Rupaliparda.com
বিজয় য়াদৱ নৱটেল হোটেলত 1

বিজয় য়াদৱ নৱটেল হোটেলত

যান্ত্ৰিকতাৰ পৃথিৱীখনত কোনো অইন ব্যক্তিৰ মুখত হাঁহি বিৰিঙোৱাটো সহজ নহয় অথচ প্ৰত্যেকে এই কাম কৰিবও নোৱাৰে। “কমেডী” য়ে মানুহক কিছু সময়ৰ কঠোৰতাৰ পৰা নিলগাই শান্তি প্ৰদান কৰিব পাৰে। তেনেক্ষেত্ৰত এজন কমেডীয়ানৰ বাবে এই কৰ্মৰ নিৰ্দিষ্ট সময়সীমা নাথাকে। তেওঁলোকে এই কাম কৰিবলৈ চেষ্টা কৰিব লাগে ২৪/৭।

বিজয় য়াদৱ নৱটেল হোটেলত 2


এনে এজন কমেডিয়ানৰ নাম হৈছে বিজয় য়াদৱ। তেওঁ এজন কমেডিয়ানৰ লগতে এজন শিক্ষক তথা এজন অভিযন্তা। আৰ্মীৰ পৰিয়ালৰ পৰা ওলাই অহা বিজয় য়াদৱৰ বাবে কোনোদিনেই সহজ নাছিল এজন “কমেডিয়ান” হিচাপে নিজ জীৱনৰ লক্ষ্য বাছি লোৱাটো। কিন্তু পিছলৈ কমেডী ক্ষেত্ৰখনৰ লগত ইমানেই জড়িত হৈ পৰিল যে কমেডিয়ানৰ তালিকাখনত এতিয়া তেওঁৰ নাম অন্তভূক্ত ন’হলে তালিকাখন সম্পূৰ্ণ নহ’ব। ৰসাল কথাৰে ৰাইজৰ হৃদয় জিনা এই গৰাকী কমেডিয়ানে জাকিৰ খান,বিশ্ব কল্যাণ ৰথ, বৰুণ ঠাকুৰ আদিকে ধৰি বহুতো বিখ্যাত কমেডিয়ানৰ সৈতে একেলগে মঞ্চ ভগাইছে।

বিজয় য়াদৱ নৱটেল হোটেলত 3


বিজয় য়াদৱক যদি আপুনি এবাৰৰ বাবে লগ পাব বিচাৰিছে তেন্তে আৰু চিন্তা নাই; তেওঁ আহি আছে জি.এছ.ৰোডস্থিত নৱটেল হোটেলৰ চেলিব্ৰেশ্বন হ’ললৈ। চলিত মাহৰ ৭ তাৰিখে ফোকেৰে এণ্টাৰটেইনমেণ্টৰ দ্বাৰা আয়োজিত শ্ব’ত উপস্থিত থাকিব তেওঁ। আহক আৰু আজিয়ে টিকট কাটি তেওঁক লাইভ চোৱাৰ মজা উপভোগ কৰক। “বুক মাই শ্ব’ত” ইতিমধ্যে উপলদ্ধ হৈছে প্ৰগ্ৰেমটোৰ বাবে টিকট। লগ অন কৰক-

https://in.bookmyshow.com/events/vijay-yadav-live/ET00103128

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.