Rupaliparda.com
বৰ্ষাৰাণী বিষয়াৰ সাহস তেওঁৰ স্বামী ভাস্কৰ বৰুৱা; ভিডিঅ' সহ প্ৰকাশ কৰিলে মনৰ বতৰা 1

বৰ্ষাৰাণী বিষয়াৰ সাহস তেওঁৰ স্বামী ভাস্কৰ বৰুৱা; ভিডিঅ’ সহ প্ৰকাশ কৰিলে মনৰ বতৰা

বিবাহৰ পিছত নিজৰ স্বামীক লৈ প্ৰায়ে বিভিন্ন পোষ্টেৰে জনসাধাৰণৰ কাষ চপা অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াই ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ’ই বহুল হাৰত লাভ কৰিছে চৰ্চা। ২০২১ বৰ্ষৰ বহু প্ৰত্যাশিত বিবাহৰ মাজত এখন আছিল বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ। বয়সৰ ব্যৱধান থকা স্বত্বেও প্ৰেমৰ বান্ধোনেৰে বান্ধ খোৱা এই যুঁটিতো বৰ্তমান আন একাংশৰ বাবে প্ৰেৰণাৰ উৎস। শেহতীয়াকৈ আপলোড কৰা ভিডিঅ’টোত বৰ্ষাৰাণীয়ে ভাস্কৰ বৰুৱাক নিজৰ সাহস বুলি আখ্যা দিয়ে। বিগত দিনত ক’ভিডত আক্ৰান্ত হৈ নিজ বাসগৃহতেই কোৱাৰেন্টাইনত আছিল অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াকে লৈ তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। ক’ভিডৰ পৰা হাত সাৰি আহি শেহতীয়াকৈ তেওঁ ৰাইজক জনাইছে তেওঁৰ “ক’ভিড ৰিকভাৰী ষ্টৰী”। ব্যক্তিগত ইউটিউব চেনেল যোগে আপলোড কৰিছে অভিনেত্ৰী গৰাকীয়ে এই ভিডিঅ’টো। শাৰিৰীক ভাৱে সুস্থ হৈ থকাৰ সমান্তৰালকৈ এই ক’ভিড যুঁজত জয়ী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মানসিক সূস্থতা। কোনো এগৰাকী লোকে যদি সংঘৰ্ষ কৰি গৈ এই মহামাৰীটোক হৰুৱাম বুলি দৃঢ় হয় তেতিয়াহ’লে ব্যক্তিগৰাকীক আন কোনো হৰুৱাব নোৱাৰে বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে।

বৰ্ষাৰাণী বিষয়াৰ সাহস তেওঁৰ স্বামী ভাস্কৰ বৰুৱা; ভিডিঅ' সহ প্ৰকাশ কৰিলে মনৰ বতৰা 2


বৰ্ষাৰাণী এনে এগৰাকী অভিনেত্ৰী, যি গৰাকীয়ে এক দীঘলীয়া সময়ৰ পৰাই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিজ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে। আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে। বিবাহৰ পিছতো ইণ্ডাষ্ট্ৰীটোৰ সৈতে সক্ৰিয়তাৰে জড়িত হৈ আছে অভিনেত্ৰী গৰাকী; তেওঁৰ প্ৰকল্প বোৰৰ আপডেট সমূহ তেওঁ চচিয়েল মিডিয়া যোগেৰেই অনুৰাগী দি গৈ থাকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform