Rupaliparda.com
তিনিটা নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ ৰাকেশ ৰিয়ানঃ 1

তিনিটা নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ ৰাকেশ ৰিয়ানঃ

আন তিনিটা নতুন গীতৰ আকৌ ৰাইজৰ মাজলৈ কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আহিবলগীয়া গীত তিনিটাৰ বিষয়ে তেওঁ নিজেই ইনষ্টাগ্ৰাম যোগে অনুৰাগীক জানিবলৈ দিছে, গীত তিনিটা হৈছে ক্ৰমে “মৰমৰ দেহী ঐ”, “যদি মই কবিতা হওঁ”, “তুমি যে নাই”। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ পিতৃত্বৰ সুখ লাভ কৰা ৰাকেশ ৰিয়ানে জীয়ৰীৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই তেওঁ শ্বেয়াৰ কৰিছিল ফটো তথা ভিডিঅ’। কণ্ঠশিল্পী গৰাকীৰ জীয়ৰীৰ নাম নাইসা নাভেলী; তেওঁৰ জীয়ৰী তথা পত্নীৰ সৈতে কৰা ফটোশ্বুটে খলকনি লগাইছিল চচিয়েল মিডিয়াত।২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।

তিনিটা নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ ৰাকেশ ৰিয়ানঃ 2


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.