Rupaliparda.com
তুফান - ফাৰহান আখতাৰ

‘ তুফান ‘ জীৱনৰ গল্প : ৰাকেশ ওম প্ৰকাশ মেহেৰা || – উৎপল মেনা

বক্সিং ৰিঙত ফাৰহান আখতাৰ ! চেহেৰা – শৰীৰ সলনি হৈছে ” মিলখা “ৰ । “ভাগ মিলখা ভাগ “ৰ পৰিচালক ৰাকেশ ওম প্ৰকাশ মেহেৰাই ” মিলখা ” ফাৰহানক নতুন গেট-আপ দিছে নতুন চিনেমা “তুফান “ৰ বাবে । কলকাতাৰ এক ভার্চুয়াল সংবাদমেলত পৰিচালক মেহৰাই ক’লে , ” ফাৰহানে মোক এই এই চিনেমা খনৰ কথা কৈছিল । আৰু মাত্ৰ ২০ মিনিটতে চিনেমা খন কৰাৰ সিদ্ধান্ত লৈছিলো । ” — খেল কেন্দ্ৰীক চিনেমা ” তুফান ” । ফাৰহানে বক্সাৰ আজিজৰ চৰিত্ৰত অভিনয় কৰিছে । ফাৰহানৰ বিপৰীত দেখা যাব ম্রুণাল ঠাকুৰক । আনজুম ৰাজাবলী – বিজয় মৌর্যৰ চিত্ৰনাট্য , জে ওজাৰ চিনেমাটোগ্রাফি , শঙ্কৰ – এহছান-লয়ৰ সংগীতেৰে ৰাকেশ ওমপ্রকাশ মেহৰাই সম্পূৰ্ণ কৰা ৰূপালী গল্পটোৰ ” চিন্তা ” বাহ্যিক দৃষ্টিত সাধাৰণ ! কিন্তু যেতিয়া ” অক্ষ ” , ” ৰং দে বাসন্তুী ” , ” দিল্লী – 6 ” , ” ভাগ মিলখা ভাগ ” , ” মির্জ্যা “ৰ পৰিচালনা শৈলী মনলৈ আহে , স্বাভাবিকতে ” তুফান ” নামেৰে উৎকৃষ্ট চিনেচিন্তাৰ ৰূপালী গল্প আশা কৰিম । — আমাৰ আশাত সাৰ – পানী দিছে পৰিচালক মেহেৰাৰ এই কেইটা শব্দই — ” বক্সীং নহয় , ‘ তুফান ‘ জীৱনৰ গল্প । আজিজৰ জীৱনৰ ৰং , জীৱনৰ সংঘৰ্ষ – নিজৰ সৈতে দ্বন্দ্ব ইত্যাদি চিনেমা খনৰ বিষয়বস্তু । ” অনুমান কৰিব পাৰি আনদহখন খেল বিষয়ৰ চিনেমাৰ দৰে নহয় , ” তুফান ” জীৱন গানৰ অনুভৱ থকা ক্রীড়া নাটক ! চিনেমা খনৰ সম্পাদক মেঘনা সেনৰ ভাষাত ” জীৱনৰ ৰং আছে , কেমেৰাৰ ৰং আছে । কেমেৰাৰ ভাষাৰে আজিজৰ জীৱনৰ ৰং আকিছে ‘ তুফান ‘ত । “

' তুফান ' জীৱনৰ গল্প : ৰাকেশ ওম প্ৰকাশ মেহেৰা || - উৎপল মেনা 1
ফাৰহান আখতাৰ – তুফান

” তুফান ” সাজু ! ২০২০ চনতে । সেই বৰ্ষৰ ২ অক্টোবৰত ; আৰু ১৮ সেপ্টেম্বৰত চিত্ৰগৃহলৈ অহাৰ দিন ঘোষনা কৰিছিল । COVID-19 য়ে বাধা দিলে । শেহতীয়া ঘোষণা : ১৬ বা ২০ জুলাই ২০২১ ত অ্যামাজন প্রাইম ভিডিওত মুকলি কৰি দিয়াৰ চিন্তা চৰ্চা চলিছে ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform