Rupaliparda.com
আকৌ এবাৰ "ভ্ৰাম্যমাণত" চিণ্ডিকেটৰাজ 1

আকৌ এবাৰ “ভ্ৰাম্যমাণত” চিণ্ডিকেটৰাজ

ভ্ৰাম্যমাণে থকা-সৰকা কৰিছে ইজনীৰ পিছত সিজনী অভিনেত্ৰীক। প্ৰাঞ্জনা দত্তৰ পিছত অভিনেত্ৰী মৌচুমী লস্কৰে থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে কৰা মন্তব্যই এতিয়া চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। থিয়েটাৰ কৰা বাবদ নিজ টকা বিচৰা বাবেই প্ৰযোজক দুলুমণি দাসে কোনো খবৰ নিদিয়াকৈ থিয়েটাৰৰ পৰা উলিয়াই দিয়ে অভিনেত্ৰী গৰাকীক।

আকৌ এবাৰ "ভ্ৰাম্যমাণত" চিণ্ডিকেটৰাজ 2


থিয়েটাৰৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল চলোৱা অভিনেত্ৰী গৰাকীয়ে চিৰঞ্জীৱ থিয়েটাৰৰ প্ৰযোজক দুলুমণি দাসৰ ওপৰত পুলিচত এজেহাৰ দিয়া স্বত্বেও কোনোধৰণৰ সহায় পোৱা নাই। অৱশেষত, চচিয়েল মিডিয়াত ভিডিঅ’ কৰি সকলো কথা ব্যক্ত কৰি ক্ষোভ উজাৰিলে অভিনেত্ৰী মৌচুমী লস্কৰে। উল্লেখ্য যে, অভিনেতা-অভিনেত্ৰীৰ লগতে প্ৰযোজক গৰাকীয়ে থিয়েটাৰত গান গোৱা গায়ককে আদি কৰি থিয়েটাৰলৈ অহা মালবস্তুৰ দোকানীকো দিয়া নাই তেওঁলোকৰ প্ৰাপ্য ধন।এতিয়া প্ৰশ্ন হয়, থিয়েটাৰৰ প্ৰযোজক-পৰিচালকলৰ এনেধৰণৰ মইমতালিৰ বলি হৈ যাব নেকি ইজনীৰ পিছত সিজনী অভিনেত্ৰী?? তেওঁলোকৰৰ এনে ব্যৱহাৰত নাকী লগাব কোনে?

Image Source: YouTube

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.