Rupaliparda.com
অগাধ সম্পত্তি; প্ৰিয়ংকা চোপ্ৰাই বিক্ৰী কৰিলে ২ টা ঘৰঃ 1

অগাধ সম্পত্তি; প্ৰিয়ংকা চোপ্ৰাই বিক্ৰী কৰিলে ২ টা ঘৰঃ

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা এগৰাকী সফল বিজনেছ ৱমেনো। অভিনেত্ৰী গৰাকীয়ে কাম কৰি ভাৰত আৰু বিদেশ দুয়ো ঠাইতে নিজৰ ভালেখিনি সম্পত্তি গঢ় দিছে। মুম্বাইত কেইবা কোটিৰ অধিকাৰী হোৱাৰ বিপৰীতে প্ৰিয়ংকা চোপ্ৰাৰ গোৱা আৰু নিউয়ৰ্কটো যথেষ্ট সম্পত্তি আছে। শেহতীয়াকৈ অহা খবৰনুসৰি, প্ৰিয়ংকা চোপ্ৰাই নিজৰ কিছু সম্পত্তি বিক্ৰী কৰি দিয়াৰ লগতে আন কিছু ভাড়াত দি দিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, অভিনেত্ৰী গৰাকীয়ে নিজৰ দুটা ঘৰ বিক্ৰী কৰিছে আৰু এটা অফিচক তেওঁ ভাড়াত দিছে। “বাস্তু” প্ৰকল্পৰ দ্বিতীয়টো মহলাস্থিত নিজৰ অফিচটোক অভিনেত্ৰী গৰাকীয়ে ২ লাখ ১১ হাজাৰ টকাত ভাড়াত প্ৰদান কৰিছে। আনহাতে, তেওঁ নিজ দুটা ঘৰৰ এটা তিনি কোটিত আৰু আনটো চাৰি কোটিত বিক্ৰী কৰিছে। যাৰ ৰেজিট্ৰেশ্বন মাছুল আছিল ক্ৰমে ৯ লাখ আৰু ১২ লাখ। প্ৰিয়ংকা চোপ্ৰা এগৰাকী কেৱল বি-টাউন অভিনেত্ৰীয়ে নহয়; বৰ্তমান তেওঁ এগৰাকী গ্লোৱেল ষ্টাৰ হৈ পৰিছে। কেৱল মাত্ৰ বলীউডতেই নহয়; তেওঁৰ চৰ্চা হোৱা দেখিবলৈ পোৱা যায় হলীউডতো। “মিছ ইণ্ডিয়া” খিতাপ অৰ্জনৰ পিছতেই নিজ কেৰিয়াৰৰ আৰম্ভণি কৰা প্ৰিয়ংকা চোপ্ৰাৰ সফলতাৰ কাহিনী সঁচাকৈ প্ৰশংসনীয়।

অগাধ সম্পত্তি; প্ৰিয়ংকা চোপ্ৰাই বিক্ৰী কৰিলে ২ টা ঘৰঃ 2


উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনাসে ক’ভিড ১৯ ৰ এই প্ৰকোপৰ পৰা ভাৰতক বচাবলৈ জমা কৰিছিল টকা। তেওঁলোকে নিজ অনুৰাগীসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই চচিয়েল মিডিয়াত একোটাকৈ পোষ্ট শ্বেয়াৰ কৰিছিল। অৱশ্যে এই আহ্বানৰ পিছতেই তেওঁলোকৰ তাত জমা হৈছে প্ৰায় ২ কোটি ৫০ লাখ টকা। সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.