Rupaliparda.com
কৰীণাৰ অনুৰাগীলৈ সুখবৰ 1

কৰীণাৰ অনুৰাগীলৈ সুখবৰ

কৰীণা কাপুৰৰ অনুৰাগীসকললৈ সুখবৰ। বি টাউনৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰে ইতিমধ্যে আৰম্ভ কৰিছে “অংগেৰজী মিডিয়াম” ৰ শ্বুটিঙৰ কাম। চলচিত্ৰ সমালোচক তৰুণ আদৰ্শই টুইটাৰত প্ৰকাশ কৰা কৰীণা কাপুৰৰ প্ৰথম লুকটোৱে আকৰ্ষিত কৰিছে সকলো অনুৰাগীক। প্ৰকাশিত ফটোখনত এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত দেখা পোৱা গৈছে কৰীণা কাপুৰ খানক।

কৰীণাৰ অনুৰাগীলৈ সুখবৰ 2


যোৱা ১৯ টা বছৰৰ পৰা বলীউড ক্ষেত্ৰখনত নিজক জনপ্ৰিয় কৰি তোলা অভিনেত্ৰী গৰাকীৰ আগন্তুক ছবিখনক লৈ উৎসাহিত হৈ পৰিছে সকলো। উল্লেখ্য যে, অভিনেত্ৰী কৰীণা কাপুৰৰ “অংগৰেজী মিডিয়াম” হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত ছবি “হিন্দী মিডিয়াম” ৰ ছিকুৱেল।

Image Source: e24.news24online.com MSN.com

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.