Rupaliparda.com
।। আদিপুৰুষ বনাম শ্ৰী ৰঘুপতি।। --উৎপল মেনা 1

।। আদিপুৰুষ বনাম শ্ৰী ৰঘুপতি।। –উৎপল মেনা

“আদিপুৰুষ” –এখন তেলেগু চিনেমা। হিন্দীতো নিৰ্মাণ হৈছে। ডাব কৰা হৈছে তামিল, মালায়ালম আৰু কন্নড় ভাষাত। বাজেট: ৫০০ কোটি টকা। ১৬ জুনত চিত্ৰগৃহলৈ অহা চিনেমা খনে ভাৰতীয় চিনেমাৰ বজাৰ খন দখল কৰি লৈছে, প্ৰচাৰ চমকেৰে, বজাৰ চিন্তাৰে। (চিনেমা খনৰ চিত্ৰনাট্য ৰচনাৰ সময়তে বজাৰ চিন্তা আৰম্ভ হৈছিল; আৰু বাজেট স্থিৰ কৰা হৈছিল।) সন্দেহ নাই পৰিচালনা শৈলী, নিৰ্মাণ চমকেৰে কেইটামাণ সপ্তাহ দপদপাই থাকিব– চিত্ৰগৃহত।

আৰু অভিনয় চমক?

-অভিনয়ত আছে: প্ৰভাষ, কৃতি স্যানন, ছেইফ আলী খান, সানি সিং, দেবদত্ত নাগে, বৎসল শেঠ, সোনাল চৌহান, ত্রুপ্তি তোৰাদমাল আদিৰ লগতে অমিতাভ বচ্চন।

ইমান খিনি চমকৰ পাছতো কিন্তু চিনেমা আলোচক সকলে ভাল পোৱা নাই। তৰণ আদৰ্শে কৈছে– “epic disappointment”, মহাকাব্যিক হতাশা। কিন্তু বজাৰত আশা– ৫০০ কোটি টকা বাজেটৰ চিনেমা খনৰ প্ৰযোজক পক্ষই চিত্ৰগৃহলৈ অহাৰ পূৰ্বে সংগ্ৰহ কৰিছে ৪৩২ কোটি টকা। প্ৰথম দিনটোত box office collection ৪০-৪৫কোটি টকা (হিন্দী)।

📌”আদিপুৰুষ”ৰ দপদপনিৰ মাজতো কিন্তু নিস্প্ৰভ নয়য় এখন অসমীয়া চিনেমা।

📌এখন অসমীয়া চিনেমা– “শ্ৰী ৰঘুপতি”। চিত্ৰঘৃহলৈ আহিছে যোৱা ৫ জুনত। চিনেমা খনৰ বাজেট ৩ কোটি টকাৰ বেছি নহয়। “আদিপুৰুষ”ৰ দৰে অভিনয়ত “তাৰকাৰ তালিকা”ও নাই। ভাল লগা দিশটো হ’ল– অসমীয়া চিনেমা খনৰ বাণিজ্য গতিক বাধা দিয়াত ব্যৰ্থ– “আদিপুৰুষ”।

মহানগৰীৰ “অনুৰাধা”ত “শ্ৰী ৰঘুপতি”ৰ তিনিটা দৰ্শনীৰ বিপৰীতে “আদিপুৰুষ”ৰ দৰ্শনী এটা। পি ভি আৰত “শ্ৰী ৰঘুপতি” ৬টা, “আদিপুৰুষ”ৰ ৮টা। মহানগৰীৰ চিত্ৰগৃহত ৫১টা দৰ্শনী চলি আছে, “আদিপুৰুষ”ৰ সৈতে সংঘাত নোহোৱাকৈ। আৰু মহানগৰীৰ বাহিৰতো “শ্ৰী ৰঘুপতি”ৰ গুৰুত্ব বাঢ়ি থকাৰ খবৰ পাইছোঁ। –এয়া কম সুখৰ খবৰ নে?

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform