Rupaliparda.com
ৰাইজৰ ৰোষত "আৰ্টিকেল-১৫ 1

ৰাইজৰ ৰোষত “আৰ্টিকেল-১৫

মুক্তি আগৰ পৰাই ৰাইজৰ ৰোষত পৰা “আৰ্টিকেল ১৫” ৰ স্ক্ৰিনিং বন্ধ কৰি দিয়া হ’ল কানপুৰত। চলিত মাহৰ ২৮ তাৰিখ শুক্ৰবাৰে মুক্তিপ্ৰাপ্ত চিনেমাখনৰ স্ক্ৰিনিং ত যথেষ্ট সংখ্যক দৰ্শক আহে যদিও চিনেমাখন চলি থকা অৱস্থাতে ছবিগৃহত হৈ-চৈ আৰম্ভ কৰি দৰ্শকে পৰিচালক অনুভৱ সিনহাৰ বিৰুদ্ধে আৰম্ভ কৰে প্ৰতিবাদ। ফলত বাতিল কৰি দিয়া হয় স্ক্ৰিণিং।


উল্লেখ্য যে, ছবিগৃহৰ মালিকবৰ্গই এনে প্ৰতিবাদৰ সন্মুখীন হোৱাৰ বাবে দ্বিতীয়বাৰলৈ আকৌ আৰম্ভ কৰা নাই “আৰ্টিকল ১৫” ৰ স্ক্ৰিণিং। সংবিধানৰ নিয়ম-নীতিৰ ওপৰত নিৰ্মিত উক্ত চিনেমাখনক লৈ এতিয়া সৰৱ হৈ পৰিছে কানপুৰৰ এচ.পি. অনন্ত দেও। তেওঁৰ মতে স্ক্ৰিণিংত যদিহে কোনো দৰ্শকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেনেহ’লে তেওঁৰ বিৰুদ্ধে লোৱা কঠোৰ একচন।
এফালে কিছু দৰ্শকৰ দ্বাৰা লাভ কৰা জনপ্ৰিয়তা আৰু আনফালে কিছু দল-সংগঠনৰ দ্বাৰা হোৱা থকা-সৰকাই চিনেমাখনক কি পৰ্যায়ত থিয় কৰাব পৰৱৰ্তী সময়ত সেয়া হ’ব লক্ষ্যণীয়।

Image Source: DNA India

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform