Rupaliparda.com
কৱীৰৰ "ডিমাণ্ড" ৩৫ কোটি টকাঃ 1

কৱীৰৰ “ডিমাণ্ড” ৩৫ কোটি টকাঃ

কৱীৰ সিং ৰ প্ৰমোচনৰ সময়চোৱাত অভিনেতা শ্বাহিদ কাপুৰে কাম নোপোৱা বা ফিল্ম নথকাৰ কথা উল্লেখ কৰিছিল। কিন্তু, কৱীৰ সিং ৰ অভূতপূৰ্ব সফলতাৰ পিছত অভিনেতাগৰাকীয়ে একোখন চিনেমাৰ বাবদ বিচাৰিছে প্ৰায় ৩৫ কোটিকৈ টকা।

কৱীৰৰ "ডিমাণ্ড" ৩৫ কোটি টকাঃ 2
কৱীৰৰ "ডিমাণ্ড" ৩৫ কোটি টকাঃ 3
কৱীৰৰ "ডিমাণ্ড" ৩৫ কোটি টকাঃ 4


“কৱীৰ সিং”- এ ২০০ কোটি টকীয়া নতুন ৰেকৰ্ড সৃষ্টি কৰিছে বস্ক অফিচত। চিনেমাখনৰ এনে সফলতাৰ সমান্তৰালকৈ শ্বাহিদ কাপুৰৰ কেৰিয়াৰৰ গ্ৰাফ ডালেও এক উচ্চতা চুমিবলৈ সক্ষম হ’ল। দৰ্শক অথবা সমূহ বলীউড জগত খনৰ সৈতে জড়িত পৰিচালক,প্ৰযোজক অথবা অভিনেতা-অভিনেত্ৰী সকলেও শ্বাহিদ কাপুৰৰ অভিনয়ৰ প্ৰশংসা কৰাৰ পিছতেই অভিনেতা গৰাকীয়ে নিজ অভিনয়ৰ “ডিমাণ্ড” বঢ়াই কৰিলেগৈ ৩৫ কোটি টকা। ইয়াৰ লগতে,অভিনেতা গৰাকীয়ে নিজ অনুৰাগীসকলক ধন্যবাদ জনায় এটা পোষ্টৰ জৰিয়তে য’ত তেওঁ আহিবলগীয়া চিনেমাত ভুলৰ শুধৰণি কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কৱীৰৰ "ডিমাণ্ড" ৩৫ কোটি টকাঃ 5

Add comment

Leave a Reply