Rupaliparda.com

“চট্টে পে চট্টা” ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা-

ড্ৰীম গাৰ্ল হেমামালিনী অভিনীত চিনেমা “চট্টে পে চট্টা” ৰ হ’ব “ৰিমেক”। ফাৰাহ খানৰ পৰিচালনা তথা ৰোহিট চেট্টীৰ প্ৰযোজনাৰে আহিবলগীয়া উক্ত চিনেমাখনৰ নতুন সংস্কৰণত অভিনয় কৰিব ঋত্বিক ৰোশন লগতে দীপিকা পাডুকন।

"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 1
"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 2
"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 3


আগন্তুক ১২ জুলাইত মুক্তিপাবলগীয়া ছবি “চুপাৰ-৩০” ৰ বাবে বলীউড জগতত চৰ্চাত আছে অভিনেতা ঋত্বিক ৰোশন। সেইবাবেই হয়তো “চট্টে পে চট্টা” ৰ ৰিমেকত শ্বাহৰুখ,ছলমান অথবা অক্ষয় কুমাৰৰ নাম অহা তৎস্বত্বেও বাছি লোৱা হ’ল ঋত্বিক ৰোশনক। ইয়াৰ লগতে, ড্ৰীম গাৰ্লৰ সুন্দৰতা আৰু অভিনয়ৰ লগত প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো অভিনেত্ৰীয়ে অহা নাই যদিও দীপিকা পাডুকনে “চট্টে পে চট্টা” ৰ হেমামালিনীৰ অভিনয়ক সুন্দৰ ৰূপত ফুটাই তুলিব বুলি আশা প্ৰকাশ কৰিছে এতিয়া পৰিচালক লগতে প্ৰযোজকে।

"চট্টে পে চট্টা" ৰ ৰিমেকঃঅভিনয়ত ঋত্বিক-দীপিকা- 4

Add comment

Leave a Reply