Rupaliparda.com
এখন থ্ৰীলাৰ ছবিৰে অসমীয়া ছবি জগতলৈ আহি আছে "বুৰ্বকৰ খেল"- 1

এখন থ্ৰীলাৰ ছবিৰে অসমীয়া ছবি জগতলৈ আহি আছে “বুৰ্বকৰ খেল”-

বিগত কেইবাটাও বৰ্ষৰ পিছত শেহতীয়াকৈ উত্থানৰ মুখ দেখিবলৈ পাইছিল অসমীয়া ছবি জগতখনে। ক’ৰোণা সংক্ৰমণে এই ক্ষেত্ৰখনত কিছু বিৰাম লগাইছে যদিও আহিবলগীয়া সময়ত কেইবাখনো সুন্দৰ ছবিৰ মুক্তিৰ খবৰে উৎসাহিত কৰিছে জনসাধাৰণক। আচলতে, বৰ্তমান ছবিক্ষেত্ৰখনে নতুন নতুন বিষয়বস্তুৰ লগতে প্ৰতিভাশীল নৱপ্ৰজন্মৰ প্ৰতিভাক উপভোগ কৰিছে। বাণিজ্যিক দিশটোতকৈ অধিক কলাৰ দিশটোক গুৰুত্ব দি নিৰ্মাণ হোৱা ছবিসমূহে আচলতে একাংশ জনসাধাৰণৰ অধিক ধ্যান আকৰ্ষণত সক্ষম হৈছে। আহিবলগীয়া সময়ত আন এখন অসমীয়া ছবিৰ সৈতে আহিবলৈ সাজু হৈছে একাংশ অসমীয়া শিল্পী। ন-পূৰণি অভিনেতা-অভিনেত্ৰীকে ধৰি কেইবাগৰাকীও প্ৰতিষ্ঠাৱান কন্ঠশিল্পীৰ অন্তৰ্ভূক্তিৰে বৰ্তমান প্ৰায় প্ৰস্তুতি তুংগত উঠিছে এখন অসমীয়া ছবি “বুৰ্বকৰ খেল (Game Of Fools)” ৰ।

এখন থ্ৰীলাৰ ছবিৰে অসমীয়া ছবি জগতলৈ আহি আছে "বুৰ্বকৰ খেল"- 2
এখন থ্ৰীলাৰ ছবিৰে অসমীয়া ছবি জগতলৈ আহি আছে "বুৰ্বকৰ খেল"- 3


থ্ৰীলাৰধৰ্মী এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে অশ্বিন কেলকৰ। লগতে, ছবিখনৰ সহঃপৰিচালনা অংকুৰ ডেকা, সমৰ জ্যোতি চৰকাৰ আৰু অধিৰাজ কাশ্যপৰ। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সথানন্দ ৰংগাৰাজ, হৰ্ষ গুপ্তা আৰু ৰবি ৰাজ মুৰ্মুৰে। আনহাতে, ছবিখনত অভিনয় কৰিছে ক্ৰমে জ্যোতি নাৰায়ণ নাথ, কুলদ্বীপ চহৰীয়া, অতনু মহন্ত, ৰঞ্জিতা বৰুৱা, ৰাজশ্ৰী শৰ্মা, পলাশ মেছ, ৰাজীৱ কলিতা, ৰনাল্ড হুচেইন, অংশুমান, মিনিমিৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। ছবিখনৰ শব্দত কাম কৰিছে অৰ্ণৱ বৰা, সতীশ তিৰিয়া, নিশান্ত ৰামটেকে আৰু ধ্ৰুৱ বড়োই। জানিব পৰা মতে, ডাঙৰ পৰ্দাত মুকলি কৰাৰ পূৰ্বেই ছবিখনক পোনপ্ৰথমে ছবি সমাৰোহ সমূহলৈ প্ৰেৰণ কৰা হ’ব।

এখন থ্ৰীলাৰ ছবিৰে অসমীয়া ছবি জগতলৈ আহি আছে "বুৰ্বকৰ খেল"- 4
এখন থ্ৰীলাৰ ছবিৰে অসমীয়া ছবি জগতলৈ আহি আছে "বুৰ্বকৰ খেল"- 5


ছবিখনৰ এটি মূখ্য চৰিত্ৰত অভিনীত ৰঞ্জিতা বৰুৱাই প্ৰায়ে চচিয়েল মিডিয়াত শ্বুটিং সময়ছোৱাৰ বিভিন্ন ফটো আপলোড কৰি দৰ্শকক উক্ত ছবিখনৰ প্ৰতি আকৰ্ষণ কৰি ৰখা দেখিবলৈ পোৱা যায়। ছবিখনত অন্তৰ্ভূক্ত হৈ পৰা প্ৰতিজন শিল্পীৰ অনুৰাগী বৰ্তমান ছবিখনক লৈ উৎসাহী হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform