ্তমানলৈ আপোনাৰ যাত্ৰাৰ অনুভূতি কেনেকুৱা??

অমৃতাঃ উমম… ২০১৫ চনত ছবিগৃহলৈ আহিছিলে “অহেতুক”। ২০১৫ ৰ পৰা বৰ্তমান ২০১৯ লৈ মই ১১ খন চিনেমা সম্পূৰ্ণ কৰিলো। তাৰে ভিতৰৰ ৫ খন চিনেমা এতিয়াও ছবিগৃহলৈ আহিব বাকী আছে; পাঁচোখনৰে পষ্ট-প্ৰডাকচনৰ কাম চলি আছে। হয়তো ৩ খনে এইবছৰেই মুক্তি লাভ কৰিব। গতিকে “অহেতুক” যেতিয়া মই কৰিছিলো তেতিয়া ভবা নাছিলো যে মই এগৰাকী “প্ৰফেচনেল” অভিনেত্ৰী হ’ম। কৰি গৈ আছিলো; ভাল লগাৰ বাবে। আচলতে, ইয়াত মই মোৰ ভাগ্যক ধন্যবাদ দিব লাগিব। বহুতে বিচাৰিলেও নাপায়; কিন্তু ভাগ্যৰ বলত মই ইটোৰ পিছত সেইটো কাম কৰি গৈ থাকিলো। জনসাধাৰণেও আঁকোৱালি ল’লে। এতিয়া ভাল লাগে যে মই “অহেতুক” ৰে আৰম্ভ কৰা যাত্ৰাৰ বৰ্তমানেও অব্যাহত আছে লগতে আশা কৰিছো, আগন্তুক দিনটো এই যাত্ৰাৰ যাতে শেষ নহওঁক।

প্ৰশ্নঃ আপুনি এতিয়ালৈ যিমান অভিনেতাৰ লগত অভিনয় কৰিছে; শ্বুটিং ত কোনজন অভিনেতা সময়তকৈ দেৰিকৈ আহে?

অমৃতাঃ দেৰিকৈ?? দেৰিকৈ মানে কোনোজনেই দেখোন সময়ত নাপায়হি ; সকলোৰে দেৰি। সময়ত আহে যদিও বহুত কম। সেইটো মানে একেবাৰেই “ৰেয়াৰ”।

প্ৰশ্নঃ শেষবাৰ আৱেগিক কেতিয়া হৈছিল মনত আছেনে?

অমৃতাঃ আৱেগিক আচলতে যেতিয়াই তেতিয়াই হোৱা যায়। কিতাপ এখন পঢ়িলেও মানুহ আৱেগিক হয়। মাজতে মোৰ কিতাপ পঢ়া নিয়মটো বাদ পৰিছিলে। বহুত কমি গৈছিল কিতাপ পঢ়া; কিন্তু এতিয়া আকৌ মই পঢ়া আৰম্ভ কৰিছো। যোৱা মাহত সকলোবোৰ কাম শেষ কৰিছো আৰু আউটড’ৰ শ্বুট যিহেতু মই বৰ্তমান কৰা নাই গতিকে সময় উলিয়াই মই কিতাপৰ পৃথিৱীখনলৈ পুনৰ এবাৰ ঘূৰি আহিবলৈ চেষ্টা কৰিছো। গতিকে “আৱেগিক” মই কিতাপ পঢ়িলেও হওঁ; কোনো এখন চিনেমাইও আৱেগিক কৰিব পাৰে।

ইটো-সিটো অমৃতাৰ সৈতে 3

প্ৰশ্নঃ যিহেতু আপুনি ক’লে যে, কিতাপ পঢ়ি ভাল পায়। গতিকে কোন গৰাকী লেখিকা আপোনাৰ প্ৰিয়??

