Rupaliparda.com
"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 1

“ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত”- বিৰিঞ্চি কুমাৰ গগৈ

আমি বাৰু এনে কিছুমান ব্যক্তিক মন কৰিছোনে যিয়ে অহৰহ কৰা চেষ্টাৰে কিবা এটা সুন্দৰ ৰাইজক প্ৰদান কৰিবলৈ প্ৰয়াস কৰে; যি বিষয় সাম্প্ৰতিক সময়ৰ লগত খাপখোৱা অথবা এখন বাস্তৱ ছবিক প্ৰতিফলিত কৰা বিধৰ। শেহতীয়াকৈ তুলনামূলকভাৱে বহু পৰিচালকৰ জন্ম হৈছে; একাংশই মনোৰঞ্জন ক্ষেত্ৰখনত নিজক এটা সুবিধা দিবলৈও আগবাঢ়ি অহা দেখা যায়; আনহাতে একাংশ এনেও পৰিচালক আছে যাৰ কেৱল মাত্ৰ ইচ্ছা আৰু প্ৰচেষ্টা জড়িত হৈ আছে পৰিচালনাৰ দিশটোত। এই বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই আমি এনে একাংশ চুটি ছবিক আপোনালোকৰ সমুখলৈ আনিছিলো যিসমূহৰ বিষয়বস্তু সমূহ আছিল সুকীয়া। এনে চুটি ছবি সমূহৰ ভিতৰত এখন আছিল “Frame Of Mind”। কোৱা বাহুল্য যে, অসমীয়া এই মনোৰঞ্জন ক্ষেত্ৰখনত এজনতকৈ এজন সৃষ্টিশীল প্ৰতিভা যে আছে সেই কথা নুই কৰিব পৰা নাযায়। প্ৰথমে চুটি ছবি সমূহৰ দ্বাৰাই এই ক্ষেত্ৰখনত যোগ দিবলৈ বিচৰা এনে নৱপ্ৰজন্মৰ পৰিচালক সমূহৰ বিষয়বস্তুবোৰক লৈ আকৰ্ষিত হৈ পৰে দৰ্শক সকলো; তেওঁলোকৰ প্ৰচেষ্টাত নতুনত্ব আৰু ব্যতিক্ৰম পৰিলক্ষিত হয়। যাৰ ফলত গ্ৰহণযোগ্য হৈ পৰে তেওঁলোকৰ প্ৰকল্প সমূহ। আমি আজি ৰূপালীপৰ্দাৰ তৰফৰ পৰা যিগৰাকী নৱপ্ৰজন্মৰ সৈতে কথা পাতিম তেওঁৰ নাম হৈছে বিৰিঞ্চি কুমাৰ গগৈ; তেওঁৰ উক্ত চুটি ছবি” খনত এগৰাকী পৰিচালকৰ মানসিক স্থিতিক উপস্থাপন কৰা হৈছে। এটা কাহিনীক ছবিৰ ৰূপ দিয়া সময়লৈ এগৰাকী পৰিচালকৰ মনস্তাত্বিক খেলি-মেলি সমূহক লৈয়ে নিৰ্মিত এই চুটি ছবিখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে। এই চুটি ছবিখনৰ পিছত বিৰিঞ্চি কুমাৰ গগৈৰ আন একাংশ প্ৰকল্পক লৈ উৎসাহিত জনসাধাৰণো।

"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 2


পৰিচালনাৰ সমান্তৰালকৈ বিৰিঞ্চি কুমাৰ গগৈ জড়িত অভিনয় দিশটোৰ সৈতেও। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা বতৰা যোগে পৰিচালনাৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত প্ৰতি বছৰে নাটক কৰিছিলোঁ। অভিনয়ৰ লগতে নাটক পৰিচালনা কৰাৰ চখ আছিল; গুৱাহাটীলৈ আহি ছিগাল থিয়েটাৰৰ লগত জড়িত হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰখনত ভালদৰে জড়িত হৈ পৰিলোঁ। বিগত বৰ্ষৰ পৰা হোৱা বিভীষিকাময় পৰিস্থিতিটোৱে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ কি সাল-সলনি কৰিছে বুলি প্ৰশ্ন কৰাত বিৰিঞ্চি কুমাৰ গগৈয়ে কয় যে, “ক’ভিড মহামাৰীৰ আগৰ আৰু পিছৰ পৃথিৱীখনৰ সাল-সলনি স্বাভাৱিক। বিভীষিকাময় পৰিস্থিতিৰ মাজত সৃষ্টিশীল কাম কাজ ৰুদ্ধ হৈছিল যদিও নিজৰ সাধনা আৰু আত্মবিশ্লেষণ কৰিবলৈ শিল্পীসকলক সময়ে যথেষ্ট সুবিধা কৰি দিছিল। ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত।” বিৰিঞ্চি কুমাৰ গগৈৰ সংক্ষিপ্ত আৰু স্পষ্ট উত্তৰ সমূহে তেওঁৰ অনুৰাগী সকলক আপ্লুত তথা আকৰ্ষণ কৰিছে বুলি আমি আশাবাদী। আগলৈ, তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলিলে মোৰ এটাই আছে, সেইটো হৈছে নাটক আৰু চিনেমাৰ অবিৰত সাধনা। এখন চুটি ছবিৰ প্ৰি-প্ৰডাকচনৰ কাম আৰম্ভ কৰিছোঁ; ইয়াৰ লগতে, নাটক কৰিবলৈ প্ৰেক্ষাগৃহত মানুহ আহিব পৰা পৰিস্থিতিলৈ বাট চাইছোঁ।”

"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 3

ইতিবাচক মানসিকতাৰে ক্ষেত্ৰখনত জড়িত হ’বলৈ বিচৰা বিৰিঞ্চি কুমাৰ গগৈৰ প্ৰতিটো পৰিকল্পাৰ সফলতা কামনা কৰিছোঁ। লগতে, তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform