Rupaliparda.com
"মই আৰু কষ্ট সহ্য কৰিব নোৱাৰো"- জাইৰা ৱসীম 1

“মই আৰু কষ্ট সহ্য কৰিব নোৱাৰো”- জাইৰা ৱসীম

ডংগল গাৰ্ল খ্যাত জাইৰা ৱসীমে চচিয়েল মিডিয়াত কৰা এক স্পষ্টীকৰণে এতিয়া কঁপাই তুলিছে সমগ্ৰ বলীউড জগত। ২০১৬ চনত মুক্তিপ্ৰাপ্ত চিনেমা “ডংগল” ৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা অভিনেত্ৰীগৰাকীয়ে নিজ অভিনয়ৰ বাবে লাভ কৰিছিল প্ৰশংসা ও কেইবাটাও বঁটা। তৎস্বত্বেও অভিনয় ক্ষেত্ৰখন এৰাৰ সিদ্ধান্ত লয় পেলাই অভিনেত্ৰী জাইৰাই। ৫ বছৰৰ পূৰ্বে লোৱা সিদ্ধান্তই তেওঁৰ পৃথিৱীখন সলনি কৰাৰ লগতে তেওঁ বহু দিন ধৰি স্ব-মনৰ লগতে সংঘৰ্ষত লিপ্ত হৈ আছিল বুলি প্ৰকাশ কৰে চচিয়েল মিডিয়াত। ফলত ইমান সৰু বয়সতে ইমান কষ্ট সহ্য কৰিব নোৱাৰাৰ বাবেই তেওঁ বলীউডৰ পৰা বিদায় ল’ম বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, “স্কাই ইজ পিংক” নামৰ আহিবলগীয়া ছবিখনত ডংগল গাৰ্লক দেখা পোৱা যাব প্ৰিয়ংকা চোপ্ৰাৰ জীয়ৰীৰ চৰিত্ৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.