Rupaliparda.com
"দীনবন্ধু" ক ৰোমন্থন কৰি নিশিতা গোস্বামীৰ ৰীল ভিডিঅ'- 1

“দীনবন্ধু” ক ৰোমন্থন কৰি নিশিতা গোস্বামীৰ ৰীল ভিডিঅ’-

২ ঘণ্টা ৩০ মিনিট দৈৰ্ঘ্যৰ “দীনবন্ধু” হৈছে মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত সকলো অসমীয়া ছবি জগতৰ মাজৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ। ভৱেন্দ্ৰ নাথ শইকীয়াৰ “যৌতুক” নামে গল্পটিৰ আধাৰত নিৰ্মিত কৰা হৈছিল উক্ত চিনেমাখন। ২০০৪ চনৰ ১ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত চিনেমাখনৰ কাহিনীয়ে দৰ্শকক একমাত্ৰ আকৰ্ষিত কৰাই নহয় চিনেমাখনত থকা সকলো অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে দৰ্শকৰ মন টানিবলৈও সক্ষম হৈছিল। ছবিখনে বৰ্তমানেও দৰ্শকক উৎসাহিত কৰি ৰাখিছে। অৱশ্যে, এই ছবিখন ভাইমন দা অৰ্থাৎ পৰিচালক মুনিন বৰুৱাৰ এক মাষ্টাৰপিছ আছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনীত নিশিতা গোস্বামীয়ে শেহতীয়াকৈ ৰোমন্থন কৰিছে নিজ চৰিত্ৰটোক। “ক’ৰে জাক সপোন যেন বৰষুণ” শীৰ্ষক গীতটিৰ সৈতে ৰীল ভিডিঅ’ প্ৰস্তুত কৰি তেওঁ ছবিখনৰ লগতে ভাইমন দাক মনত পেলাইছে। ছবিখনে তেওঁক নতুন মাত্ৰা প্ৰদান কৰা বুলিও প্ৰকাশ কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। সাধাৰণ শ্ৰেণীৰ লোক এজনৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মিত কৰা হৈছিল “দীনবন্ধু”। কোনো ধৰণৰ দূনীৰ্তি অথবা ভ্ৰষ্টাছাৰ অবিহনেই নিজৰ আৰ্জিত কিছু ধনৰ লগত ; দুজনী জীয়ৰীক লৈয়ে সুখী পৰিয়াল আছিল চিনেমাখনৰ নায়কৰ ।ডাঙৰ জীয়েকৰ বিয়াত বিয়ৈ ফালৰ সকলো ইচ্ছাত ক্ৰুটি নপৰাকৈ চেষ্টা কৰিছিল নায়ক গৰাকীয়ে।

শেষত,তেওঁ নিজৰ বিবাহ তথা ডাঙৰ জীয়েকৰ বিয়াত ইমানেই টকা খৰচ কৰিছিল যে সৰু জীয়েকৰ বিবাহৰ সময়ত তেওঁৰ তলি উদং হৈ পৰিছিল। নায়ক গৰাকী উপায়হীন হয় তেওঁৰ সৰু জীয়েকক তেওঁ এখন চিঠিৰ জৰিয়তে বৰ্ণনা কৰি পলাই যোৱাৰ আদেশ দিছিল। এয়াই আছিল ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত “দীনবন্ধু” ৰ কাহিনীভাগ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform