Rupaliparda.com
কিছু ব্যক্তিগত কথাৰে নিশিতা গোস্বামীঃ 1

কিছু ব্যক্তিগত কথাৰে নিশিতা গোস্বামীঃ

অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে নিশিতা গোস্বামী। সৰুৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” নামৰ চিনেমাখনত। তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে দৰ্শক। বৰ্তমান সময়তো নিজ অভিনয়ৰ দ্বাৰা দৰ্শকৰ সমাদৰ লাভ কৰা এইগৰাকী অভিনেত্ৰীৰ সৈতে ৰূপালী পৰ্দাৰ ফালৰ পৰা পাতিছিলো কিছু কথা। আহকচোন চাওঁ-

প্ৰশ্ন- বা,আপোনাৰ আগন্তুক কিবা প্ৰজেক্ট; যাৰ বাবে আপুনি বৰ্তমান ব্যস্ত হৈ আছে?

নিশিতা বাঃ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰজেক্ট বুলি ক’ব পাৰো। যতীন বৰা প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত “ৰত্নাকৰ” ছবিখনত মই কাম কৰিছো; ইতিমধ্যে চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ হৈছে। “ৰত্নাকৰ” অক্টোবৰত মুক্তি পাব যিহেতু চেপ্তেম্বৰ মাহটো আমি আটাই প্ৰমোচনত ব্যস্ত থাকিম। গুৰুত্বপূৰ্ণ বুলি কৈছো এইকাৰণেই যে মই বহুত দিন ধৰি চিনেমা কৰা নাছিলো; পোৱালিটো জন্ম হোৱা সেই সময়খিনিত মই মোৰ সময়খিনি তাকেই দিয়াৰ চেষ্টা কৰিছিলো।
বাকী আৰু নতুন প্ৰজেক্ট বুলি ক’লে মই চিৰিয়েল এখনত অভিনয় কৰি আছো; ৰেঙণিৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপষ্ট”। এই যাত্ৰা কিমান দীঘলীয়া হ’ব সঠিককৈ ক’ব নোৱাৰিম কিন্তু ৰাইজে চিৰিয়ল খনত মোক নতুনকৈ দেখিবলৈ পাব।

কিছু ব্যক্তিগত কথাৰে নিশিতা গোস্বামীঃ 2

প্ৰশ্নঃ বা, আপোনাৰ যেতিয়া কোনোধৰণৰ শ্বুটিং নাথাকে অথবা বন্ধ বাৰ থাকে তেতিয়া আপুনি কি কৰি ভাল পায়? খোৱা বস্তু বনাই নে?

নিশিতা বাঃ শ্বুটিং নথকা বা অফ ডে’ মই যেতিয়া পাওঁ পোৱালীটোৰ লগতে সময় কটাওঁ। যিহেতু তাৰ মাত্ৰ ১৯ মাহ হৈছে গতিকে তাৰ আলপৈচান ধৰি ভাল লাগে। লগতে, নিজক সময় দিওঁ,ৰিলেক্স কৰো।
আৰু,বনাইটো খুব ভাল পাওঁ। নতুন নতুন ডিচ বনাই সকলোকে খুৱাই ভাল লাগে। সকলোৱে আচলতে ভালো পায় খায়।

কিছু ব্যক্তিগত কথাৰে নিশিতা গোস্বামীঃ 3

প্ৰশ্নঃ আপুনি ক’ৰবালৈ ওলাই গ’লে এনেকুৱা কি দুটা বস্তু আছে যিটো আপুনি পাৰ্ছত নিনিয়াকৈ যাব নোৱাৰে?

নিশিতা বাঃ মই ক’ৰবালৈ ওলাই গ’লে এ.টি.এম খন আৰু মোৰ নিজৰ আইডেনটেটি প্ৰূফ এটা সদায় নিজৰ লগত ৰাখো। লগত আৰু এটা বস্তু ক’লে তোমাক তিনিটা হয় যাব বাৰু,কিন্তু মোৰ ঘৰৰ চাবিকোছা; এই তিনিটা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হিচাপে নিজৰ লগত ৰাখো।

কিছু ব্যক্তিগত কথাৰে নিশিতা গোস্বামীঃ 4

প্ৰশ্নঃ কলেজ আৰু স্কুলৰ আপোনাৰ ভাল লগা কিবা স্মৃতি?

নিশিতা বাঃ স্কুলৰটো প্ৰত্যকটো দিনেই মোৰ মনত আছে। কেৱল মোৰ বুলিয়েই তোমালোক সকলোৰে স্কুলৰ দিনকিটা মনত আছে। স্কুলৰ প্ৰত্যেকটো দিনেই মোৰ ভাললগা; নিৰ্দ্দিষ্টকৈ ক’ব নোৱাৰি । কিন্তু কলেজ; মই যিহেতু সন্দিকৈ মহাবিদ্যালয়ত আছিলো গতিকে সকলো ছোৱালী একেলগে মিলি চাট্ খোৱা,ছানা খোৱা স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে। কেতিয়াবা ক্লাছ বাংক কৰি চিনেমা চাবলৈ ঢাপলি মেলা। হা হা হা… বহুত ভাল লগা স্মৃতি এইবোৰ আৰু কেতিয়াও পাহৰিব নোৱাৰা।

কিছু ব্যক্তিগত কথাৰে নিশিতা গোস্বামীঃ 5

প্ৰশ্নঃ অসমীয়া চলচিত্ৰৰ যিটো অৱস্থা আছিল সেয়া বৰ্তমান অকণমান ভাললৈ আহিছে; ইয়াক আৰু ভাল কৰিবলৈ আপুনি কি কৰাটো উচিত বুলি ভাবে??

নিশিতা বাঃ চলচিত্ৰৰ যিখন নীতি আছে; সেইখন সলনি কৰা কথা চলি আছে লগতে মিনি হ’লবোৰ খোলাৰ চেষ্টা চলি আছে। কিন্তু এইক্ষেত্ৰত চৰকাৰৰো কিছু সহায় সহযোগিতা আমাক লাগিব। অসমৰ চুকে-কোণে যদি হ’লবোৰ খুলি যায় তেতিয়াহ’লে অসমীয়া চিনেমা নিশ্চয়কৈ চলিব।
এতিয়া চোৱা, বৰ্তমান আমাৰ যিমান কেইখন চিনেমা মুক্তি পাইছে,গোটেইখন ভাল। কিন্তু ছবিগৃহ সমূহৰ মন’পলী চিষ্টেমটোৰ বাবে কিছু পৰিমাণে হ’লেও অসমীয়া চিনেমাসমূহ পিছুৱাই আছে। তেওঁলোকে অসমীয়া চিনেমাৰ সময়টো জনসাধাৰণৰ সুবিধানুযায়ী দিবলৈ ইচ্ছা নকৰে। হিন্দী চিনেমা আহিলে,অসমীয়া চিনেমা উঠাই দিয়ে। গতিকে যদি চৰকাৰে ইয়াৰ ওপৰত অকমাণ গুৰুত্ব দি এই মন’পলীবোৰ আঁতৰাই দিয়ে তেতিয়াহ’লে অসমীয়া চিনেমা নচলাৰ কোনো কাৰণেই থাকিব নোৱাৰে।

… আপোনাৰ আগন্তুক জীৱনৰ বাবে বহুত বহুত শুভকামনা বা… ধন্যবাদ।

নিশিতা বাঃ ধন্যবাদ

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform