২৭ বছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “বাজীগৰ” য়ে বৰ্তমানেও জনসাধাৰণক সমপৰিমাণে মনোৰঞ্জন প্ৰদান কৰি আছে। যিটো সময়ত এজন হিৰো’ই খলনায়কৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ ভয় খাইছিল; সেইটো সময়ত শ্বাহৰুখ খানে এক নিগেটিভ চৰিত্ৰ ৰূপায়নেৰে দৰ্শকৰ হৃদয় জিনা দেখিবলৈ পোৱা গৈছিল। কিন্তু আপোনালোকে জানেনে? এই চৰিত্ৰটোৰ বাবে পোনপটীয়া প্ৰস্তাৱ লাভ কৰা নাছিল অভিনেতা শ্বাহৰুখ খানে। অক্ষয় কুমাৰ, অজয় দেৱগন অথবা ছলমান খানৰ মাজৰ এগৰাকীক এই ছবিখনৰ বাবে গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল নিৰ্মাতা সকলে। আচলতে, “বাজীগৰ” কৰাৰ পূৰ্বে শ্বাহৰুখ খানক প্ৰায় ৭ খন ছবিত দেখিবলৈ পোৱা গৈছিল; যাৰ এখন ছবিয়েও দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হোৱা নাছিল। কিন্তু উক্ত অভিনেতা কেইজনৰ এগৰাকীয়েও চৰিত্ৰটোৰ বাবে প্ৰস্তুত হোৱা নাছিল, আনকি অভিনেতা ছলমান খানে “বাজীগৰ” ৰ চৰিত্ৰটো ৰূপায়ন কৰিলে তেওঁৰ কেৰিয়াৰ নষ্ট হৈ যাব বুলিও মন্তব্যও কৰিছিল।


কিন্তু এবাৰ এখন বেলেগ স্ক্ৰীপ্টৰ বিষয়ে জানিবলৈ শ্বাহৰুখ খান অব্বাস-মস্তানৰ অফিচ পাইছিলগৈ। আৰু, তাতেই তেওঁলোকে বিক্কী মালহোত্ৰাৰ চৰিত্ৰটোৰ বাবে এজন দিল্লীৰ সৈতে সম্বন্ধ ৰখা এজন যুৱকৰ সন্ধান কৰি আছিল; তাত তেওঁলোকে শ্বাহৰুখ খানক “বাজীগৰ” ৰ কাহিনীৰ বিষয়ে জনালে আৰু কিং খানেও এই চৰিত্ৰটোৰ বাবে এবাৰতেই মান্তি হৈছিল। পিছলৈ, এই ছবিখনৰ বাবে শ্বাহৰুখ খানে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
Add comment