Rupaliparda.com
অসমীয়াত কথা কয় সকলোকে মুহিলে অভিনেত্ৰী শ্ৰুতি হাছানেঃ 1

অসমীয়াত কথা কয় সকলোকে মুহিলে অভিনেত্ৰী শ্ৰুতি হাছানেঃ

বলীউড তথা তেলেগু ছবিৰ অভিনেত্ৰী শ্ৰুতি হাছানে শেহতীয়াকৈ নিজৰ প্ৰেমাস্পদ শান্তনু হাজৰিকাৰ সৈতে কটোৱা সময়কণৰ এক ভিডিঅ’ ভাইৰেল হৈছে চচিয়েল মিডিয়াত। ইনষ্টাগ্ৰামত পোষ্ট কৰা এক ভিডিঅ’ত অসমীয়াত কথা কোৱা দেখিবলৈ পোৱা যায় অভিনেত্ৰী গৰাকীক। তেওঁ কয় যে, “নমস্কাৰ, কি খবৰ? জয় আই অসম।” পিছলৈ তেওঁ নিজকে “ultimate ছোৱালী” বুলি প্ৰশংসা কৰে। এই ভিডিঅ’টিয়ে বৰ্তমান চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। শ্ৰুতি হাছানে অসম পুত্ৰ শান্তনুৰ সৈতে প্ৰেমত পৰাৰ কথাটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। যদিও শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছানৰ প্ৰেমৰ কথা দুয়োয়ে অইনৰ সমুখত স্পষ্টকৈ খুলি কোৱা নাই তথাপিও তেওঁলোক দুয়োগৰাকীৰেই চচিয়েল মিডিয়া পোষ্টবোৰে প্ৰেমৰ কথা জনসাধাৰণৰ মাজত দেখুৱাই দিয়ে। ২০০৩ চনৰ “লক” ছবিখনৰ দ্বাৰা বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা শ্ৰুতি হাছানক শেষবাৰৰ বাবে ছবি “ৱকীল চাহাব” ত দেখিবলৈ পোৱা গৈছিল; আনহাতে আহিবলগীয়া সময়ত আকৌ এবাৰ এই গৰাকী অভিনেত্ৰীক অভিনেতা প্ৰভাসৰ সৈতে দেখিবলৈ পোৱা যাব “সলাৰ” ত।

https://www.instagram.com/p/CRG0pVCDvqq9In6AIjZ3X5E5Vt9bt9HdY5zACs0/?utm_medium=copy_link

অসম পুত্ৰৰ সৈতে প্ৰেম জীৱনৰ আৰম্ভণি কৰা শ্ৰুতি হাছানক লৈ এতিয়া অসমবাসীও উৎসাহী; পেছাত এগৰাকী ডুডল আৰ্টিষ্ট শান্তনু হাজৰিকা। তেওঁ নিজেও ইনষ্টাগ্ৰামত ভিন্ন ফটোৰে শ্ৰুতি হাছানক লৈ নিজৰ প্ৰেম ব্যক্ত কৰি থাকে।ডেটিঙৰ পৰা আৰম্ভ কৰি নিজৰ জন্মদিনলৈ শ্ৰুতি হাছানে অতিবাহিত কৰে শান্তনু হাজৰিকাৰ সৈতে। ডেটিঙত যোৱা অৱস্থাত কেইবাদিনো মিডিয়াৰো সন্মুখীন হৈছিল প্ৰেমিকদ্বয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform