আৰু এখন শিশু অসমীয়া চিনেমা।
আজি শুভ মহুৰৎ অনুষ্ঠান হৈ যোৱা চিনেমা খনৰ নাম– “হোমৱ’ৰ্ক”। নামতেই বিষয়বস্তু স্পষ্ট।
পৰিচালক: অচিন্ত শংকৰ।
📌অসমীয়া শিশু চিনেমাৰ বাট মুকলি কৰিছিল গৌৰী বৰ্মনে। “অকন” (১৯৮০) নামৰ চিনেমা খনেৰে। পৰিচালকৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য লিখিছিল নিৰোদ চৌধুৰীয়ে। (এই চিনেমা খনে শিশু চিনেমাৰ চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা নাছিল বাবে “শিশু চিনেমা”ৰ তালিকাত নাৰাখিম নে?)
আন এখন শিশু অসমীয়া চিনেমা– “গৰখীয়া” (১৯৯০)। হেমেন দাসৰ পৰিচালনা। হোমেন বৰগোহাঞিৰ একে নামৰ গল্পৰ ৰূপালী গল্প।

এই একেটা বছৰতে চিত্ৰগৃহলৈ আহিছিল আন এখন শিশু চিনেমা– “অবুজ বেদনা’। গুণসিন্ধু হাজৰিকাৰ পৰিচলনা। ইয়াৰ পাছৰ সময় চোৱাত নিৰ্মাণ হয় ব্ৰজেন বৰা পৰিচালিৰে “শ্ৰীমান মাইমন”, জাহ্নু বৰুৱাৰ পৰিচালনাৰে “তৰা” (২০০৪/ চিলড্ৰেনছ ফিল্ম ছ’ছায়টি, ইণ্ডিয়াৰ প্ৰযোজনা।), ৰতন শীল শৰ্মাৰ পৰিচালনাৰে “মাৰ্কশ্বিট” (২০১৮), হীৰেণ বৰাৰ পৰিচালনাৰে “ক্ষোভ” (২০১৭), সঞ্জীৱ হাজৰিকাৰ পৰিচালনাৰ নিৰ্মিত “বকুল ফুলৰ দৰে” (২০২৩)।
📌(*অবুজ বেদনা, *তৰা –শিশু চিনেমা।
আমাৰ মনলৈ অহা প্ৰশ্ন– ব্ৰজেন বৰুৱাৰ “মুকুতা”, জাহ্নু বৰুৱাৰ
“পখী”, “কনিকাৰ ৰামধেনু”, উৎপল বৰপূজাৰীৰ “ঈশ্বু”, বিশ্বজিৎ বৰা “বুম্বা ৰাইড” কিয় শিশু চিনেমা নহয়?)
আহিছো অচিন্ত শংকৰৰ “হোমৱ’ৰ্ক”লৈ।

অচিন্তৰ চিনেকৰ্ম চাইছো। চিনেক্ষমতা থকা পৰিচালক। পৰিশ্ৰম কৰা, কৰিবপৰা চিনেকৰ্মী।
পৰিচালক গৰাকীৰ চিনকৰ্ম অনেক, পৰিচালনা কৰা চিনেমাৰ সংখ্যা এক– “প্ৰতিঘাত” (২০১৯)। স্থানীয় বজাৰত সফলতা আশা কৰিব পৰা চিনেমা। কিন্তু পৰিচালক গৰাকীৰ বাবে, চিনেমা খনৰ বাবে “সময়” ঠিক নাছিল! চিনেমা খনে বাণিজ্যিক গতি লোৱাৰ সময়তে “কা আন্দোলন” আৰম্ভ হৈছিল। আৰু তাৰ পাছতে “লকডাউন সময়”। সেই সময়ত চিনেমাৰ, অসমীয়া চিনেমাৰ যিমান ক্ষতি হৈছিল,তাতকৈ বেছি ক্ষতি হৈছিল– অচিন্তৰ। (চিনে কেৰিয়াৰ আৰম্ভ হৈছিল হে! আৰম্ভনীতে –উজুটি। লেং মাৰিলে “সময়ে”!)
–স্বাভাৱিকতে হতাশ হৈছিল অচিন্ত শংকৰ। চিনেমাৰ কাম হাতত লোৱা নছিল। আমাৰ ধাৰণা আছিল, অচিন্তই যেতিয়া চিনেমাৰ কাম হাতত ল’ব, নিশ্চয় “প্ৰতিঘাত”ৰ দৰেই (শৈলী, বিষয়বস্তু) ল’ব। কিন্তু ল’লে সম্পূৰ্ণ বেলেগ শৈলী, বিষয়বস্তুৰ চিনেমা। (ব্যাখ্যাৰ প্ৰয়োজন আছে জানো– “হোমৱ’ৰ্ক” শিশু চিনেমা যেতিয়া পৰিচালনা শৈলী, বিষয়বস্তু “প্ৰতিঘাত”ৰ ওচৰৰ নহব।)
–আচিন্তই এনে সময়ত শিশু চিনেমা খনৰ কাম হাতত ল’লে, যিটো সময়ত “প্ৰতিঘাত” শৈলীৰ অসমীয়া চিনেমা এখনে (শ্ৰী ৰঘুপতি) স্থানীয় বজাৰত দপদপাই আছে।
ইয়াৰ কাৰণ?
আমি ব্যাখ্যা কৰিব পাৰো এনেদৰে– বজাৰ চিন্তাতকৈ চিনে চিন্তাক গুৰুত্ব দিয়া চিনেকৰ্মী অচিন্ত। হয়তো চিনেমাৰে সামাজিক দায়বদ্ধতা পালনৰ স্বাৰ্থত লৈছে “হোমৱ’ৰ্ক”।
Add comment