Rupaliparda.com
নতুন যুঁটিৰ সোঁৱাদেৰেঃ "ইনছাল্লাহ" 1

নতুন যুঁটিৰ সোঁৱাদেৰেঃ “ইনছাল্লাহ”

“হম দিল দে চুকে চনম” ৰ প্ৰায় এটা দশকৰ পিছত সঞ্জয় লীলা ভাঞ্চালিৰ ছবিত কাম কৰিব চুপাৰষ্টাৰ ছলমান খানে। “ইনছাল্লাহ” নামৰ চিনেমাখনত ছলমান খানৰ লগতে দেখা পোৱা যাব আলিয়া ভাটক। ছবিখনৰ লাগতিয়াল কামসমূহ সম্পূৰ্ণ হৈ উঠাৰ পিছতে এতিয়া সকলো ব্যস্ত হৈ পৰিছে শ্বুটিংৰ লোকেশ্বন সন্ধানত। ৱাৰানাসী,হৃষিকেশ, হৰিডোৱাৰ তথা গংগাৰ আশে-পাশে কিছু ঠাইত ছবিখনৰ শ্বুটিং হোৱাৰ সম্ভাৱনা আছে যিহেতু ছবিখনত আলিয়া ভাট এগৰাকী ভাৰতীয়া নাৰী। ইয়াৰ লগতে, ছবিখনৰ প্ৰযোজক প্ৰশান্ত শাহে চচিয়েল মিডিয়াত কৰা পষ্টত কেলিফ্ৰনিয়াৰ কথা উল্লেখ কৰিছে। গতিকে ছবিখনৰ কিছু অংশৰ শ্বুটিং কৰা হ’ব কেলিফ্ৰনিয়াত; যিহেতু “ইনছাল্লাহ” ত ছলমান খান এজন সফল বিজনেছমেন লগতে কোটিপতিৰ অভিনয়ত আছে।

নতুন যুঁটিৰ সোঁৱাদেৰেঃ "ইনছাল্লাহ" 2


বয়সৰ ব্যৱধানত প্ৰেমত পৰা এজন কোটিপতি আৰু এজনী কম বয়সীয়া অপৰাধ শাখাৰ সাংবাদিকৰ প্ৰেম কাহিনীয়েই প্ৰতিফলিত কৰা হৈছে “ইনছাল্লাহ” ছবিখনত। পৰিচালক সঞ্জয় আৰু ছলমানৰ যুঁটি অথবা ছলমানৰ লগত আলিয়া ভাটৰ যুটিয়ে ইতিমধ্যে অনুৰাগীৰ মন টানিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.