Rupaliparda.com
শ্ৰী ৰঘুপতি

।। শ্ৰী ৰঘুপতি: পৰিপাটি ৰূপালী গল্প।। — উৎপল মেনা

Commercial films are films that are created and funded with the sole
purpose of generating a profit.

চিনেমাৰ “আৰ্ট-কমাৰ্চিয়েল” বিভাজনৰ ঊর্ধ্বত আমাৰ চিনেমা ধাৰণা।
“আৰ্ট” হীন “কমাৰ্চিয়েল” চিনেমা নিৰ্মাণ হয়নে, নিৰ্মাণ সম্ভৱ নে?

–চিনেমা পৰিচালকৰ মাধ্যম। চিনেকৰ্মৰ নিয়ন্ত্ৰক পৰিচালকৰ চিনেচিন্তা।
চিনেমা নিৰ্মাণ পৰ্ব আগবঢ়ে দুই ধৰণে– কাহিনী কেন্দ্ৰীক বিষয়বস্তু বা বিষয়বস্তু কেন্দ্ৰীক কাহিনী নিৰ্মাণেৰে। এয়া চিনেমা নিৰ্মাণ পৰ্বৰ প্ৰথম বিন্দু। দ্বিতীয় বিন্দু– পৰিচালকে (আৰু চিত্ৰনাট্যকাৰে) নিৰ্দিষ্ট গল্পটো বিষয়বস্তুৰে বান্ধি কেনেদৰে দেখুৱাব খোজে। এই দ্বিতীয় বিন্দুটোতে ঠিক হয়– চিনেমা খনৰ পৰিচালনা শৈলী।

আহিছো– “শ্ৰী ৰঘুপতি” প্ৰসংগলৈ। এখন পৰিপাটি অসমীয়া চিনেমা। তামিল-তেলেগু বা হিন্দী চিনেমাত যে মাৰ-পিটৰ দৃশ্য চিত্ৰায়ণ কৰে, তেনেদৰে “শ্ৰী ৰঘুপতি”তো কৰিছে। কিন্তু “শ্ৰী ৰঘুপতি” তামিল-তেলেগু বা হিন্দী শৈলীৰ মাজত সোমায়ো “অসমীয়া চিনেমা” হৈ থাকিল।
সন্দেহ নাই, সম্ভৱ হৈছে পৰিচালক শুব্ৰত কাকতিৰ চিনে দক্ষতাৰ বাবে।

ৰঘুপতি

চিনেমা খনৰ কাহিনী, সংলাপ ৰবি শৰ্মাৰ। চিত্ৰনাট্য আৰু সম্পাদনা পৰিচালক শুব্ৰত কাকতিৰ।
কাহিনী, সংলাপ: ৰূপালী গল্পটোৰ নায়ক– ৰঘুপতি। আই পি এছ বিষয়া। দুৰ্নীতিৰ আঁতৰত থকা বিষয়া। পিতৃ-মাতৃ, একমাত্ৰ ভগ্নী, প্ৰেয়সী– এয়াই ৰঘুপতিৰ পৰিয়াল।

ৰঘুপতিৰ ভগ্নীৰ ইচ্ছা বা জীৱনৰ লক্ষ্য শিক্ষয়ত্ৰী হোৱা, গাঁৱত শিক্ষাৰ পোহৰ বিলোৱা। লক্ষ্য স্থানত খোজ পেলালে ৰঘুপতিৰ ভগ্নীয়ে। এখন গাঁৱত শিক্ষাৰ পোহৰ বিলোৱাত ব্যস্ত হ’ল।
কাহিনী আগবাঢ়ে, মসৃন গতিত।

“সুখৰ গল্প”লৈ দুখ আহে– শিশু সৰবৰাহ চক্ৰ এটাৰ এজনে ধৰ্ষণ কৰে, হত্যা কৰে ৰঘুপতিৰ ভগ্নীক।

আৰু ভগ্নীৰ মৃত্যুৰ পাছৰে পৰা গল্পৰ মুড সলনি হয়। কাহিনীলৈ খলনায়ক আহে। ৰঘুপতিয়ে শিশু সৰবৰাহ চক্ৰৰ বিৰূদ্ধে যুঁজ আৰম্ভ কৰে। শেষত নায়ক ৰঘুপতিৰ হাতত খলনায়কৰ মৃত্যু। শিশু সৰবৰাহ চক্ৰৰ কৱলৰ পৰা কেইবা গৰাকীয়ো কিশোৰীক উদ্ধাৰ।

কাহিনী লেখকে ৰাজনীতিক-ফেশ্বন জগতৰ একাংশ আৰু শিশু সৰবৰাহ চক্ৰক লৈ বিষয়বস্তুৰ ৰেখা এডাল টানছে। আমাৰ ধাৰণাত– এই চিনেমা খনৰ নিৰ্মাণ পৰ্বৰ প্ৰথমটো বিন্দু, চৰিত্ৰ (কাহিনী) কেন্দ্ৰীক বিষয়বস্তু।

শ্ৰী ৰঘুপতি

আহিছো সংলাপলৈ।

চিনেমা খনৰ কাহিনীৰ টাৰ্ণি পইণ্ট দুটা।
দ্বিতীয়টো টাৰ্ণি পইণ্টত গতি দিছে সংলাপেৰে– “ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি, ৰামৰ জন্ম হৈছিল লংকাৰ ৰাৱণক বিনাশ কৰিবলৈ, ৰাৱণ বিনাশ হ’ল সঁচা কিন্তু তাৰ পিছত জন্ম হ’ল হেজাৰ হেজাৰ ৰাৱণ।…”

–এই সংলাপটোৰে (সিদ্ধাৰ্থ শৰ্মাক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ মুখত দিয়া) হতাশৰ মাজত সোমাই পৰা ৰঘুপতিক মুক্ত কৰিছিল। “গল্প”ক ৰঘুপতি কেন্দ্ৰীক গতি দি খলনায়কৰ বিৰূদ্ধে ঠিয় কৰাইছিল।

আন এটা সংলাপ, মন চুই যোৱা, মগজুত ৰৈ যোৱা– “এগৰাকী ছোৱালীৰ যেতিয়া ধৰ্ষণ হয়, কেৱল তাইৰ শৰীৰটোৱেই ধৰ্ষিতা নহয়। ধৰ্ষণ হয় তাইৰ মাকৰ কষ্টৰ, দেউতাকৰ সপোনৰ আৰু এটা পৰিয়ালৰ আশাৰ”। আৰু ভালে মান সংলাপ আছে, যিবোৰ ৰূপালী গল্পটোৰ অলংকাৰ হৈ সৌন্দৰ্য বঢ়িইছে, গল্পক গতি দিয়াত সহায় কৰিছে। সংলাপ লেখকে “সাহিত্য”ৰ সংলাপ লিখা নাই, “চিনে সংলাপ” লিখিছে।

চিত্ৰনাট্য:
এক কথাত– দুৰ্বল চিত্ৰনাট্য। মূল চৰিত্ৰটো নিৰ্মাণতে ব্যৰ্থ চিত্ৰনাট্যকাৰ। বিন্যাসত ব্যৰ্থ। বিন্যাস মসৃন গতিহীন। খলনায়কৰ চৰিত্ৰ বিন্যাস মূল গল্পৰ গতিত উজুটি।

ৰঘুপতি

পৰিচালনা:
দুৰ্বল চিত্ৰনাট্য সবল ৰূপালী গল্পলৈ ৰূপান্তৰ হৈছে পৰিচালকৰ পৰিপাটি পৰিচালনাৰ বাবে। প্ৰথম ৩০মিনিট মান দৈৰ্ঘৰ গতি মন্থৰ। মন্থৰ গতি আমনিদায়ক হোৱা নাই। কাহিনীৰ বুনিয়াদ নিৰ্মাণৰ মন্থৰ গতিৰ এই “দৈৰ্ঘ”তে পৰিচালক স্পষ্ট কৰিছে ভূগোল; আৰু ৰূপালী গল্পটোৰ বুৰজ্ঞী স্পষ্ট কৰিছে ক্ৰমে, কাহিনীৰ গতিত। নায়কৰ ভগ্নীৰ মৃত্যুৰ পাছত ৰূপালী গল্পটোৰ গতি দ্ৰুত হৈছে। দ্ৰুত গতিয়ে চিনে সৌন্দৰ্য বঢ়াইছে।

নায়কৰ ভগ্নীৰ মৃত্যুৰ পাছত গল্পটোক গতি দিছে এটা গীতেৰে–
হে নাৰায়ণ
হে নাৰায়ণ
কিনো অৱতাৰ
প্ৰাণৰ কাতৰ
তোমাৰ চৰণ
যাতনা যি য’ত
আমাৰ জীৱন …।

–গীতটোৰ চিত্ৰায়ণ পৰিপাটি। গল্প আগবঢ়াই নিয়া গীতটোত অসমীয়া বাদ্য, নৃত্যৰ প্ৰয়োগক এনেদৰেও ক’ব পৰা যায়– চিনেমেটিক চমক। আন কেইটা গীত চিনেমা খনৰ গল্পৰ অলংকাৰ মাত্ৰ।
পৰিচালকৰ চিনেশক্তি স্পষ্ট হোৱা আন এটা দিশ– প্ৰতিটো চৰিত্ৰ পৰিপাটিকৈ কাহিনীৰ সৈতে গুথিছে। নায়িকা (প্ৰীতি কংগনাকলৈ নিৰ্মাণ কৰা চৰিত্ৰটো) ৰূপালী গল্পটোত “ফুলদানি” মাত্ৰ। নায়কৰ বিপৰীতে নায়িকাৰ প্ৰয়োজন– ভাৰতীয় চিনেমাৰ এই অলিখিত নিয়মটোৰ তাগিদাতে নিৰ্মণ কৰা হৈছে এই চৰিতটো। কাহিনী শেষ হোৱাৰ কিছু আগতে অৱশ্যে দেখিলোঁ– গুলিবিদ্ধ নায়কৰ অপেক্ষাত আছিল চিকিৎসক নায়িকা! (এনে এখন চিকিৎসালয়, যি খনত চিকিৎসক নায়িকা, আৰু এগৰাকী কৰ্মচাৰিৰ বাহিৰে আন কোনো নাছিল।) যি নহওক, নায়িকাক তেনেদৰেই গুথিলে পৰিচালকে। ৰূপালী গল্পটোৰ প্ৰথম ভাগত অপ্ৰয়োজনীয় বুলি ভবা, বৰ্ণালী পূজাৰীক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোও শেষৰ ফালে কাহিনীৰ অংগ হৈছে। অৰুণ নাথক লৈ নিৰ্মাণ কৰা চলমান খান চৰিত্ৰটো হঠাতে গুথিছে কাহিনীৰ গতিত বাধা নিদিয়াকৈ। তেনেদৰে গুথিছে সিদ্ধাৰ্থ শৰ্মা, প্ৰিয়ম পল্লৱী, ৰীণা বৰা, ৰাজ শৰ্মা আদিয়ে অভিনয় কৰা প্ৰতিটো চৰিত্ৰ। নায়কক বীৰ সজাবলৈ নিৰ্মাণ কৰা চুটি দৃশ্য কেইটাত ফ্ৰেমত ৰখা চৰিত্ৰ কেইটাকো পৰিপাটিকৈ গুথিছে।

পৰিচালক গৰাকীৰ চিনেশক্তি স্পষ্ট হোৱা আন এটা দিশ– চিত্ৰনাট্যকাৰে ৰচনা কৰা দুৰ্বল ৰঘুপতি চৰিত্ৰটোৰ দুৰ্বলতা ঢাকিছে কেমেৰাৰ ভাষাৰ সু-গাণিতিক প্ৰয়োগেৰে।

সম্পূৰ্ণ ৰূপালী গল্পটোত সাহিত্যৰ ভাষা (সংলাপ প্ৰয়োগ)-কেমেৰাৰ ভাষা (শ্বট নিৰ্বাচন, গাণিতিক প্ৰয়োগ) ৰ সমতা ৰক্ষা “শ্ৰী ৰঘুপতি”ৰ চিন সফলতাৰ বা পৰিচালকৰ চিনে দক্ষতা (cinematic skills!)-ৰ আন এটা দিশ।

চিনেমা খনৰ পৰিচালনা শৈলী, গল্প কোৱাৰ মুডৰ কথা মনত ৰাখি এনেদৰে কোৱাৰ প্ৰয়োজন আছে– এনে শৈলীৰ চিনেমাত “cinema realty” অৱান্তৰ বিষয়, দৰ্শকক দিয়া বা দিব পৰা বিনোদন সফলতা-বিফলতাৰ মাপকাঠি।

অভিনয়:
মূল চৰিত্ৰ ৰঘুপতি নিৰ্মাণ কৰিছে ৰবি শৰ্মাক লৈ। সুযোগৰ সৎ ব্যৱহাৰ কৰিছে ৰবিয়ে। পৰিচালকৰ চৰিত্ৰ। চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনীক গতি দিছে পৰিচালকে।

চিনেমা খনত পৰিচালকে শ্ৰেষ্ঠ চৰিত্ৰটো নিৰ্মাণ কৰিছে সিদ্ধাৰ্থ শৰ্মাক লৈ। সিদ্ধাৰ্থ অভিনয় দৰ্শকে মনত লৈ গৈছে। নায়কৰ ভগ্নীৰ চৰিত্ৰত প্ৰিয়ম পল্লৱীয়ে ভাল অভিনয় কৰিছে।
“চলমান খান” অৰুণ নাথক সম্পূৰ্ণ নতুন গেট-আপত নিৰ্মাণ কৰিছে।

আৱহধ্বনি ইত্যাদি:
চিনেমা খনত ব্যৱহাৰ হোৱা আৱহ সংগীতে ৰূপালী গল্পটোৰ বিশেষ আৱেদন শক্তিশালি কৰিছে, পৰিবেশ নিৰ্মাণত সহায় কৰিছে, সৌন্দৰ্য বঢ়াইছে– গতিকে প্ৰণয় দত্তক (আৱহ-সংগীতৰ লগতে চিনেমা খনৰ গীতকেইটিৰ সংগীত ব্যৱস্থাপনা-প্ৰণয় দত্তৰ।) প্ৰশংসা কৰিব পাৰো।

চিনেমা খনৰ বিশেষ অলংকাৰ চৰিত্ৰ বিশেষৰ ওঁঠত ব্যৱহাৰ কৰা ভূপেন হাজৰিকাৰ গীতাংশ। গীতাংশই সংলাপৰ কাম কৰিছে। (কৃতিত্ব পৰিচালকৰ লগতে সংগীত পৰিচালকৰো।)
বিশেষ ধ্বনিকৌশলো (sound effect) চিনেমা খনৰ অলংকাৰ হৈছে।
চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে সম্পাদক আৰু কেমেৰাৰ কামে। কেমেৰাৰ কাম কৰিছে প্ৰদীপ দৈমাৰীয়ে।

Add comment

Leave a Reply

Most popular

Recent posts

The Ultimate Managed Hosting Platform