পানীপথ যুদ্ধৰ বাবে সাজু অৰ্জুন কাপুৰ। নিজক এজন যোদ্ধা সদৃশ উপস্থাপন কৰাত ব্যস্ত হৈ পৰিছে অভিনেতা অৰ্জুন কাপুৰ। ২০১২ চনত তেওঁৰ প্ৰথমখন চিনেমা “ঈশকজাদে” ৰ পিছৰ পৰাই অভিনেতা গৰাকীয়ে কেইবাখনো চিনেমাত কৰা নিজ অভিনয়ৰে দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছে।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আশুতোষ গোৱাৰিকৰ আহিবলগীয়া ছবি “পানীপথ” ৰ বাবে নিজকে সাজু কৰিছে এতিয়া অভিনেতা অৰ্জুনে। নিজৰ ওজন কমোৱাৰ লগতে দেহৰ ৰঙৰ ওপৰতো কাম কৰিছে অভিনেতা গৰাকীয়ে। তেওঁৰ মতে, “দৰ্শকে মোক চাবলৈ ৫০০ টকা খৰচ কৰিব,গতিকে সেই ৫০০ টকাৰ মূল্য মই দিব পাৰিব লাগিব।” লগতে তেওঁ কয় যে “দৰ্শকে যিহেতু মোক বা চিনেমাখন চাবলৈ ৫০০ টকা দিব গতিকে তেওঁলোকে নিশ্চয়কৈ মোক চিনেমাখনৰ বিষয়বস্তুৰ লগত জড়িত এটা চৰিত্ৰত চাব খুজিব। ফলত মই নিজকে তেনেকৈয়ে উপস্থাপন কৰিব লাগিব।”

অভিনেতাগৰাকীয়ে উক্ত ছবিখনৰ বাবে কৰা কষ্ট বা কঠোৰ পৰিশ্ৰম দেখি ছবিখনৰ পৰিচালকো সন্তুষ্ট হৈ পৰিছে। বিগত সময়ত তেওঁ শাৰিৰীক ভাৱে কিছু অসুস্থ আছিল যদিও বৰ্তমান তেওঁ একেবাৰে “ফিট এণ্ড ফাইন” বুলিও ব্যক্ত কৰে।
Add comment