Rupaliparda.com
নৱবৰ্ষৰ ২৭ জানুৱাৰীত "অনুৰ" ||-- উৎপল মেনা 1

নৱবৰ্ষৰ ২৭ জানুৱাৰীত “অনুৰ” ||– উৎপল মেনা

মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা “অনুৰ”ৰ দুখন পোষ্টাৰ মুকলি কৰে নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, মলয়া গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, তৰালি শৰ্মা আদিকে ধৰি ভালেমান চিনেকৰ্মী-চিত্ৰ ৰসিকৰ উপস্থিতিত।

মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা “অনুৰ”ৰ দুখন পোষ্টাৰ মুকলি কৰে নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, মলয়া গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, তৰালি শৰ্মা আদিকে ধৰি ভালেমান চিনেকৰ্মী-চিত্ৰ ৰসিকৰ উপস্থিতিত।

পোষ্টাৰ দুখনে চিনেমা খনৰ বিষয়বস্তুৰ ইংগীত দিছে। পৰিচালক মঞ্জুলে আমাক চিনেমা খনৰ কাহিনী শুনাইছিল। যিটো কাহিনী শুনাইছিল, সেই কাহিনীটো আজিৰ বিশ্বৰ যিকোনো স্থানৰে হব পাৰে। পুত্ৰ-বোৱাৰী থকাৰ পাছতো জীৱনৰ শেষৰ সময় খিনি অকলশৰে কটোৱা এগৰাকী মাতৃৰ কাহিনীৰে ৰচনা হৈছে “অনুৰ” ৰূপালী গল্পটো। কথাটো এনে নহয়, পুত্ৰই মাকক নিজৰ লগত ৰাখিব নিবিছাৰে। দেশৰ বাহিৰত থকা মাকক পুত্ৰই কয়, “তই কিয় তাত অকলে থাকিব লাগে! আহ, আমাৰ লগতে থাকিবি!” মাক নাযায়। যি খন ঘৰৰ সৈতে বহু সেউজ স্মৃতি জড়িত হৈ আছে, সেই ঘৰখন এৰি যায় কেনেকৈ! –চিনেমা খনৰ এই “অকলশৰীয়া মাক” গৰাকীয়ে চিনেমা খনৰ কেন্দ্ৰীয় চৰিত্ৰ। এই চৰিত্ৰটোৰ বিপৰীতে ঠিয় কৰাইছে অসমত কৰ্মৰত হৈ অৱসৰ লোৱা এজন হিন্দীভাষী আইএএচ বিষয়াৰ চৰিত্ৰ। এই চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰজত কাপুৰক লৈ। এই চৰিত্ৰ দুটাক গুৰুত্ব দি ডিজাইন কৰিছে “অনুৰ”ৰ পোষ্টাৰ দুখন।

নৱবৰ্ষৰ ২৭ জানুৱাৰীত "অনুৰ" ||-- উৎপল মেনা 2

ডা° জাহানাৰা বেগমৰ কথাৰে:
“অনুৰ” ৰ কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰিছে ডা° জাহানাৰা বেগমে। অভিনেত্ৰী গৰাকীয়ে অনুৰাধা শৰ্মা পূজাৰীৰ গল্প এটা পঢ়িছিল আন বহু গল্প পঢ়াৰ দৰে। পঢ়াৰ পাছত অনুভৱ কৰিছিল গল্পটোৰ মূল চৰিত্ৰটো যেন অভিনেত্ৰী গৰাকীৰ মনলৈ শিপাইছে, মনত ৰৈ গৈছে। আৰু অনুভৱ কৰিছিল সার্বজনীন (universal) কাহিনীটো চিনেমা হব পাৰে। আৰু “চিনেমা হব পাৰে” অনুভৱ কৰাৰ সময়তে গল্পটো মঞ্জুল বৰুৱালৈ প্ৰেৰণ কৰিলে। অভিনেত্ৰী গৰাকীৰ ধাৰণা, গল্পটোৰ চিত্ৰৰূপ মঞ্জুলৰ দৰে সংবেদনশীল পৰিচালকৰ পক্ষেহে সম্ভৱ! এয়া প্ৰথমটো লকডাউনৰ সময়ৰ কথা। গতিকে ঢেৰ সময় পাইছিল মঞ্জুলে। প্ৰায় ১৮ মাহ সময় পৰিশ্ৰম কৰি মঞ্জুলে অভিনেত্ৰী গৰাকীক চূড়ান্ত চিত্ৰনাট্য খন দিছিল। চিত্ৰনাট্য খন হাতত পৰাৰ পাছৰে পৰা অভিনেত্ৰী গৰাকীয়ে “চৰিত্ৰ”টোৰ মাজত সোমাবলৈ চেষ্টা কৰিছিল। কাৰণ জাহানাৰা বেগম আৰু “চৰিত্ৰটো’ৰ মাজত স্বাভাৱিকতে দূৰত্ব আছে।

নৱবৰ্ষৰ ২৭ জানুৱাৰীত "অনুৰ" ||-- উৎপল মেনা 3

অনুৰাধা শৰ্মা পূজাৰীৰ কথাৰে:
“অনুৰ” ৰ পোষ্টাৰ মুকলি অনুষ্ঠানত লেখক অনুৰাধা শৰ্মা পূজাৰীৰ পৰা জানিব বিচাৰিছিলো– গল্পটো আৰু ৰূপালী গল্পটোৰ দূৰত্ব। জানিব পাৰিলো বিষয়বস্তুৰ দূৰত্ব নাই। বিষয়বস্তুৰ চিনেমেটিক গতি দিয়াৰ স্বাৰ্থত নতুন চৰিত্ৰ নিৰ্মাণ কৰিছে। কাহিনী বিন্যাসত চিত্ৰনাট্যকাৰে গুৰুত্ব দিছে।

তৰালি শৰ্মাৰ কথাৰে:
“অনুৰ” ত গীত নাই। গীতৰ বাবে কাহিনীয়ে ঠাই দিয়া নাই। আৱহ সংগীতৰ বাবেও খুব কম সুযোগ আছে। “এনে ধৰণৰ চিনেমাত সংগীতৰ কাম কৰা আমাৰ বাবে সহজ নহয়। কেতিয়াবা শব্দহীনতাও সংগীতলৈ ৰূপান্তৰ হৈছে।” –চিনেমা খনৰ সংগীত পৰিচালক তৰালি শৰ্মাই ক’লে। (এই চিনেমা খন চিত্ৰ গৃহলৈ আহিব নৱবৰ্ষৰ ২৭ জানুৱাৰীত।)

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform