Reeldrama ৰ উল্লেখনীয় প্ৰকল্প ‘মৃত্যুঞ্জয়’ য়ে শেহতীয়াকৈ ইতিবাচক মন্তব্য লাভ কৰিবলৈ সক্ষম হৈছে। ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব। ৯ টা ৰহস্যধৰ্মী হত্যাৰ আঁৰত থকা এটা হত্যাকাৰীক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা চিৰিজখনে আপ্লুত কৰিছে সকলোকে। ৱেব চিৰিজখনৰ কাহিনীভাগৰ লগতে ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ তথা যথোপযুক্ত অভিনয়ে চিৰিজখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে ৰাইজৰ মাজত। আমাৰ সমাজখনত ধনাত্মক আৰু ঋণাত্মক এই দুই শক্তিয়ে ক্ৰিয়া কৰি থাকে, আমাৰ মনৰ মাজটো এই দুই শক্তিয়ে বাহৰ পাতি থাকে কিন্তু এই দুই শক্তিৰ মাজৰ কোনবিধে আমাক আগ্ৰাসনত ল’ব পাৰে অথবা কোনবিধ শক্তিক আমি আমাৰ জীৱনত অধিক প্ৰাধান্য দিওঁ, সেই আটাইবোৰ নিৰ্ভৰ কৰে আমাৰ কৰ্মসমূহৰ ওপৰত। এই চিৰিজখনত এনে কিছু কথাক সাঙুৰিয়ে কাহিনীভাগৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

উক্ত চিৰিজখনত অভিনীত জয় কাশ্যপ, উদয়ন দুৱৰা, জ্যোতি নাৰায়ণ নাথ, ভাগৱত প্ৰীতম, ৰঞ্জীৱ লাল বৰুৱা, হিমাংশু গগৈ, ৰিচা ভৰদ্বাজ, ৰূপম শৰ্মা আৰু মধুস্মিতা দিহিঙীয়াই নিজ নিজ চৰিত্ৰসমূহক সুন্দৰভাৱে ৰাইজৰ আগত উপস্থাপনৰ চেষ্টা কৰিছে। বিশেষকৈ,এই ক্ষেত্ৰত আমি জয় কাশ্যপ আৰু উদয়ন দুৱৰাৰ নাম ল’ব লাগিব, এওঁলোক দুয়োগৰাকীৰ মাজত থকা অভিনয়ৰ দক্ষতা চিৰিজখনৰ জৰিয়তে সুন্দৰভাৱে ওলাই পৰিছে। চিৰিজখনৰ আন এক মনোগ্ৰাহী দিশ এয়াও যে ৯ টা হত্যাকাণ্ডৰ কাহিনীৰ ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। ৱেব চিৰিজ খনৰ সৃষ্টিকৰ্তা হৈছে ৰতনশীল শৰ্মা লগতে পৰিচালনাৰ দায়িত্বত আছে অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনৰ জনপ্ৰিয় পৰিচালক নানান পাঁচনি। কাহিনীভাগ লিখিছে নয়ন সাউদ আৰু জাহ্নৱী মজুমদাৰে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নতুনৰ সংযোজনে কাকনো উৎসাহিত নকৰে! নহয়নে? অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণৰ মাজত চিনাকী লাভ কৰাটো সঁচাকৈ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। অসমীয়া সাংস্কৃতিক তথা মনোৰঞ্জন ক্ষেত্ৰখনত জনসাধাৰণৰ বাবে একাংশই কৰা প্ৰচেষ্টা তথা প্ৰয়াস নুই কৰিব পৰা নাযায়। বৰ্তমান সময়ছোৱাত মনোৰঞ্জন জৰুৰী হৈ পৰিছে জনসাধাৰণৰ বাবে; হতাশগ্ৰস্ততাই প্ৰভাৱ বিস্তাৰ কৰা একাংশৰ বাবে একমাত্ৰ মনোৰঞ্জনেই হৈছে যিয়ে এজন ব্যক্তিক নিজৰ চিন্তাৰ পৰা কিছু সময় বিৰত ৰাখি আমোদ প্ৰদান কৰিব পাৰে।

চিৰিজখনৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।
Add comment