প্ৰত্যেক দিনাই যেন সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে বলীউডৰ এই অভিনেত্ৰীগৰাকী। তেওঁৰ চিনেমাতকৈ অধিক চৰ্চিত হৈছে তেওঁ নিজেই। পিছে,ধৰিব পাৰিছে নে কোন এইগৰাকী বলীউড অভিনেত্ৰী?? হয়, ঠিকে ধৰিছে! অভিনেত্ৰী গৰাকীৰ নাম হৈছে কংকনা ৰানাৱট।


নিত্য-নতুন সমস্যা অথবা “কণ্ট্ৰভাৰছি” ৰে জৰ্জৰিত হৈ থকা এই অভিনেত্ৰী গৰাকীৰ আগন্তুক ছবিখনৰ ট্ৰেইলাৰ মুকলি সময়ত সাংবাদিকৰ লগত হোৱা বাকযুদ্ধৰ পিছত এতিয়া অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াক সমল হিচাপে ব্যৱহাৰ কৰি আপলোড কৰিছে এটা ভিডিঅ। ভিডিঅটিত অভিনেত্ৰী গৰাকীয়ে সাংবাদিকক “দেশদ্ৰোহী” আখ্যা দিয়াৰ লগতে “দুমুখীয়া লোক” আৰু অকণমান টকাৰ স্বাৰ্থত নিজক বিক্ৰী কৰা সাংবাদিক বুলিও মত প্ৰকাশ কৰে। “এণ্টাৰটেইনমেণ্ট গীল্ড অফ ইণ্ডিয়া” ই অভিনেত্ৰী গৰাকীৰ অপ্ৰীতিকৰ ব্যৱহাৰৰ বাবে তেওঁৰ চিনেমা অথবা অন্যান্য কোনো কভাৰেজ ৰ পৰা বিৰত থাকিম বুলি কোৱাৰ পিছতেই কংকনা ৰাণাৱটে আপলোড কৰিছে উক্ত ভিডিঅ’ টি। সমান্তৰালকৈ, অভিনেত্ৰী গৰাকীয়ে দেশৰ উদ্দেশ্য মিডিয়া অস্বাস্থ্যকৰ অথবা তেওঁলোকে দেশৰ ভাল বিচাৰ নকৰে বুলি মত প্ৰকাশ কৰাৰ লগতে প্ৰেছ কনফাৰেঞ্চ ত বিনা টকাত খাদ্য খাবলৈ অহা তথা ৫০ টকাত বিক্ৰী যোৱা মিডিয়া বুলিও ভিডিঅ’টোৰ জৰিয়তে নিজ মতামত ব্যক্ত কৰে।

উল্লেখ্য যে, বালাজী ফিল্ম অথবা কংকনাৰ ফালৰ পৰা লিখিত হিচাপে ক্ষমা বিচৰা হৈছিল যদিও কেৱলমাত্ৰ বালাজী ফিল্ম অৰ্থাৎ একতা কাপুৰৰ পৰাহে “এণ্টাৰটেইনমেন্ট গীল্ড অৱ ইণ্ডিয়া” ক প্ৰদান কৰা হ’ল ক্ষমাপত্ৰ।
Add comment