Rupaliparda.com
ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰীৰ নতুন প্ৰকল্পঃ 1

ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰীৰ নতুন প্ৰকল্পঃ

ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰীৰ নতুন প্ৰকল্পৰ আৰম্ভণি। চচিয়েল মিডিয়া যোগে এই কথা জানিবলৈ দিয়ে অভিনেতা ৰবি শৰ্মাই, “হিয়া দিয়া নিয়া” ৰ পৰা আৰম্ভণি হোৱা এটি বৰ জনপ্ৰিয় অসমীয়া অভিনেতা-অভিনেত্ৰীৰ যুটি; “ককাদেউতাৰ ঘৰ জোঁৱাই” নামে বহু সমাদৃত ছবিখনতো এই যুটিটোকেই আমি দেখিবলৈ পাইছো। কিছুদিন পূৰ্বে উক্ত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কৰা ফটোশ্বুট এটা দেখা পোৱা গৈছিল। পুৰণি দিনক মনত পেলায় অনুৰাগীও এই যুটিটোক একেলগে দেখি উৎসাহিত হৈ পৰিছিল। গীতাৱলীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টৰ দ্বাৰা তেওঁলোকৰ ফটোশ্বুটৰ কেইটামান দৃশ্য জনসাধাৰণৰ মাজত উলিয়াই দিয়ে। এইবাৰ তেওঁলোকৰ যুটিৰে আহিবলগীয়া নতুন প্ৰকল্পক লৈ অপেক্ষাৰত ৰাইজ। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া।


আনহাতে, “হিয়া দিয়া নিয়া” ৰ পৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা ৰবি শৰ্মাই অসমীয়া ছবি ক্ষেত্ৰখনক ইখনৰ পিছত সিখনকৈ হিট ছবিৰ উপহাৰ দিছে। বৰ্তমানেও তেওঁৰ অভিনয় তথা ফিট ব’ডিৰ অনুৰাগী বহুলোক; সদ্যমুক্তিপ্ৰাপ্ত ডিজিটেল প্লেটফৰ্ম Niri9 ত উপলদ্ধ এখন ৱেব চিৰিজ Illegal ত দেখিবলৈ পোৱা গৈছিল ৰবি শৰ্মাক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.