Rupaliparda.com
"অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই"; খেলুৱৈ গৰাকীলৈ শুভকামনাঃ 1

“অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই”; খেলুৱৈ গৰাকীলৈ শুভকামনাঃ

যোগাত্মক ইতিবাচক খবৰবোৰে প্ৰায়ে আমাক উৎসাহিত কৰে আৰু বৰ্তমানৰ আটাইতকৈ ধনাত্মক খবৰটোৰ আঁৰত আছে অসম গৌৰৱ বক্সাৰ লাভলিনা বৰগোঁহাই। ১৯৯৭ জন্মগ্ৰহণ কৰা লাভলিনা টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰী। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ অনুষ্ঠিত হ’ব অলিম্পিক গেমছ। বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ “অলিম্পিক গেমছ” ত ৬৯ কেজিৰ ৱেলটাৰ ৱেইট শাখাত দেশক প্ৰতিনিধিত্ব কৰিব লাভলিনাই। শেহতীয়াকৈ তেওঁলৈ প্ৰতিজন অসমীয়াই নিজ নিজ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। শিৱ থাপাৰ পিছত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ দিশত দ্বিতীয়গৰাকী অসম সন্তান লাভলিনা অৰ্জুন বঁটাৰে সন্মানিত অসমৰ ষষ্ঠ গৰাকী খেলুৱৈ। লাভলিনাৰ উৎসাহ বৃদ্ধি তথা স্বৰ্ণ পদক লাভ কৰাৰ বাবে কামনা কৰি অসম চৰকাৰেও কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত “Go for Glory’ চাইকেল ৰেলী” উলিয়ায়। খেলুৱৈ গৰাকীক লৈ বহু শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাৰ মাজতেই তেওঁক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এটি নতুন গীত “অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই”। এগৰাকী অসমীয়া খেলুৱৈয়ে অলিম্পিকলৈ যোৱাৰ পথ প্ৰশস্ত কৰি কেৱলমাত্ৰ অসমতেই নহয় ভাৰতবৰ্ষটো নিজ নাম উজ্বলাবলৈ সক্ষম হৈছে। তেওঁক লৈ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়েও অৱশ্যে দৰ্শক-শ্ৰোতাৰ সমুখত বহুল হাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


গীতটিত কণ্ঠদান কৰিছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই। গীতটিত কথা পাপলু চেতিয়াৰ। এই জীৱনমুখী গীতটিত সুৰ আৰু সংগীত কৰিছে আন এটি বহুলভাৱে সমাদৃত যুঁটি পল্লৱ তালুকদাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ পল্লৱ তালুকদাৰৰ। গীতাৰ ঋতুৰাজ গগৈৰ আৰু বেছ হিমাংশু দাসৰ। ড্ৰাম বজাইছে জয় দাসে।নৱপ্ৰজন্মৰ মাজত তেনেই জনপ্ৰিয় আচুৰ্য্য বৰপাত্ৰ; তাতেই আকৌ শেহতীয়াকৈ তেওঁ খুমটাই বিধানসভা সমষ্টিত গ্ৰাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰিছিল। এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰাৰ পিছতেই কণ্ঠশিল্পী গৰাকীয়ে সক্ৰিয়তাৰে অঞ্চলটোৰ উন্নয়নৰ দিশত কাম আৰম্ভ কৰিছে। আনহাতে, পাপলু চেতিয়াৰ কথাৰে নিৰ্মিত গীতসমূহ বৰ্তমান ইটোৰ পিছত সিটো মুক্তিয়ে আপোনালোকক স্পষ্ট কৰিব সংগীত ক্ষেত্ৰখনত তেওঁৰ সক্ৰিয়তা কোনটো পৰ্যায়ত! সমান্তৰালকৈ, পল্লৱ আৰু প্ৰণৱ প্ৰিয়াংকুশৰ যুঁটিটোৰো চৰ্চা চলিছে সচেতন মহলত।

"অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই"; খেলুৱৈ গৰাকীলৈ শুভকামনাঃ 2


এনে একাংশ গীতে আচলতে সমগ্ৰ অসমীয়াক উৎসাহিত কৰাৰ লগতে এই গীতটিয়ে ইতিবাচক কমেণ্টো লাভ কৰিছে। “অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform