
এখন নতুন অসমীয়া চিনেমা– ‘গুৱাহাটী ডায়েৰীজ’। প্ৰশান্ত শইকীয়া পৰিচালনা। ডাঃ প্ৰণীতা শইকীয়াৰ প্ৰযোজনা। প্ৰযোজক গৰাকীৰ আমন্ত্ৰণ –“আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ১০ জুন ২০২২ তাৰিখে মুক্তি লাভ কৰিব প্ৰহৰ প্ৰডাকচনৰ প্ৰয়োজনাত নির্মিত অসমীয়া চিনেমা ‘গুৱাহাটী ডায়েৰীজ’-ৰ ট্ৰেইলাৰ৷ তদুপলক্ষে আয়োজন কৰা অনুষ্ঠানলৈ আপোনাক নিমন্ত্রণ জনালোঁ৷ আপোনাৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিব৷” যথা সময়ত উপস্থিত থাকিব নোৱাৰিলো, শুভেচ্ছা অৱশ্যেই জনালো। আশা ৰাখিলো অহা ১ জুলাইৰ পৰা চিত্ৰৰসিকে এখন ভাল চিনেমা চোৱাৰ সুযোগ পাব। –হয়, অহা ১ জুলাইত চিত্ৰগৃহলৈ আহিব চিনেমা খন। শেহতীয়া ভাবে এটি দিশ স্পষ্ট– কেৱল প্ৰচাৰ আৰু “তাৰকা শক্তি” (star power)-এ চিনেমা চলাব নোৱাৰে, অসমীয়া চিনেমা চলাব নোৱাৰে। (অৱশ্যে অসমীয়া চিনেমাৰ তাৰকা বিষয়টো প্ৰশ্নোবোধক।) উদাহৰণ– অসমীয়া চিনেমা “গংগা”, হিন্দী চিনেমা “Dhaakad” (১০০ কোটি টকা বাজেটৰ এই চিনেমা খনে মাত্ৰ ৩.৭৭ কোটি টকাহে ব্যৱসায় কৰিছে।), “Anek” (৪৫ কোটি টকা বাজেটৰ এই চিনেমা খনৰ ব্যৱসায় মাত্ৰ ১১.৫৯ কোটি টকা।) । বিপৰীতে ১০০ কোটি টকাৰ “KGF 2 ( All Languages) চিনেমাই ব্যৱসায় কৰিছে ( কৰি আছে। আৰু বাঢ়িব। চিনেমা খনত তাৰকা আৱশ্যেই আছে। ব্যৱসায় কিন্তু কেৱল তাৰকা কেন্দ্ৰীক নহয়। যথা স্থানত ইতিমধ্যে চৰ্চা কৰিছো।) ১২৩৫.২ কোটি টকা। আৰু অসমীয়া? কোনো “তাৰকা”ই অভিনয় নকৰা কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত “লোকেল উৎপাত” -ৰ বক্স অফিচ কালেকচন ১ কোটি টকা , ৩৫ টা চিত্ৰ গৃহত (১জুনৰ খবৰ। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৩ মে’, ২০২২ত)। আমি আশা ৰাখিম– “গুৱাহাটী ডায়েৰীজ’ সফল হব, ব্যৱসায়ত, চিনেকৰ্মৰে চিত্ৰ ৰসিকক সন্তুষ্ট কৰাত। এই চিনেমা খনত অভিনয় কৰিছে উৰ্মিলা মহন্ত, বৰষাৰাণী বিষয়া, উদয়ন দুৱৰা, মিণ্টু বৰুৱা, ৰঞ্জীৱলাল বৰুৱা, নাজ চুলতানা, অৰ্ঘদীপ বৰুৱা, হেমন্ত দেৱনাথ,ৰঞ্জীৱ লাল বৰুৱা, কমল লোচন, মিন্টু বৰুৱা, নাজ চুলতানা আদিয়ে। চিনেমা খনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই, সম্পাদনা অভিজিৎ ৰয়ৰ, ডি-আই কালাৰ ৰতন শীল শৰ্মাৰ, শব্দ-সজ্জা বিজয় কুমাৰ নাথ আৰু বলেন পাঠকৰ, শব্দ-সংমিশ্রণ বিজয় কুমাৰ নাথৰ। সংগীত পৰিচালনা অম্বৰীশ শইকীয়া, অমিতাভ বৰুৱা আৰু পৰাণ বৰকটকীৰ। গীতৰ ৰচনা হিৰেন্দ্ৰ সিনহা, অংশুমান বৰা আৰু নাজ চুলতানাৰ। জানিব পাৰিছো, চিনেমা খনত ৪টা গীত ব্যৱহাৰ কৰিছে– এটা হিন্দী, তিনিটা অসমীয়া। সম্ভৱতঃ কাহিনী, পৰিবেশৰ দাবীত পৰিচালকে হিন্দী গীতটো ব্যৱহাৰ কৰিছে!
Add comment