Rupaliparda.com
Ibsonlal Baruah

ৰাফ cut : ইবচন লাল বৰুৱা, মোৰ ভগা খিৰিকী… ইত্যাদি ||– উৎপল মেনা

ইবচন লাল বৰুৱা। সংগীতৰ মানুহ। সংগীত কৰ্ম কৰা মানুহ, সংগীত চৰ্চা কৰা মানুহ। সংগীতৰ কাৰিকৰী কৰ্মৰ পৰা সৃষ্টি কৰ্মলৈ — প্ৰায় প্ৰতিটো কৰ্ময়ে কৰে। বৰ্তমান মুম্বাই ইবচনৰ সংগীত কৰ্মৰ স্থান, মুম্বাইত থাকিয়ে ‘অসমীয়া সংগীত’ৰো কাম কৰি আছে। ভাল কাম। ভালেমান কাম। সংগীত ৰসিকক সন্তুষ্ট কৰিব পৰা কাম, শ্ৰোতাক চুব পৰা কাম।
ভালেমান ভাল কামৰ মাজৰে এটা কাম, যিটো কাম মোৰ মনলৈ প্ৰথমে আহে
‘দীপৰ বিলৰ পাৰে পাৰে
ৰেল চলে ৰেল চলে
জাকে জাকে চৰাই উৰে
চৰাই জাকো উৰা মাৰে…’


— যেতিয়াই ইবচন লাল বৰুৱাৰ সৈতে কথা পাতো মনলৈ আহে এই গীতটো। গীতটোৰ কথা, সুৰ, গায়কী, চিত্ৰায়ণ। প্ৰতিটো দিশ। ‘সম্পূৰ্ণ গীত’টোত অনুভৱ হয় বাস্তৱ। দীপৰ বিলৰ বাস্তৱ ছবি।
‘দীপৰ বিলৰ পাৰতেই মোৰ জন্ম। দীপৰ বিলৰ বতাহ পানী সেৱন কৰিয়ে আমি ডাঙৰ হৈছোঁ। …’ –গীতটো শুনোৱাৰ পিছত কথা প্ৰসংগত ইবচনে কৈছিল।
সন্দেহ নাই দীপৰ বিলৰ সৌন্দৰ্য আৰু দীপৰ বিলৰ ওপৰেৰে এটা ৰে’ল লাইন হোৱাৰ পিছত স্পষ্ট হোৱা ‘পৰিণতি’ ইবচনে অনুভৱ কৰিছিল। আৰু অনুভৱৰ তাগিদাৰ ফচল ( আমাৰ ধাৰণাত) — ‘দীপৰ বিলৰ পাৰে পাৰে…’। আন কেইবাটাও দিশৰ লগতে এই গীতটোত স্পষ্ট হৈছিল ইবচনৰ ‘চিনেমেটিক’ অনুভৱ।


— কথা প্ৰসংগত ইবচন ক’লে ‘ভগা খিৰিকী’ৰ কথা– ‘২৯ আগষ্ট, ২০২১ত চিনেমা খনৰ গীত মুকলি হব।’ মুকলি কৰিলে।
‘ভগা খিৰিকী’ৰ আগ্ৰহেৰে ৰৈ আছিলো জাহ্নু বৰুৱাৰ পৰিচালনাৰে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা, শ্বাহনাব আলমে নিৰ্মাত কৰা অসমীয়া চিনেমা খন চাবলৈ। খা-খবৰ নহোৱা হ’ল। পাহৰি থাকিলো। আৰু মনত পেলাই দিলে মুকলি কৰি দিয়া গীতে। ‘বিষুৱ ৰেখা
নাপাওঁ দেখা
ভৰিৰ তলত
দুখন ধৰা
এখন আকাশ
আকাশ ফালি
মেঘৰ বিবাদ…
মোৰ ভগা খিৰিকী
পোহৰ দিয়া খিৰিকী
মোৰ ভগা খিৰিকী
দুৱাৰ খোলা খিৰিকী …’


— ‘ভগা খিৰিকী’ৰ গীতাংশ। কথা, সুৰ, সংগীত, গায়কী চুই যোৱা, মনত ৰৈ যোৱা। যিমানে শুনিছো, সিমানে বেছি সাংগীতিক সৌন্দৰ্য অনুভৱ কৰিছো। গীতটো শুনাৰ সময়ত আকৌ এবাৰ ইবচনৰ ‘চিনেমেটিক’ দখল অনুভৱ কৰিলো।


— কথা প্ৰসংগত চিনেমা খনৰ নায়িকা জেৰিফা ৱাহিদৰ পৰা অনুভৱ কৰিছিলো ‘ভগা খিৰিকী’ ৰূপালী গল্পটো। সেই ৰূপালী গল্পটোৱে অনুভৱ কৰিলো ইবচনে কথা-সুৰেৰে নিৰ্মাণ কৰা অনিন্দিতা পালে গোৱা গীতটোত। ধাৰণা কৰিব পাৰি চিনেমা খনৰ সংগীত পৰিচালক ইবচন লাল বৰুৱাই ‘ভগা খিৰিকী’ গল্পটোৰ আত্মা স্পৰ্শ কৰি গীতটোৰ শব্দ বোৰ সজাইছে।


— মনলৈ আহিছে জাভেদ আখতাৰৰ কথা। চিনেমাৰ গীতৰ প্ৰসংগত কথাশিল্পী গৰাকীয়ে কৈছিল, ‘চিনেমাৰ গান আৰু চিনেমাৰ বাবে গান — একে কথা নহয়। দূৰত্ব আছে। চিনেমাৰ বাবে গান — চিনেমাৰ গল্পটোৰ অলংকাৰ হব পাৰে, গল্প আগবঢ়াই নিয়াত বা গল্পৰ দৈৰ্ঘ বঢ়োৱাত ব্যৱহাৰ হব পাৰে, চিনেমাৰ গল্পৰ সৈতে মিল নথকা স্বাধীন গল্পৰ গানো হব পাৰে। কিন্তু চিনেমাৰ গান চিনেমাৰ বা চিনেমাৰ গল্পৰ অংশ। চিনেমাৰ গানত শব্দ-সুৰ আৰু সংগীতৰ সফল ব্যৱহাৰ সংগীত পৰিচালকৰ বাবে তেতিয়াহে সম্ভৱ হব পাৰে, যেতিয়া সংগীত পৰিচালকে চিনেমাৰ গল্পৰ আত্মা স্পৰ্শ কৰিব পাৰে।’ (উৎস: কিংষ্টাৰ,৭মাৰ্চ-২০০১)


ইবচন লাল বৰুৱা। কেৱল অসমীয়া চিনেমাৰ সংগীত কৰ্মৰ সৈতে জড়িত নহয়। আমি জনাত দেশৰ অন্যান্য প্ৰদেশৰ লগতে বিদেশৰো বহুখিনি সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত। সংগীত কৰ্ময়ে ইবচনৰ পেছা। ‘সংগীত মোৰ নিচা, সংগীত মোৰ পেচাও। বৰ্তমান মোৰ জীৱন নিৰ্বাহৰ বাবে উপাৰ্জনৰ একমাত্ৰ পথ সংগীত।’ — ইবচনে কৈছিল।প্ৰথমবাৰ ‘মুখা মুখী’ত কথা প্ৰসংগত। চন, তাৰিখ মনত নাই। ইমান খিনিয়ে মনত আছে — জয় বৰুৱাৰ প্ৰথমটো এলবাম মুকলিৰ দিনা, মহানগৰীৰ টাউন ক্লাৱত।


