Rupaliparda.com
"Zerothdrama"আৰু Heavy Budget ৰ ভালটো মই তোমাকে পাওঁ…But he is my bestfriend" ৰ চৰ্চা অব্যাহতঃ 1

“Zerothdrama”আৰু Heavy Budget ৰ ভালটো মই তোমাকে পাওঁ…But he is my bestfriend” ৰ চৰ্চা অব্যাহতঃ

চচিয়েল মিডিয়াত বৰ্তমান ট্ৰেণ্ডিঙত থকা এটা ভিডিঅ’ হৈছে “ভালটো মই তোমাকে পাওঁ…But he is my bestfriend” ৰ দ্বিতীয়টো সংস্কৰণ। “Zerothdrama” আৰু “Heavy Budget” নামে চেনেল দুটাৰ যুঁটীয়া প্ৰচেষ্টাৰে আপলোড হোৱা এই ভিডিঅ’টো এতিয়া বহুল সংখ্যাত শ্বেয়াৰ হোৱাৰ উপৰিও ইয়াত থকা কাহিনীভাগে আকৰ্ষিত কৰিছে বহু দৰ্শকক। আপোনালোকে নিশ্চয় ইয়াৰ প্ৰথমটো সংস্কৰণো উপভোগ কৰিছে; অৱশ্যে প্ৰথমটো সংস্কৰণৰ জনপ্ৰিয়তাৰ পিছতেই “Zerothdrama” নামে এই চেনেলটোৱে পূৰ্বতকৈ অধিক হাৰত দৰ্শক গোটাবলৈ সক্ষম হৈছে। উক্ত চেনেলটোৱে দীৰ্ঘদিনৰ পৰাই কিছুমান হাস্যৰসিক ভিডিঅ’ৰ সৃষ্টি কৰি দৰ্শকক আমোদ প্ৰদান কৰি আহিছিল। সাম্প্ৰতিক সময়ৰ সম্পৰ্ক সমূহৰ সৈতে টুইষ্ট কিছুমান আনি দৰ্শকক হঁহুুৱাব পৰা যি প্ৰতিভা; সেই প্ৰতিভাৰ বাবে এই চেনেলটোৰ সৈতে জড়িত প্ৰতিজন প্ৰশংসাৰ যোগ্য। বৰ্তমানৰ এই বিজ্ঞান ভিত্তিক তথা জটিল জীৱন যাত্ৰাত হাঁহিবলৈ পাহৰা জনসাধাৰণক অকণমান হাঁহিবলৈ অৱকাশ দিছে “Zerothdrama” চেনেলটোৰ এই ভিডিঅ’ সমূহে। অতি কম মিনিটৰ ভিতৰত যেতিয়া আপুনি হাঁহিবলৈ, অকণমান স্ফুৰ্তিৰে মন পাতলাবলৈ অৱকাশ লাভ কৰিব পাৰিব তেতিয়ানো কোন দৰ্শকে ইয়াক আওকান কৰিব পাৰিব! আজি হতাশাক আলিংগন কৰি আমি জীয়াবলৈ নিবিচাৰোঁ,আমি মনোৰঞ্জন বিচাৰোঁ আৰু এই মনোৰঞ্জনৰ দিশটোত নিজ অহোৰপুৰুষাৰ্থ প্ৰদৰ্শন কৰিছে এতিয়া নৱপ্ৰজন্মই।


উক্ত চেনেলটোৰ বৰ্তমান জনপ্ৰিয় হৈ পৰা ভিডিঅ’ “ভালটো মই তোমাকে পাওঁ……But he is my bestfriend” ৰ দ্বিতীয়টো সংস্কৰণত পূৰ্বৰ দৰেই এহাল প্ৰেমিক-প্ৰেমিকাৰ দৈনন্দিন জীৱনত ঘটা কিছু পৰিস্থিতিক হাস্যৰসিক ভাৱে উপস্থাপন কৰা হৈছে ভিডিঅ’টোত। প্ৰেমিকাৰ ঘনিষ্ঠ বন্ধু গৰাকীয়ে এজন প্ৰেমিকক দিয়া মানসিক অশান্তিত পৰি শেষলৈ প্ৰেমিকে কি পদক্ষেপ গ্ৰহণ কৰিলে; সেই সকলোবোৰৰ বৰ্ণনা হাস্যৰসিকভাৱে উপস্থাপন কৰা হৈছে এই ভিডিঅ’টোত। পূৰ্বৰ দৰে বিষয়বস্তু একেটা হ’লেও এইবাৰৰ সংস্কৰণটোত তেওঁলোকৰ কাহিনী আৰু উপস্থাপন শৈলী ভিন্ন। ভিডিঅ’টোত অভিনয় কৰিছে বেদব্ৰত বৰা, য়াশাশ্ৰী ভূঞা, টনী দেউৰী বসুমতাৰী, দেৱজিৎ, জনী আৰু ৰাগিনীয়ে। মুক্তি লাভৰ পিছতেই চচিয়েল মিডিয়াত বহুল চৰ্চা আৰু মিমৰ প্ৰস্তুত কৰা হৈছে ভিডিঅ’টোক লৈ। ইউটিউব লাখ লাখ দৰ্শকৰ সমাৱেশ ঘটিছে ভিডিঅ’টোত। বেদব্ৰত বৰা আৰু য়াশাশ্ৰী ভূঞাৰ যুঁটিটোৰ অনুৰাগী শাৰী যে দীঘলীয়া সেই কথা অৱশ্যে নুই কৰিব নোৱাৰি। তেওঁলোকৰ নতুন প্ৰকল্প সমূহক লৈ অপেক্ষাৰত হৈ থাকে দৰ্শক সকলো।

"Zerothdrama"আৰু Heavy Budget ৰ ভালটো মই তোমাকে পাওঁ…But he is my bestfriend" ৰ চৰ্চা অব্যাহতঃ 2


অনাগত দিনত উক্ত ইউটিউব চেনেল দুটাৰ তৰফৰ পৰা আৰু অধিক হাস্যৰসৰ ভিডিঅ’ৰ আশা কৰিছে মনোৰঞ্জনপ্ৰেমী দৰ্শকে। লগতে, চেনেল দুটাৰ সৈতে জড়িত প্ৰত্যেকগৰাকীকে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform