১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” ৰ বিষয়ে আপোনালোকক হয়টো নতুনকৈ আকৌ এবাৰ জনাই দিয়াৰ প্ৰয়োজন নাই। ছবিখনৰ কাহিনীভাগৰ লগতে ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন কাহিনী ইতিমধ্যে চচিয়েল মিডিয়াত বহুল হাৰত চৰ্চিত তথা ভাইৰেল হৈছে। এই ছবিখনে দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ এই ছবিখনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু,, পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত ব’বলৈ আৰম্ভ কৰিলে। মানুহৰ মুখে মুখে কেৱল মাত্ৰ গানেই নহয়; উচ্চাৰিত হৈছিল ছবিখনৰ সংলাপো আৰু তেতিয়াৰ পৰাই “শ্বোলে” লাভ কৰিছিল সফলতাৰ সোৱাদ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত জনপ্ৰিয় উক্ত ছবিখন। ইয়াৰ পিছত ছবিখনৰ পৰিচালক ৰমেশ সিপ্পিৰ আৰু কোনো ছবিয়ে “শ্বোলে” ৰ সমান বস্ক অফিচত জনপ্ৰিয় হোৱা নাই। কাৰিকৰী দিশৰ পৰা ভালদৰে নিৰ্মিত “শ্বোলে” আছিল এনেকুৱা এখন চিনেমা য’ত বিদেশৰ পৰা উপাদান ধাৰ কৰি ভাৰতীয় মূল্যবোধৰ সৈতে মিশ্ৰণ ঘটাই জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছিল। পৰিচালক ৰমেশ সিপ্পি আছিল তেতিয়াৰ পৰাই জনসাধাৰণৰ মাজত জনপ্ৰিয়, তেওঁৰ প্ৰতিটো প্ৰকল্পৰ বাবে অপেক্ষাৰত আছিল দৰ্শক সমাজ। আজি আমি আপোনালোকক ৰমেশ সিপ্পিৰ বিষয়ে জনাই থকাৰ আঁৰত আছে এক বিশেষ খবৰ। ছবিক্ষেত্ৰখনৰ লগতে ৰমেশ সিপ্পিৰ টেলিভিছন ক্ষেত্ৰখনৰ সৈতেও এক সুন্দৰ তথা সক্ৰিয় সংযোগ আছে, তেওঁ নিৰ্মাণ কৰা ধাৰাবাহিকসমূহেও আচলতে লাভ কৰি আহিছে সফলতা।


শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই জনপ্ৰিয় পৰিচালক গৰাকীয়ে অসমৰ পৃষ্ঠভূমিক লৈ নিৰ্মাণ কৰি উলিয়াইছে এখন ধাৰাবাহিক ‘কোপা’। এখন কালজয়ী ধাৰাবাহিক ‘বুনিয়াদ’ ৰ বহুল সফলতাৰ পিছত অৰ্থাৎ ১৯৮৬ চনৰ পিছত এইবাৰ তেওঁ ‘কোপা’ ৰ সৈতে ৰাইজৰ কাষ চাপিছে। সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬.৩০ বজাত দূৰদৰ্শনযোগে সম্প্ৰচাৰিত এই ধাৰাবাহিক খনৰ নিৰ্মাণ কাৰ্যত তেওঁৰ পত্নী কিৰণ জুনেজাইও সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালকৈ অভিনেত্ৰী কিৰণ জুনেজাক ধাৰাবাহিকখনত মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰীগৰাকীৰ মাতৃৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে। উক্ত ধাৰাবাহিকখনৰ কাহিনীভাগ লিখিছে জনপ্ৰিয় ধীৰজ মিশ্ৰাই, ‘গোৱা ফিল্ম বজাৰ’ ত ৰমেশ সিপ্পি আৰু কিৰণ জুনেজাক লগ পাই ধীৰজ মিশ্ৰাই ধাৰাবাহিক খনৰ কাহিনীভাগৰ কথা ব্যক্ত কৰিছিল আৰু পৰৱৰ্তী সময়ত, দীঘলীয়া বাৰ্তালাপৰ পিছত ‘কোপা’ ৰ পৰিকল্পনা কৰা হয়। উল্লেখ্য যে, অসমক লৈ নিৰ্মাণ হোৱা এই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ অসম আৰু মুম্বাইৰ বিভিন্ন স্থানত কৰা হৈছে। অসমৰ বিভিন্ন জন অভিনেতা-অভিনেত্ৰীৰ মাজত থিয়েটাৰ আৰ্টিষ্ট মনোজক ‘কোপা’ ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে।

অসমক লৈ নিৰ্মাণ হোৱা প্ৰতিটো প্ৰকল্প প্ৰতিগৰাকী অসমবাসীৰ বাবে আপোন। তাতেই আকৌ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এনে এগৰাকী পৰিচালকে অসমক লৈ কৰা ধাৰাবাহিক নিৰ্মাণে আমাক গৌৰৱান্বিত কৰিছে। ইয়াৰ সৈতে জড়িত প্ৰত্যেককে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।
Add comment