মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰলায়ৰ অধীনস্থ ফ্লীম ডীভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ”হাতী বন্ধু” এই মাহৰ ২৯ তাৰিখে সন্ধিয়া ৫:০০ বজাত মুম্বাইৰ ৱাৰ্লি ৰ নেহৰু চেন্টাৰত মহোৎসৱ খনৰ শুভ আৰম্ভণি হ’ব আৰু ৪ জুনত অন্ত পৰিব। পৰিচালক কৃপাল কলিতা ই মহোৎসৱত যোগদানৰ বাবে ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে। হাতী বন্ধু তথ্য চিত্ৰ খনৰ মূল বিষয় হ’ল হাতী মানুহৰ সংঘাট বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা।এই সংঘাট ৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এটা নিয়মীয়া ঘটনাত পৰিগনিত হৈছে।
এনে এক জীয়া সমস্যা ৰ পোনপ্ৰথম বাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞা ৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাট ৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে।
এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ “হাতী বন্ধু”। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধু ৰ ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.
“ব্ৰিজ” চিনেমা খনেৰে ৰাষ্ট্ৰীয়- আন্তৰাষ্টীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতা ই হাতী বন্ধু ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰ খনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে।

হাতী বন্ধু ৰ ইংৰাজী ধাৰা বিবৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু নয়ন প্ৰসাদে অসমীয়া ত ধাৰা বিবৰনি দিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভাই। মুম্বাই ৰ কেনেৰিজ প’ষ্ট ছাউণ্ড ষ্টুডিঅ’ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে।
সম্পাদনা কৃপাল কলিতা,ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ আনন্দৰ। ।শব্দ গ্ৰহন গুনজীৎ শৰ্মা। এনিমেছন ভাস্কৰ শইকীয়া,গ্ৰাফাক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ।
Add comment