অমৃতাঃ সৰুৰ পৰাই মোৰ প্ৰিয় আছিল কেইগৰাকীমান লেখিকা। একেবাৰে সৰুৰ পৰা। তাৰ অলপ পিছৰ পৰা যেতিয়া অকণমান ডাঙৰ হ’লো তেতিয়া দেউতাই কিতাপবোৰ দি দি পঠিয়ায়। গতিকে সৰুতে মই ভাল পাইছিলো, অৰূপা পটংগীয়া কলিতা বাইদেউৰ শিশুসুলভ যিখিন সাহিত্য আছিলে সেইখিনি পঢ়ি খুব ভাল পাইছিলো। অলপ আৰু ডাঙৰ হোৱা পিছত ৰীতা চৌধুৰী মেমৰ কিতাপ পঢ়ি খুব ভাল পালো আৰু এটা ভাল লগা অনুভৱ যে, মই যেতিয়া কটনৰ ছাত্ৰী আছিলো তেতিয়া ৰীতা চৌধুৰী মেমে আমাৰ ক্লাছ লৈছিলে। খুব ভাল লাগিছিলে, যি গৰাকী মানুহক আখৰৰ মাজত পাইছিলো সেইগৰাকীক সমুখৰ পৰা লগ পাইছিলো। লগতে নতুন লেখক-লেখিকাৰো লেখা পঢ়ি ভাল পাওঁ; যাৰ মই দুটামানহে গল্পই পঢ়িছো। ভালবোৰ পঢ়ি ভালেই লাগে। কিন্তু মোৰ অ’ল টাইম ফেভৰেট ৰীতা চৌধুৰী মেম।

প্ৰশ্নঃ কলেজত বয়ফ্ৰেণ্ড আছিলনে? প্ৰথম প্ৰেম কেতিয়া হৈছিল?

অমৃতাঃ প্ৰেম মানে………… মই যেতিয়া হায়াৰ চেকেণ্ডাৰীত আছিলো; তেতিয়া এজন ল’ৰাৰ লগত লগৰবোৰে জোকাইছিলে। কিন্তু পিছত অনুভৱ হ’লে যে এয়া মাত্ৰ আকৰ্ষণৰ বাদে অইন একো নহয়। তাৰ পিছত ডিগ্ৰী থাৰ্ড ইয়েৰত তেওঁক লগ পাইছিলো,মোৰ “ফিয়নছে”; যিজনৰ লগত বহুত সোনকালেই মই বিয়া হ’বলৈ গৈ আছো। তেখেতৰ লগত মই ডিগ্ৰী থাৰ্ড ইয়েৰৰ পৰা ৰিলেশ্বনত আছো। যেতিয়া মই অভিনয় ক্ষেত্ৰখনলৈ অহাই নাছিলো তেতিয়াৰ পৰা।
প্ৰেমটো এটা “মেছিউৰ” বস্তু। কাৰোবাক লগত ফোনত কথা পতা অথবা ফুৰিবলৈ ওলাই যোৱাটোৱে যে প্ৰেম সেইটো নহয়।
এতিয়া বুজিছো; হায়াৰ ছেকেণ্ডাৰী যিটো আছিল সেইটো প্ৰথম প্ৰেম বুলিয়ে ক’ম; কিন্তু “ৰিয়েল” যিটো ভালপোৱা অনুভূতি সেয়া ডিগ্ৰী থাৰ্ড ইয়েৰত পালো।

ইটো-সিটো অমৃতাৰ সৈতে 4

প্ৰশ্নঃ আপোনাৰ বৰ্তমান এক সুকীয়া চিনাকী আছে ৰাইজৰ মাজত। দিনক-দিনে আপোনাৰ অভিনয়ৰ “ফেন” ও হৈ পৰিছে বহু দৰ্শক। গতিকে এই অনুৰাগী বোৰলৈ আপোনাৰ কিবা মেছেজ?

অমৃতাঃ ধন্যবাদ প্ৰথমতে। মেছেজ বুলি ক’লে ক’ম যে, ভাল কাম কৰক আৰু ভাল কাম কৰাৰ বাবে মানুহক উৎসাহিত কৰক। এতিয়া চোৱা, গান বহুত ওলাই আছে। মই নিজেও কৰো বহুত গান; গতিকে আজি যিখিনি ভাল গান,ভাল চিনেমা,ভাল ভি.ডি.অ যিসকলে কৰি আছে তেওঁলোকক উৎসাহিত কৰক। আৰু এটা কথা কওঁ, আজি মোৰ যিখিনি “ফেন” বা মোৰ যিসকল অনুৰাগী লগতে যিসকলে মোক ফ’ল’ কৰে ক’ম যে এই গ্লেমাৰৰ দুনীয়াখন দেখি, কেমেৰা দেখি,মেক-আপৰ চিকমিক বোৰ দেখি কোনো যাতে আকৰ্ষিত নহয়। যদিহে ইয়াক অন্তৰেৰে ভাল পোৱা তেতিয়াহে তুমি সাংস্কৃতিক জগত খনলৈ আহিবা কাৰণ চোৱা এই গ্লেমাৰ বস্তুটো দুদিনীয়া। যদি তুমি এই জগত খনক সঁচা অন্তৰেৰে ভালপোৱা তেতিয়াহে তুমি সফল হ’ব পাৰিবা

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform