আমি প্ৰায় স্কুলত মনোৰঞ্জনধৰ্মী প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি এইক্ষেত্ৰখনৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ পৰিছিলোঁ। প্ৰতিযোগিতাত লাভ কৰা পুৰষ্কাৰ সমূহে আমাক উৎসাহিত কৰে আৰু আগবাঢ়ি যোৱাত সহায় কৰে।অসমবাসীয়ে প্ৰতিটো সময়ত একোজন এনে প্ৰতিভাক উপভোগ কৰে; যিয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকে এই প্ৰতিভা সমূহ শ্বেয়াৰ কৰাটোও গ্ৰহণযোগ্য হৈ পৰে। আমি হয়টো এতিয়ালৈ এনে বহু প্ৰকল্পক উপভোগেই কৰা নাই যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো। মুঠতে, সেয়াই। আমাৰ এই ৰাজ্যখন বহুল হাৰত প্ৰতিভাৰে পৰিপূৰ্ণ। ছবিয়েই হওঁক, সংগীত অথবা নৃত্য তথা অভিনয় ইত্যাদি যিয়েই নহওঁক কিয়; চোকে-কোণে আপুনি এনে একোজন নৱপ্ৰজন্মক দেখিবলৈ পাব যিয়ে হয়টো পঢ়াৰ সমান্তৰালকৈ নিজ ইচ্ছাৰ তথা আগ্ৰহৰ বিষয়টোকো আগবঢ়াই লৈ গৈছে। ৰূপালীপৰ্দা পেজখনত যদি আপোনালোকে এবাৰ চকু ফুৰায়; তাতেই আচলতে আপোনালোকে দেখিবলৈ পাব প্ৰতিভা সমূহক। কেৱলমাত্ৰ একঘেয়ামী ধাৰণাৰে কন্ঠদান কৰি যোৱা অথবা কোনো এক বস্তু সৃষ্টিত নহয়; এই প্ৰতিভাসকল বিশ্বাসী নতুনত্বৰ প্ৰকাশত। প্ৰায় প্ৰত্যেকগৰাকী প্ৰতিভাক ইতিমধ্যে আগন্তুক পৰিকল্পনাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে জনসাধাৰণৰ মাজত নতুনত্ব সৃষ্টি কৰাৰ ওপৰতেই বিশ্বাসী বুলি উত্তৰত দিয়ে। আমি শেহতীয়াকৈ কথা পাতিছিলো মনোৰঞ্জন ক্ষেত্ৰখনত জড়িত এনে এগৰাকী প্ৰতিভা বৈশালী বৰাৰ সৈতে। আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “সংগীতৰ ক্ষেত্রখনত মই বহুত সৰুৰ পৰাই জড়িত বুলি ক’ব পাৰি। কিয়নো,ঘৰখনত এক সাংস্কৃতিক পৰিৱেশ মই সৰুৰ পৰাই পাই আহিছোঁ। মোৰ দেউতাই খুব সুন্দৰ গীত গাইছিল; দেউতা মোৰ এইক্ষেত্ৰখনৰ প্রথম গুৰু। সৰুতেই দেউতাৰ পৰা অসমীয়া চিৰসেউজ গীত বোৰ শুনাৰ তথা শিকাৰো সৌভাগ্য হৈছিল। মোৰ মায়ে যদিও গীত নাগায় তেখেত এগৰাকী ভাল শ্রোতা আৰু মাৰ পৰা সংগীতৰ ক্ষেত্রত যথেষ্ট অনুপ্রেৰণা পাই আহিছোঁ। তাৰ পিছত সংগীতৰ প্রতি মোৰ আগ্ৰহ দেখি মা দেউতাই সোণাৰি সংগীত মহাবিদ্যালয়ত নাম লগাই দিছিল। তাত মোৰ গুৰু শ্রী প্রসন্ন ফুকন ছাৰৰ ওচৰত মই শাস্ত্রীয় সংগীতৰ শিক্ষা লাভ কৰোঁ।
তেওঁ আগলৈ কয় যে, “আনুষ্ঠানিক সংগীতৰ শিক্ষা গ্ৰহণ কৰাৰ পিছৰে পৰা সংগীতৰ প্রতি থকা হেঁপাহ অধিক জাগি উঠিছিল। বিভিন্ন সংগীতৰ প্রতিযোগিতা সমূহত মই অংশ গ্ৰহণ কৰিছিলোঁ। এই প্রতিযোগিতা সমূহেও সংগীতৰ ক্ষেত্রখনত আগবাঢ়ি যাবলৈ যথেষ্ট উৎসাহিত কৰিছে মোক। এনেদৰেই আচলতে সংগীতৰ যাত্রা আৰম্ভণি হৈছিল বুলি ক’ব পাৰি।” কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত বৈশালীয়ে কয় যে, “আচলতে মোৰ মতে, সংগীত এনে এক বিষয়বস্তু যিয়ে আমাৰ চিন্তাশক্তি আৰু অনুভূতি সমূহক বিকশিত কৰি তোলাত সহায় কৰে। এটি সুমধুৰ সংগীতে মনলৈ প্রশান্তি অনাৰ লগতে সকলো চিন্তা ভাবনা দূৰ কৰি মানৱ জীৱন সুখময় কৰি তোলে। গতিকে মই ভাবোঁ সংগীতৰ বহুকেইটা উপাদান লগ হ’লেহে এটি গীতে পূর্ণতা লাভ কৰিব পাৰিব। গীত এটিৰ কথা- সুৰ আৰু সংগীত উচ্চমানদণ্ডৰ হোৱাৰ লগতে যদি কণ্ঠশিল্পী গৰাকীয়ে গীতটিৰ অৰ্থ বুজি নিজৰ ভাব প্ৰকাশ কৰে তেতিয়াই এটি সংগীতে পূৰ্ণতা লাভ কৰে । নৱপ্ৰজন্মই এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰা উচিত বুলি মই ভাবো।” আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ক’বলৈ গ’লে সংগীত যিহেতু মোৰ জীৱনৰ প্ৰথম ভালপোৱা গতিকে সংগীতক লৈ মোৰ বহুতো সপোন আছে। কষ্ট আৰু সাধনাৰ অবিহনে এগৰাকী কন্ঠশিল্পীয়ে কেতিয়াও পূর্ণতা পাব নোৱাৰে। গতিকে, সাধনা কৰি যোৱাটো মোৰ প্রথম লক্ষ্য। অসমীয়া চিৰসেউজ গীত বিলাকৰ চৰ্চা অব্যাহত ৰাখিম কিয়নো এই গীতবোৰ আমাৰ আপুৰুগীয়া সম্পদ। নিজৰ কিছু গীত বাণীবদ্ধ কৰাৰো পৰিকল্পনা আছে। ইতিমধ্যে “মাটিৰ ৰং” শীৰ্ষক মোৰ প্রথমটি গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিলোঁ ।গীতটিৰ গীতিকাৰ ড৹ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰৰ আৰু সুৰ মই দিবলৈ চেষ্টা কৰিছিলোঁ।
গতিকে সংগীতক লগত লৈয়ে জীৱন যাত্ৰাত আগবাঢ়িব বিছাৰিছো ।” বৈশালী বৰাৰ এনে পৰিকল্পনাই তেওঁক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে ৰাইজৰ মাজত। ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁক আমি জনাইছোঁ অশেষ শুভকামনা।
Add comment