Rupaliparda.com
ভিন্ন ভাষা তথা ভিন্ন ধাৰাৰ সৈতে অভিলাষ চৌধুৰীৰ পৰিকল্পনা 'While She Waits for The Spring"- 1

ভিন্ন ভাষা তথা ভিন্ন ধাৰাৰ সৈতে অভিলাষ চৌধুৰীৰ পৰিকল্পনা ‘While She Waits for The Spring”-

আমি সংগীত ভালপাঁও, আমি যেনেদৰে সুস্বাদু ব্যঞ্জন ভালপাঁও ঠিক তেনেদৰে মিঠা কণ্ঠৰে সুন্দৰ বিষয়বস্তুৰে ৰচিত এটি গীত আমাৰ প্ৰিয়। আমি আপোনালোকক আগতেও কেইবাবাৰো কৈছোঁ, কিছুমান গীতক লৈ আমি আঁকোৰ-গোঁজ। কেতিয়াবা আপোনালোকৰ লগত বাৰু এনে হৈছেনে যে ক’ৰবাত দূৰ ঠাই ভ্ৰমণ কৰাৰ সময়ত প্ৰিয় গীতকেইটাৰে এখন তালিকা প্ৰস্তুত কৰি কেৱল সেই কেইটা গীতেৰে নিজৰ দীঘলীয়া বাটছোৱা অতিক্ৰম কৰিবলৈ মন যোৱা। প্ৰায় সংগীতপ্ৰেমী একোগৰাকী শ্ৰোতাৰ এখন নিৰ্দ্দিষ্ট প্লে-লিষ্ট আছে, য’ত সাঙুৰ খোৱাৰ ইচ্ছা থাকে প্ৰতিগৰাকী কণ্ঠশিল্পীৰ। নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বুলিলেই আপোনালোকৰ মনলৈ অহা প্ৰথম শব্দ দুটা কি বাৰু? নতুনত্ব তথা ব্যতিক্ৰমীতা নহয়নে? হয় সঁচাকৈ সাম্প্ৰতিক সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মৰ নতুন চিন্তাধাৰাই সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে সাধাৰণ ৰাইজ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈছে। এইখিনিতে, এক সংগীত এলবামৰ বাতৰিৰে আপোনালোকক উৎসাহিত কৰিবলৈ বিচাৰিছোঁ। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী অভিলাষ চৌধুৰীৰ প্ৰচেষ্টাৰে নিৰ্মিত এটা সংগীত এলবামে অতিশীঘ্ৰে মুক্তি লাভ কৰিব শ্ৰোতাৰ মাজত। মুঠ ১০ সংগীত সমৃদ্ধ এই এলবামটোৰ নাম হৈছে ‘While She Waits for The Spring”।

ভিন্ন ভাষা তথা ভিন্ন ধাৰাৰ সৈতে অভিলাষ চৌধুৰীৰ পৰিকল্পনা 'While She Waits for The Spring"- 2


ইংৰাজী, অসমীয়াকে ধৰি হিন্দী ভাষাৰে তথা বাদ্যযন্ত্ৰ সংগত কৰি এই ১০ টা গীত ৰচনা কৰা হৈছে। ৩৮ মিনিট ১৭ ছেকেণ্ড দৈৰ্ঘ্যৰ এই এলবামটোত সংযোজিত প্ৰতিটো গীতেই বৰ্তমান সময়ৰ জনসাধাৰণৰ মাজত অহৰহ চলি থকা নেতিবাচক চিন্তা-ধাৰাক আঁতৰাই বিশেষকৈ বস্তুগত পৃথিৱীখনৰ পৰা কিছু সময় বিৰত ৰাখি তেওঁলোকক আমোদ প্ৰদানৰ চেষ্টা কৰিব। বৰ্তমান পৰিপ্ৰেক্ষিতৰ প্ৰতিজন লোকেই চিন্তাগ্ৰস্ত। ক্ষমতাৰ আশংকা, আৱেগবিহ্বল হোৱা, ভৱিষ্যতৰ চিন্তা, অনুশোচনা, অস্তিত্বৰ সংকট, আনৰ সমালোচনা আদি বিভিন্ন চিন্তা সম্বলিত আমাৰ এই জীৱন যাত্ৰাত আমাক কিছু সময়ৰ প্ৰশান্তিৰ খুবেই প্ৰয়োজন আৰু এই প্ৰশান্তি প্ৰদানৰ স্বাৰ্থতেই অভিলাষ চৌধুৰীয়ে নিজাববীয়াকৈ এই এলবামটিৰ পৰিকল্পনা কৰিছে। সংগীতৰ এটা মাত্ৰ ধাৰাক কেন্দ্ৰ কৰাৰ বিপৰীতে Alternative Rock, Rnb, Blues, Jazz, Electronic, Pop আদি কেইবাটাও ধাৰাত এই গীতসমূহ প্ৰস্তুত কৰি উলিওৱা হৈছে। অহা ৮ অক্টোবৰ তাৰিখে মুকলি কৰা হ’ব এলবামটি। ইয়াত থকা গীত সমূহ হৈছে ক্ৰমে,

১. The Search Is Over (Intro)

২. Subah

৩. ডাৱৰীয়া

৪. Adhoora

৫.While She Waits

৬. Yaar Dost (Interlude)

৭. Dream

৮. Ittefaaq

৯.Waves Of Jowai (নুবুজি নেজানি)

১০. Desire

ভিন্ন ভাষা তথা ভিন্ন ধাৰাৰ সৈতে অভিলাষ চৌধুৰীৰ পৰিকল্পনা 'While She Waits for The Spring"- 3


আহিবলগীয়া এই এলবামটোৰ বাবে অপেক্ষাৰত শ্ৰোতা সমাজ। নহবওঁনো কিয়? এগৰাকী নৱপ্ৰজন্মৰ তৰফৰ পৰা হোৱা এনে প্ৰচেষ্টাই উৎকণ্ঠিত কৰে শ্ৰোতা সমাজক। অভিলাষ চৌধুৰীৰ উক্ত এলবামটিৰ বাবে ৰূপালীপৰ্দাৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform