Rupaliparda.com
প্ৰযোজনা গোষ্ঠী "Regional Music Centre" ৰ নতুন আৰম্ভণিঃ 1

প্ৰযোজনা গোষ্ঠী “Regional Music Centre” ৰ নতুন আৰম্ভণিঃ

আপোনালোকৰ বাৰু পূৰণি গীত “মৰমজান”, “দীপালী” আদি ভিচিডি কেচেট সমূহৰ কথা মনত আছেনে? নিশ্চয় থাকিব! কিয়নো বিগত সময়ছোৱাত এই কেছেট তথা ইয়াৰ সৈতে সন্নিৱিষ্ট গীত সমূহে বাৰুকৈয়ে আকৰ্ষণ কৰিছিল জনসাধাৰণক। আপ্লুত কৰিবলৈ চেষ্টা কৰিছিল প্ৰত্যেককে। বিশেষকৈ মোৰ এতিয়াও মনত পৰে যে সেই সময়ত আমি দোকানৰ পৰা কেতিয়াবা ভিচিড সমূহ এদিনৰ বাবে ভাড়াত লৈ আনি তাক উপভোগ কৰি পিছদিনা খন ইয়াক উভতাই দিছিলোঁ। অৱশ্যে, এই ভিচিডি সমূহ মুক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল একাংশ প্ৰডাকচন হাউচেও। ইয়াৰ ভিতৰত এটা আছিল “Regional Music Centre”। “ভৰি পিছল খালে খামুচিবা” ৰ দৰে একাংশ গীতে মুক্তি লাভ কৰিছিল উক্ত প্ৰডাকচন হাউচটোৰ তৰফৰ পৰাই। ১৯৮৭ ত এই প্ৰডাকচন হাউচটোৰ মুকলিৰ পিছত তেওঁলোকৰ দ্বাৰা প্ৰথমটো প্ৰডাকচন আছিল গোৱালপৰীয়া গোৱালিনি ৰহিমা কলিতা বেগমৰ ক্ষেত্ৰত। আনহাতে, “Regional Music Centre” ৰ বেনাৰত ১৯৯৮ ৰ পৰা ২০১৪ চনলৈ এই প্ৰডাকচন হাউচটোৰ তৰফৰ পৰা মুক্তি লাভ কৰিছিল “মৰমজান” শীৰ্ষক ভিচিডি খন। ইয়াৰ প্ৰতিটো সংস্কৰণৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল জনপ্ৰিয় সংগীতশিল্পী অনুপম শইকীয়া। বিগত কিছু বছৰৰ স্তব্ধতাৰ পিছত আকৌ এবাৰ ৰাইজৰ মাজত সক্ৰিয় হৈ কাষ চাপিছে এই প্ৰডাকচন হাউচটো; নতুন একাংশ পৰিকল্পনাৰ সৈতে জনসাধাৰণক আকৌ এবাৰ আমোদ প্ৰদানৰ চেষ্টা এওঁলোকৰ।


প্ৰায় ৩ টা দশক ধৰি এই ক্ষেত্ৰখনৰ সৈতে জড়িত উক্ত প্ৰডাকচন হাউচটোৱে শেহতীয়াকৈ তেওঁলোকৰ কাম সমূহ ডিজিটেলী কৰিবলৈ আৰম্ভ কৰিছে। নৱপ্ৰজন্মক সকাহ প্ৰদানৰ বাবে ওলাই আহিছে এওঁলোক। আমি নিজেও দেখিছোঁ যে, সংগীত ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে এই প্ৰতিভাসকলে উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিছে এই প্ৰডাকচন হাউচটো। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত। পূৰণি দিনৰ পৰা আৰম্ভ কৰি বৰ্তমান নতুন সকলৰ মাজতো নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ বিচৰা এই প্ৰযোজনা গোষ্ঠীটোৰ পৰিকল্পনা সমূহে আকৰ্ষণ কৰিছে এতিয়া সকলোকে।


এওঁলোকে নৱপ্ৰজন্মক দিবলৈ বিচৰা সুবিধা কণেৰে অনাগত দিনত প্ৰতিজন শ্ৰোতা-দৰ্শকে নতুন কিছু পৰিকল্পনা উপভোগ কৰিব পৰাটো নিশ্চিত বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। পৰিকল্পনা সমূহক লৈ আমি ৰূপালীপৰ্দাৰ ফালৰ পৰা ‘Regional Music Centre’ গোষ্ঠীটোক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform