Rupaliparda.com
মানৱীয় প্ৰমূল্যবোধ আৰু জয়ন্ত হাজৰিকা, লগতে আজিৰ "সুৰ বাহিনী"- 1

মানৱীয় প্ৰমূল্যবোধ আৰু জয়ন্ত হাজৰিকা, লগতে আজিৰ “সুৰ বাহিনী”-

ক’ৰ পৰা আৰম্ভ কৰি ক’ত শেষ কৰিম সেয়া যেন বুজাব নোৱাৰো; কোনো এটা ভাল প্ৰকল্প উপভোগ কৰা পিছত ঠিক এনে অনুভৱ আমি একোগৰাকী দৰ্শক হিচাবে কৰো। শ্ৰদ্ধাৰ সংগীতশিল্পী জয়ন্ত হাজৰিকাক শ্ৰদ্ধা আৰু কৃতজ্ঞতা অৰ্পণৰ অৰ্থে একাংশ নৱপ্ৰজন্মই কৰা চেষ্টা আদৰণীয়। বৰ্তমান সময়ত মানৱীয় প্ৰমূল্যবোধ, আৱেগ, অনুভূতি আদি বোৰ ধোঁৱা চাঙত উঠা বুলি বহুতেই মন্তব্য কৰে। ইজনে সিজনৰ দুখ-কষ্টত সঁহাৰি নজনোৱাৰ লগতে প্ৰায় সময়ত ইজনে আনজনক তললৈ লৈ যোৱাৰ দৰে বহু খবৰ আমি দেখিবলৈ পাওঁ; কিন্তু সঁচাকৈ জানো আজিৰ প্ৰজন্ম ইমান অবুজ আৰু ইমান নিৰ্দয়? আচলতে, নহয়। আজিৰ দিনটো সমাজৰ স্বাৰ্থত ওলাই অহাৰ সততা ৰাখিছে নৱপ্ৰজন্মই; বহু সময়ত কৰা অধ্যয়নৰ দ্বাৰা সমাজ খনক আৰু এখোপ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চেষ্টা কৰে তেওঁলোকে। আমি আজিও মনত ৰাখিছোঁ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা তথা খগেন মহন্তৰ অৱদান সমূহৰ বিষয়ে। সেইবাবেই হয়টো সদ্যমুক্তিপ্ৰাপ্ত “সুৰ বাহিনী” চুটি ছবিখনে প্ৰত্যেকগৰাকী দৰ্শকৰ হৃদয়ত শিঁপাবলৈ সক্ষম হৈছে। বহু দিনৰ অন্তত অসমবাসীক উৎসাহিত কৰাৰ দ্বাৰা মুক্তি লাভ কৰিছে চুটি ছবি “সুৰ বাহিনী” য়ে। পৰিচালক গৰাকী পৰিচালনাৰ দিশটোত থকা পৰিপক্কতা আচলতে ইয়াত সঁচাকৈ ফুটি উঠিছে। অনন্ত তাছা প্ৰডাকচন বেনাৰত নিৰ্মিত এই চুটি ছবিখনে মুক্তিৰ পিছতেই জনসাধাৰণক আকৰ্ষণ কৰাৰ লগতে অধিক হাৰত ইতিবাচক মন্তব্য লাভ কৰিবলৈও সক্ষম হৈছে।


নিজৰ জীৱন অথবা পৰিয়ালৰ পাৰ্থিৱ সুখ সমূহক উফৰাই তেতিয়াৰ সময়ত বানপীড়িত সকলৰ বাবে ওলাই অহা জয়ন্ত হাজৰিকাই “সুৰ বাহিনী” ৰ জৰিয়তে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া চিৰস্মৰণীয়। তেওঁৰ সেই পদক্ষেপক অনুসৰণ কৰি আজিৰ প্ৰজন্মৰ এদল প্ৰতিভাই তেওঁলোকৰ চিকিৎসাৰত হৈ থকা বন্ধু গৰাকীৰ চিকিৎসাৰ খাতিৰত বাটে-পথে গীত গাই অৰ্থৰ যোগাৰ কৰে। এনে এক কাহিনীকেই আধাৰ হিচাবে লৈ “সুৰ বাহিনী” ক উলিয়াই দিয়া হৈছে ৰাইজৰ মাজলৈ। চৰিত্ৰৰ সালসলনি আৰু দ্বৈত চৰিত্ৰৰ ৰূপায়ণৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কমল লোচনে যি অভিনয় কৰিছে সেয়া সঁচাকৈ প্ৰশংসাৰ যোগ্য। এই দিশটোত তেওঁৰ দক্ষতা সঁচাকৈ মন কৰিবলগীয়া; আনহাতে, তেওঁৰ সৈতে একেলগে অভিনীত প্ৰয়াস শৰ্মা তামুলী, নিৰূপম শইকীয়া, অচিন্ত ৰাজ কাশ্যপ, লুচিয়ানা কাশ্যপৰ অভিনয়ো লেখত ল’বলগীয়া। নিজ নিজ চৰিত্ৰ সমূহক একপ্ৰকাৰ “justify” কৰিছে এই নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰী কেইগৰাকীয়ে। এতিয়া আমি যদি পৰিচালক গৰাকীৰ প্ৰসংগলৈ আহোঁ, তেতিয়াহ’লে ক’ব পাৰোঁ যে পৰিচালক গৰাকীয়ে প্ৰত্যেকৰে নিজ নিজ দিশত থকা দক্ষতাক ৰাইজৰ মাজত উলিয়াই আনিবলৈ সক্ষম হৈছে। এইখিনিতে, এনে এখন চুটি ছবিক আমাক উপহাৰ হিচাবে প্ৰদান কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰযোজক অনন্ত তাছাক। জনসাধাৰণৰ মাজত জয়ন্ত হাজৰিকাৰ বিষয়টোক উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁ যি অহোপুৰুষাৰ্থ কৰিছে তাৰ বাবে নৱপ্ৰজন্ম উপকৃত হ’ব বুলি আমি বিশ্বাসী।

মানৱীয় প্ৰমূল্যবোধ আৰু জয়ন্ত হাজৰিকা, লগতে আজিৰ "সুৰ বাহিনী"- 2
মানৱীয় প্ৰমূল্যবোধ আৰু জয়ন্ত হাজৰিকা, লগতে আজিৰ "সুৰ বাহিনী"- 3


আনহাতে, চুটি ছবিখনত সংযোজিত সংগীতটিয়ে চুটি ছবিখনক অধিক সোণত সুৱগা কৰি তুলিছে। প্ৰণত ৰাজখোৱাৰ কথা আৰু সুৰেৰে গীতটিৰ সংগীত ব্যৱস্থাপনা পল্লৱ তালুকদাৰৰ। “ৰ’দ” শীৰ্ষক এই সংযোজিত গীতটিত কণ্ঠদান কৰিছে শিশু প্ৰতিভা অদ্বিতি তাছাই। চুটি ছবিখনৰ কমেণ্ট বক্সত চকু ফুৰালেই আপুনি দেখিব “সুৰ বাহিনী” ৰ গ্ৰহণযোগ্যতা। এই নৱপ্ৰজন্মৰ দলটোৰ আৰু অধিক সফলতাৰ কামনা কৰিছে ৰূপালীপৰ্দাৰ সমগ্ৰ কলা-কুশলীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform