আকৌ এবাৰ একেলগে দেখা পোৱা যাব দীপিকা-ৰণবীৰক। ভুল নকৰিব, ইয়াত ৰণবীৰ কাপুৰৰ কথাহে কোৱা হৈছে। হয়, “চনু কে টিট্টু কি চুইটী” তথা “দে দে প্যাৰ দে” ৰ প্ৰযোজক লভ ৰঞ্জনৰ আহিবলগীয়া পিছৰখন ৰোমাণ্টিক কমেডী ছবিয়ে কেৱলমাত্ৰ অজয় দেৱগন আৰু ৰণবীৰ কাপুৰকে নহয়; লগত লৈ আনিব দীপিকা-ৰণবীৰকো।

“য়ে জাৱানী হে দিৱানী” আৰু “তামাশা” ৰ পিছত এই যুঁটিটো পুনৰবাৰ আহিব ৰাইজৰ মাজলৈ। উল্লেখ্য যে, উক্ত চিনেমাখনৰ বাবে প্ৰথমতে আলিয়া ভাটৰ কথা ওলোৱা হৈছিল যদিও আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে “ব্ৰহ্মাস্ত্ৰ”:ৰ পিছত আৰু একেলগে চিনেমা নকৰো বুলি প্ৰকাশ কৰে। ফলত দীপিকাক ছবিখনৰ বাবে লোৱা হয়।

যুঁটিটোৰ প্ৰেম অথবা ব্ৰেকআপ কাহিনীয়ে পূৰ্বৰে পৰা দৰ্শকক আকৃষ্ট কৰি আহিছে। বহুত দিনৰ পিছত পুনৰ বাৰ দীপিকা-ৰণবীৰক একেলগে চাবলৈ সাজু হৈ পৰিছে এতিয়া সকলো।
Add comment