এই যে পেচা, সেই বাবে মনে বিছৰা বহু সংগীত কৰ্ময়ে সময়ত কৰা নহয়, মন-মগজুত লৈ ফুৰে ইবচনে। বিপৰীতে উপাৰ্জনৰ বাবে কৰিবলৈ বাধ্য হয় মনে নিবিছৰা কামো। প্ৰসংগক্ৰমে ইবচনে কৈছিল — ‘কেৱল নিচাৰ কাৰণে সংগীতৰ কাম কৰিলে নিশ্চয় অপচন্দৰ কাম নকৰিলো হয়! বিষয়বস্তু অথবা মই সংযোগ স্থাপন কৰিব নোৱাৰা বিষয় এটাক নকৰো বুলি ক’ব পাৰিলোহেঁতেন। কিন্তু পেচা হোৱা বাবে অমাৰ্জিত বিষয়বস্তুৰ বাহিৰে মই ভাল পোৱা, মই বেয়া পোৱা সকলো কাম কৰিবলৈ চেষ্টা কৰো। কেৱল মই ভাল পোৱা কামটোহে কৰিম বুলি ভাবিলে হয়টো মোৰ উপাৰ্জনৰ পথটো সংকীৰ্ণ হৈ পৰিব। আৰু সেয়া মোৰ বাবে সমস্যা হব।’


‘ভগা খিৰিকী’ৰ কামো নিঃসন্দেহে পেচাৰ কাম; কিন্তু মনৰ বিপৰিতে কৰা কাম নহয়। পৰিচালক জাহ্নু বৰুৱাৰ পৰা চিনেমা খনৰ কাহিনী শুনাৰ পিছত, কাহিনী অনুভৱ কৰাৰ পিছত হৃদয়ৰ তাগিদাত নিৰ্মাণ হোৱা গীত — ‘বিষুৱ ৰেখা/ নাপাওঁ দেখা…’। আমাৰ ধাৰণাত ‘ন যুঁজৰ ৰণুৱা’ (কথা), ‘মেঘৰ জোলোঙা …’ (কথা), ‘পৰিধি ভাঙি …’ (কথা-কণ্ঠ), ‘আহ ঐ আহ খেতি কইৰবাক লোগি …’ (কথা), ‘দিহিঙে দিচাঙে দিবাঙে…’, (কথা), ‘তেজীমলা …'(কথা), ‘উজায়ে যা নৈ বেলিটিক ক গৈ …’ (কথা), ‘বকুল ফুলৰ দৰে…’ (ভিডিঅ’ পৰিকল্পনা) মনৰ বিপৰিতে কৰা কাম নহয়। এই কামত স্পষ্ট শব্দ আৰু কেমেৰা ভাষা প্ৰয়োগত সমানে অনুভৱি ইবচন লাল বৰুৱা।

|| ইবচন লাল বৰুৱাই লিখা কেইটিমান গীত ||
১। উজায়ে যা নৈ
বেলিটিক ক গৈ — কণ্ঠ : পাপন (চিনেমা : ৰামধেনু)।
২। নদী মাথোঁ বয় — কণ্ঠ : পাপন।
৩। হাঁহি এটি পিন্ধি লোৱা — কণ্ঠ : পাপন।
৪।হাতৰ ৰেখাই – কণ্ঠ : পাপন (চিনেমা : উল্কা)।
৫। অমানিশা সাৰে আছে — কণ্ঠ : জুবিন গাৰ্গ।
৬। অহেতুক — কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : অহেতুক)।
৭। তৰাৰ দৰে — কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : উল্কা)।
৮। পৃথিৱী ৰঙীন — কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : মন)।
৯। অভিলাষী মনে — কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : মন)।
১০। আহ ঐ আহ
খেতি কইৰবাক লোগি — কণ্ঠ : দীক্ষু।
১১। গান পাগলা — কণ্ঠ : দীক্ষু।
১২। দিহিঙে দিচাঙে দিবাঙে — কণ্ঠ : দীক্ষু।
১৩। মেঘৰ জলঙা — কণ্ঠ : পম্পী গগৈ।
১৪। তেজীমলা — কণ্ঠ : জয় বৰুৱা।
১৫। ৰাভা — কণ্ঠ : জয় বৰুৱা।
১৬।।দীপৰ বিলৰ পাৰে পাৰে — কণ্ঠ : ইবচন লাল বৰুৱা।
১৭। থাকিবানে সাৰে… — কণ্ঠ : শ্বাশ্বতী ফুকন।

Utpal Mena

Add comment

Leave a Reply

Recent posts

The Ultimate Managed Hosting Platform

Most popular

Most discussed

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

%d bloggers like this: