Rupaliparda.com
মৰমলগা হাঁহিৰে ফিট ব'ডিৰ "ডিচা পাটানি" - 1

মৰমলগা হাঁহিৰে ফিট ব’ডিৰ “ডিচা পাটানি” –

প্ৰত্যেকটো সময়ত লেম-লাইটৰ পোহৰ অথবা মিডিয়াৰ চকুত নিজকে ফিট কৰি ৰখাটো সহজ কথা নহয়। এগৰাকী অভিনেত্ৰীয়ে ইয়াৰ বাবে কৰিবলগীয়া হয় কঠোৰ পৰিশ্ৰম। টিভিৰ পৰ্দাত প্ৰতিটো ক্ষণত নিজক সুন্দৰৰূপত উপস্থাপন কৰিবলৈ কিছু খাদ্যৰ পৰা আঁতৰি থকা অৰ্থাৎ ডাইট কণ্ট্ৰলৰ লগতে নিজৰ দেহৰ প্ৰতি দিবলগীয়া হয় নজৰ। এনে ফিটনেছৰ প্ৰসংগতেই আনিব পাৰি বলীউডৰ অভিনেত্ৰী ডিচা পাটানিৰ নাম।

মৰমলগা হাঁহিৰে ফিট ব'ডিৰ "ডিচা পাটানি" - 2

টুইটাৰ অথবা ইনষ্টাগ্ৰাম একাউণ্টত নিজ নৃত্য-চৰ্চা অথবা জিমত কৰা কিছু অনুশীলনৰ ভি.ডি.অ আপলোড কৰি এতিয়া চৰ্চা লাভ কৰিছে অভিনেত্ৰী ডিচা পাটানিয়ে। তেওঁৰ পিন্ধনৰ পৰা আদি কৰি জিমত উঠোৱা ওজন অথবা তেওঁৰ নৃত্যই আকৃষ্ট কৰিছে অভিনেতা-অভিনেত্ৰীৰ লগতে সাধাৰণজনকো। উল্লেখ্য যে, ২০২০ চনৰ ভেলেণ্টাইন ডে’ ৰ দিনা মুক্তি পাবলগীয়া ছবি “মলং” ত মহীত সুৰীৰ সৈতে দেখা পোৱা যাব ডিচা পাটানিক।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.